হালধীয়া দুপৰ
গুনোজীৎ দাস
জানিছিলোঁ
এদিন হালধীয়া হৈ সৰিব দুপৰ
চাল কোমোৰাৰ পিঠি বগোৱা দুপৰ
পানীপোটাৰ চকু নিয়া দুপৰ
ৰাতি ৰাতি নিগনীটোক মাটিছোঁ
টোপনিত সি এৰি গল ৰ'দত তিতা হালধীয়া আইনা
আইনাত দেখিছোঁ ওভতনিৰ হেজাৰটা প্ৰতিবিম্ব
লুটি বাগৰ দি থকা সৰাপাতৰ পৰাই
উভটিছে নিগনীবোৰ
প্ৰতিবেশী দন্ত ডক্তৰ
গুৰি দাঁত কুটি খোৱা দুয়োৰে দুটা নিগনী
ইটোৱে সিটোক নেদেখি
বাটৰ খেজুৰ বাটত মজিল
ৰাতি ৰাতি ঘৰৰ নিগনীবোৰ খেদি ভাগৰি পৰা
দন্ত চিকিৎসক,
কবিৰ দুপৰৰ আইনাত হালধীয়াৰ
প্ৰতিফলন
জানিছিলোঁ
এদিন হালধীয়া হৈ সৰিব
দুপৰৰ পহৰাদাৰ
দন্ত্য দ এটিৰ দৰে শুই পৰিছে
দুপৰৰ চোতাল
দুপৰ টেঙাৰ ৰ'দ চেপি
জুশালৰ অঘৰী জীউ উৰি গ'ল
ঘৰে চোতালে বিস্তাৰিত নিগনিৰ দাঁতে কুটিছে কাল,
দন্ত্য দ'ৰ সকাম পাতি
টোপনিত টোপনিয়াই থাকিল
নিগনি চকু এটাৰ হালধীয়া দুপৰ
ফোন- ৭৮৯৬৭৪৮৯৮৬
No comments:
Post a Comment