ৰাতিৰ শ্লগান
স্বপ্নম জ্যোতি কলিতা
গোলাঘাট
কালি আকাশ এখন
খহি পৰিছিল মূৰত
গোটেই ৰাতি জুৰুলি-জুপুৰি
চিকুণ পুৱা
হৰি হৰি ইমান আৰ্তবেদনা !
জিলিৰ মাতে কঁপাই আছিল
মাজনিশাৰ নিৰৱতা
সৰা ফুলৰ পাহি
অথচ
শিলতকৈ কঠিন
কোনোবাই কৈছিল হৃদয়
- ফুলৰ
সেই ধূলি-ধুমুহা , ক'লা-কোলাহল
যেন উৰুৱাই এই নিম এই নিম
পথৰ দাঁতিৰ জুই
আকৌ জানো জ্বলিব
নুমাই যোৱা বুৰঞ্জী
মাটিৰ মমতাত
পাত-চোত নাইকিয়া
চেঁচুকত ফুলি উঠা বগা ফুলপাহ
মৰ্মতকৈ
তাতো কি আনন্দ আছে
অশতিপৰ
বিৰহ বিচ্ছেদে নিচুকাই থকা
অথিৰ সন্ধিয়াত
ইমান সৰল এই শোক !
ঠিকনা :
স্বপ্নম জ্যোতি কলিতা
জিলা: গোলাঘাট
গাওঁ: বেজগাওঁ
মাৰফৎ: তিখাচুক নামঘৰৰ সমীপত
ডাক: বৰুৱা বামুন গাওঁ (ধোদাং)
পিন নং: ৭৮৫৬১৮
ফোন নং: ৬০০১৬০৯৩৫৯
No comments:
Post a Comment