কেৰিয়াৰ হিচাপে নাৰ্ছিং
ড° বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমান ভাৰতবৰ্ষত নাৰ্ছিং (Nursing) এটা আকৰ্ষণীয় কেৰিয়াৰ । চিকিৎসালয়, নাৰ্ছিং হোম আদিত নাৰ্ছসকলে ৰোগীসকলক শুশ্ৰূষা কৰে । ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বৃদ্ধি হোৱাৰ ফলত কেৰিয়াৰ হিচাপে নাৰ্ছিঙৰ গুৰুত্ব বাঢ়িব ধৰিছে । চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম, ক্লিনিক, ডায়েগন'ষ্টিক চেণ্টাৰ, লেবৰেটৰী আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত নাৰ্ছৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে । নাৰ্ছিঙৰ বিভিন্ন পাঠ্যক্রম আছে , যেনে - অক্সিলিয়াৰি নাৰ্ছিং এণ্ড মিডৱাইফৰি (এ এন এম) [Auxiliary Nursing and Midwifery(ANM)], জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফৰি (জি এন এম) [General Nursing and Midwifery(GNM)], বি এছ চি নাৰ্ছিং (বেচিক) [B.Sc. Nursing(Basic)], বি এছ চি নাৰ্ছিং (পোষ্ট বেচিক) [B.Sc. Nursing(Post Basic)], এম এছ চি নাৰ্ছিং (M.Sc. Nursing) , এম.ফিল. ইন নাৰ্ছিং (M.Phil. In Nursing), পি.এইচ.ডি. ইন নাৰ্ছিং (Ph.D in Nursing) , ডিপ্লো’মা ইন ছাইকেট্রিক নাৰ্ছিং (Diploma in Psychiatric Nursing) , ডিপ্লো’মা ইন ক্ৰিটিকেল কেয়াৰ নাৰ্ছিং (Diploma In Critical Care Nursing), পোষ্ট বেচিক ডিপ্লো’মা (Operation Room Nursing, Cardio Thoracic Nursing, Neurology Nursing, Midwifery Nursing, Psychiatric Nursing, Critical Care Nursing, Emergency & Disaster Nursing, Oncology Nursing, Ortho and Rehabilitation Nursing, Geriatric Nursing, Neonatal Nursing, Forensic Nursing, Haematology Burn & Reconstructive Surgery Nursing – Residency Programme) আদি ।
দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো নাৰ্ছিঙৰ শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে । নাৰ্ছিঙৰ স্নাতক (B.Sc. Nursing) আৰু স্নাতকোত্তৰ (M.Sc. Nursing) পাঠ্যক্রম পঢ়াৰ সুবিধা থকা তথা অসম চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ (https://dme.assam.gov.in) অধীনৰ কেইখনমান শিক্ষানুষ্ঠানৰ বিষয়ে তলত উল্লেখ কৰা হ’ল ।
গুৱাহাটীত অৱস্থিত আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ত স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৬০ খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৫খন । নাৰ্ছিঙৰ স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ'ল - Medical Surgical Nursing, Obstetrics and Gynecology Nursing, Child Health (Pediatric Nursing), Mental Health (Psychiatric)Nursing আৰু Community Health Nursing ।
ডিব্রুগড় নাৰ্ছিং মহাবিদ্যালয়ত নাৰ্ছিঙৰ স্নাতক পাঠ্যক্রম পঢ়াৰ সুবিধা আছে আৰু আসনৰ সংখ্যা ৬০ খন ।
শিলচৰ নাৰ্ছিং মহাবিদ্যালয়ত নাৰ্ছিঙৰ স্নাতক পাঠ্যক্রম পঢ়াৰ সুবিধা আছে আৰু আসনৰ সংখ্যা ৬০ খন ।
এই মহাবিদ্যালয়কেইখনত নাৰ্ছিঙৰ স্নাতক (B.Sc. Nursing) পাঠ্যক্ৰমত নাম ভৰ্ত্তিৰ বাবে এটা বাছনি পৰীক্ষা হয় আৰু এই বাছনি পৰীক্ষা “শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ (http://ssuhs.in)”য়ে পৰিচালনা কৰে । এই বাছনি পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীগৰাকী মহিলা হ'ব লাগিব , এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে নাৰ্ছিঙৰ পাঠ্যক্রমৰ বাবে কিছুমান শিক্ষানুষ্ঠানত পুৰুষ প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰে । প্ৰাৰ্থীগৰাকীৰ উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত ইংৰাজী এটা বিষয় হিচাবে থাকিব লাগিব আৰু পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানত নূন্যতম ৫০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগে । অনুসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীয়ে নূন্যতম ৪০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগে । পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ৩১ ডিচেম্বৰত প্রাৰ্থীৰ বয়স ১৭ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগে । অনুসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বাবে তিনি বছৰ বয়সৰ ৰেহাই আছে।
আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়, গুৱাহাটীত নাৰ্ছিঙৰ স্নাতকোত্তৰ(M.Sc. Nursing) পাঠ্যক্ৰমত নাম ভৰ্ত্তিৰ বাবেও এটা বাছনি পৰীক্ষা হয় আৰু এই বাছনি পৰীক্ষা “শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ (http://ssuhs.in)”য়ে পৰিচালনা কৰে।
তেজপুৰৰ Lokopriya Gopinath Bordoloi Regional Institute of Mental Health (http://www.lgbrimh.gov.in) ত নাৰ্ছিঙৰ স্নাতকোত্তৰ(M.Sc. in Psychiatric Nursing) পাঠ্যক্রমত আসনৰ সংখ্যা ১২ খন আৰু ডিপ্লো’মা [Diploma in Psychiatric Nursing (DPN)] পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন । এই শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ সবিশেষ তথ্য জানিবৰ বাবে শিক্ষাৰ্থীসকলে ৱেবছাইটত চাব পাৰে ।
ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতো নাৰ্ছিঙৰ স্নাতক (B.Sc. Nursing) আৰু নাৰ্ছিঙৰ স্নাতকোত্তৰ(M.Sc. Nursing) পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে । ।
অসম চৰকাৰৰ অধীনত “জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফৰি (জি এন এম)”ৰ ট্ৰেইনিং স্কুল কামৰূপ (মহানগৰ), ডিব্ৰুগড় , কাছাৰ, যোৰহাট , বৰপেটা , শোণিতপুৰ, নলবাৰী, নগাঁও , লখিমপুৰ,শিৱসাগৰ,ধুবুৰী, ধেমাজি, তিনিচুকীয়া, গোলাঘাট, গোৱালপাৰা, মৰিগাঁও, কৰিমগঞ্জ, হাইলাকান্দি , দৰং , কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলাত আছে । ইয়াৰ উপৰিও আমাৰ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ কেইবাখনো শিক্ষানুষ্ঠানত জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফৰি (জি এন এম) পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে আৰু এই শিক্ষানুষ্ঠানবোৰ নাম জানিবৰ বাবে শিক্ষাৰ্থীসকলে অসম নাৰ্ছিং পৰিষদ (http://assamnursingcouncil.in)ৰ ৱেবচাইট চাব পাৰে । জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফৰি (জি এন এম) হ'ল চাৰে তিনি বছৰীয়া ডিপ্লো’মা পাঠ্যক্রম আৰু নাম ভৰ্ত্তি বৰ্ষৰ ৩১ ডিচেম্বৰত প্রাৰ্থীৰ বয়স ১৭ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগে । এই পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে প্ৰাৰ্থীগৰাকীয়ে উচ্চতৰ মাধ্যমিক (বিজ্ঞান শাখা) চূড়ান্ত পৰীক্ষাত ইংৰাজী , পদাৰ্থ বিজ্ঞান , ৰসায়ন বিজ্ঞান আৰু জীৱ বিজ্ঞানত নূন্যতম ৪০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগে ,উচ্চতৰ মাধ্যমিক কলা শাখাত নূন্যতম ৪০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগে অথবা অক্সিলিয়াৰি নাৰ্ছিং এণ্ড মিডৱাইফৰি (এ এন এম) পাঠ্যক্রমত ৪০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগে ।
ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানতো নাৰ্ছিঙৰ “জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফৰি (জি এন এম)” পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।
অসমৰ চৰকাৰৰ অধীনত “অক্সিলিয়াৰি নাৰ্ছিং এণ্ড মিডৱাইফৰি (এ এন এম)”ৰ ট্ৰেইনিং স্কুল কামৰূপ (মহানগৰ),ডিব্ৰুগড় , যোৰহাট,নগাঁও , মৰিগাঁও ,লখিমপুৰ ,দৰং , ধুবুৰী, কোকৰাঝাৰ, ডিমা হাছাও,কাৰ্বি আংলং ,শিৱসাগৰ,শোণিতপুৰ, বৰপেটা,নলবাৰী, গোৱালপাৰা, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত আছে । ইয়াৰ উপৰিও আমাৰ ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ কেইবাখনো শিক্ষানুষ্ঠানত অক্সিলিয়াৰি নাৰ্ছিং এণ্ড মিডৱাইফৰি (এ এন এম)ৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে আৰু এই শিক্ষানুষ্ঠানবোৰ নাম জানিবৰ বাবে শিক্ষাৰ্থীসকলে অসম নাৰ্ছিং পৰিষদ (http://assamnursingcouncil.in)ৰ ৱেবচাইট চাব পাৰে । অক্সিলিয়াৰি নাৰ্ছিং এণ্ড মিডৱাইফৰি (এ এন এম) হ'ল দুবছৰীয়া ডিপ্লো’মা পাঠ্যক্রম আৰু নাম ভৰ্ত্তি বৰ্ষৰ ৩১ ডিচেম্বৰত প্রাৰ্থীৰ বয়স ১৭ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগে । এই পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে প্ৰাৰ্থীগৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ কলা বা বিজ্ঞান শাখাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে ।
অসম তথা ভাৰতৰ অন্যান্য ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানত নাৰ্ছিঙৰ বিভিন্ন পাঠ্যক্রমত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানবোৰৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ বিষয়ে জানি ল’ব লাগে । এই তথ্যবোৰৰ অসমৰ চৰকাৰৰ চিকিৎসা শিক্ষা সঞ্চালকালয় (http://dmeassam.gov.in) , শ্রীমন্ত শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয় (www.ssuhs.in), অসম নাৰ্ছিং পৰিষদ (http://assamnursingcouncil.com) আৰু ভাৰতীয় নাৰ্ছিং পৰিষদ (http://www.indiannursingcouncil.org) আদিৰ ৱেবচাইটৰ পৰা শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰে ।
নাৰ্ছিঙৰ যিকোনো পাঠ্যক্রম অধ্যয়ন কৰি এক নিশ্চিত নিয়োগৰ সুবিধা আশা কৰিব পাৰি । চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম, ক্লিনিক, ডায়েগন'ষ্টিক চেণ্টাৰ, লেবৰেটৰী আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত নাৰ্ছৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে । নাৰ্ছিঙৰ শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিযুক্তি লাভ কৰিব পাৰে, যেনে- চৰকাৰী চিকিৎসালয় , ব্যক্তিগত খণ্ডত নাৰ্ছিং হোম, ক্লিনিক, ডায়েগন'ষ্টিক চেণ্টাৰ, লেবৰেটৰী , শিক্ষানুষ্ঠান , উদ্যোগ , অনাথাশ্ৰম , বৃদ্ধাশ্রম তথা চিকিৎসা বিষয়ৰ লগত জড়িত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ NGO বোৰেও নাৰ্ছ নিযুক্তি দিয়ে । নাৰ্ছিঙৰ শিক্ষানুষ্ঠানত শিক্ষক হিচাপেও কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । ইয়াৰ উপৰিও নাৰ্ছ এগৰাকীয়ে ইচ্ছা কৰিলে স্বাধীন ভাবে নাৰ্ছিঙৰ সেৱা আগবঢ়াব পাৰে ।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।
No comments:
Post a Comment