চিৰসত্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 2, 2022

চিৰসত্য

 


চিৰসত্য

                   নন্দেশ্বৰ মিলি


মৃত্যুতো হ'বই এদিন আমাৰ

এইটো শাশ্বত..চিৰসত্য

যদি এতিয়াই তাৰ বাবে

কৰি থাকোঁ শোক-বেদনা

কিবা থাকিব জানো

জীৱনৰ অৰ্থ।


এদিন যাবই লাগিব

তুমি-মই -আমি সকলোৱে

অজান-অজ্ঞান সেই দেশলৈ

য'ত নাথাকিব কোনো

আন্ধাৰ-পোহৰ

য'ত নাথাকিব আমাৰ

সুখ-দুখৰ বিচাৰ।


তাৰ আগতে আমি

এই বিশাল বসুধাৰ বুকুত

ৰুই যাব লাগিব 

ভালপোৱা-বিশ্বাসৰ কঠীয়া

য'ত লহপহকৈ বাঢ়ি আহিব

মানৱতাৰ বিৰিখ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages