পানীৰঙী চিত্ৰ
ববী দত্ত
টীয়ক
শ্ৰেয় সৌন্দৰ্যৰ প্ৰতি গভীৰ অনুৰাগ আছে বাবেই
নিজকে সজাব বিচাৰোঁ আকাশৰ দৰে
মনবোৰ আকাশৰ দৰে হ'লেই
ফেঁহুৰঙী বকুল ফুলে
আন্ধাৰতো পোহৰে পোখা মেলে চিন্তা আৰু বিস্তৃতিৰ গভীৰতাৰে
চিনাকি সাজযোৰ উজলি উঠে।
সাগৰৰ দৰেই গভীৰতাৰে ভৰা কথাবোৰ
জিভাৰ আগত উফৰি নপৰে
জুখি মাখি কথাকোৱা সময়বোৰ আৰু মানুহবোৰ
প্ৰতি মুহূৰ্ততে ৰূপবিশিষ্ট বুলি দিনলিপিৰ পাতত লিপিবদ্ধ।
হৃদয়খোলা হাঁহিৰে জীৱন জিনি
যন্ত্ৰণা আৰু বিষাদবোৰ ঢাকিব পাৰি আলাসতে
সকলোৱেইতো আপোন
আত্মীয়তাৰ জৰীৰে বান্ধিব জানিলে
জীৱন আৰু সম্পৰ্কবোৰ
মৌমিঠা সুখৰ চানেকি!
হৃদয়হীন ব্যক্তিয়ে বুজি নাপায় অনুভূতিৰ মৰ্যদা আৰু প্ৰেমৰ স্বৰলিপি
অন্যজনৰ সুখত সুখী আৰু দুখত দুখী হোৱা মানুহ বিচাৰি ফুৰিলে পোৱা যায় আঙুলিৰ পাবত
সহমৰ্মিতা প্ৰয়োজন জীৱনৰ বাবে।
সম্পত্তিৰ হেঁচাত জীৱনে কষ্ট পায় বুলি এবাৰো অনুভৱ কৰি নাচাওঁ
মাথোঁ টানি টানি জীৱনটোক দীঘল কৰিবলৈ আপ্ৰাণ চেষ্টা কৰোঁ
জীৱনে নিদিয়ে জীৱনৰ ঠিকনা বিচিত্ৰ
কাৰণ জীৱন এক পানীৰঙী চিত্ৰ।
No comments:
Post a Comment