সেউজীয়া হ'ব খোজা মানুজন
অনুভৱ প্ৰিয়ম মিৰি
সেউজীয়াৰ সন্ধান বিচাৰি
তেওঁ সেউজীয়া হ'ব খোজে
অথচ তেওঁ সেউজীয়া হ'ব পৰা নাই
সেউজীয়া হ'ব নোৱাৰাৰ দুখত
তেওঁ মনে মনে উচপে
সেউজীয়া হোৱাৰ ভৰপক সন্ধিক্ষণত
বাৰিষাৰ বানে বুৰাই পেলায়
বর্ষামুখৰ দুয়োপাৰ
বানে সেউজীয়াবোৰ শুহি শুহি খায়
চকুৰ আগতে উটুৱাই লৈ যায়
ঘৰৰ সকলো সেউজীয়া সুখৰ ঠিকনা
জলডুবা খেতিবোৰ চাই চাই
বানত সপোন হেৰুৱা মানুহৰ দৃশ্য চাই চাই
সেউজীয়া হ'ব খোজা মানুজন
দুখত মৰ্মাহত হৈ পৰে
বান আৰু দুখবোৰ নেওচি
সেউজীয়া হ'ব খোজা মানুজন
ৰাতিৰ লতা হৈ বগাই
সহায় কৰে বানপীড়িতক
ক্ৰমশঃ বান শুকাইছিল
বর্ষামুখলৈ আগমন হৈছিল শৰৎ হেমন্ত
সৰিয়হ ফুলবোৰ ফুলি উঠিছিল
খেতিয়কৰ পথাৰে পথাৰে
সুখত হাঁহিবোৰ সেউজীয়া হৈছিল
খেতিয়কৰ মুখে মুখে....
সেউজীয়া হ'ব খোজা মানুহজন
এদিন সেউজীয়া হৈছিল
বটবৃক্ষৰ দৰে ছাঁ দিছিল
তেওঁৰ ছাঁত বহুজনে জিৰণি লৈছিল
ছাঁৰ সেউজীয়া উম লৈ লৈ
বহুজনে সেউজীয়া হৈছিল
এদিন হঠাৎ কাল ধুমুহাই
চিৰদিনৰ বাবে উভালি থৈ গ'ল
সেউজীয়া বটবৃক্ষক !
No comments:
Post a Comment