প্ৰেমৰ কবিতা
পৰাগজ্যোতি মহন্ত
প্ৰেমত পৰি প্ৰথমে আমি নিজকে হেৰুৱাব লগা হয়
গন্তব্যৰ গইনা লৈ গৈ থাকোঁ
প্ৰেমত পৰাৰ পিছত আমি হৈ উঠোঁ একোজন আৱিষ্কাৰক
নিজৰে তৰপে তৰপে বিচাৰি থাকোঁ নিজকে
প্ৰেমত পৰাৰ পিছৰে পৰা আমি এই কথা জনা হওঁ
যে প্ৰেমতেই ঘূৰি আছে পৃথিৱী প্ৰেমৰ কাৰণেই জিলিকি উঠে
কত নক্ষত্ৰ কত কি !
এই কথা প্ৰেমত পৰাৰ পিছৰে পৰা আমি জানিবলে’ লওঁ
আৰু নিজকে নিৰাওঁ,ছাঁ দিওঁ প্ৰেমত পৰিলে
নিজকে এখন আইনাৰ আগত থিয় কৰাই খুঁটিয়াই চাওঁ
শৰীৰ গৱেষণাগাৰত পৰীক্ষণ,উদ্ভাৱন
সূত্ৰ নিতউ নতুন
ভাবি ভাবি পৃথিৱীৰ সমস্ত ভাবনাক নিজৰ কৰোঁ,যতনাওঁ নিজকে
আৰু পৃথিৱীৰ আটাইতকৈ ধুনীয়া বুলি নিজকে পতিয়ন নিয়াওঁ
পৃথিৱী নামৰ ঘূৰণীয়া গোলকটোৰ সমতলৰ কোনো প্ৰান্তীয় চহৰত মেলি ধৰোঁ নিজৰ ভিতৰতে
জাগি থকা সকলো চেতনাক
ফোন - ৯১০১০৫১৯৬৭
No comments:
Post a Comment