এঅঁৰা স্তৱক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 2, 2022

এঅঁৰা স্তৱক

 



এঅঁৰা স্তৱক

                             ৰূপজ্যোতি গগৈ 


      (১)

সন্ধিয়াৰ আৰতি 

বোধৰ উন্মেষ 

বুদ্ধত্বৰ স্বপ্নীল অন্বেষণ নে 

জীৱন জীজ্ঞাসাৰ পানীৰঙী দাপোন! 

   

     (২)

চ'তৰ বতাহত

গুণগুণাই বৈ আহে সৰাপাতৰ বনৰীয়া ঘ্ৰাণ

ধূলিয়ৰি জীৱন

ধূলিতে সপোন ধূলিতে অন্তিম শয়ন

জানিও নাজানি

বাসন্তী কুসুমলৈ অতৃপ্ত আবেদন।

      (৩)

ৰঙা শিমলুৱে ফুচফুচাই কি কথা ক'লে

দেহে-প্ৰাণে বিয়পিল

বৰষুণৰ সেন্দুৰীয়া বৰণ

আহ! কি যে মিঠা! কি যে কোমল!

      (৪)

যাওঁ বুলিয়েই গুচি যায়

আলসুৱা অনুভৱী সময়

হিয়াৰ অতলত থৈ যায়

শূন্যতা, পূৰ্ণতা নে মাটি-মিঠা ঝংকাৰিত হৃদয়! 




ঠিকনা:

বৰকাঠনি চাহবাগিচা, গোলাঘাট ।

ফোন নং -  ৯৬৭৮৭০৭৪০০ 

পিন নং - ৭৮৫৬২৬



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages