ধিক্কাৰ এই জীৱন
চিন্ময় ডেকা
টংলা, ওদালগুৰি
পঢ়ি শুনি
বৰ মানুহ নহ'ল
জানোঁছা সৰু মানুহ
তেনেই নগণ্য কৰ্ম কৰি
জীৱনত আগবাঢ়িবলৈ যত্ন কৰিব
কিন্তু তাতেই,
পাই জীৱনত অজস্র বাধা
নিয়তিৰ কি যে, খেলা।
অসহনীয় মৌনতাৰ পৰিভাষা
এয়াই হয়টো দৰিদ্ৰ লোকৰ বেদনা
ধিক্কাৰ.......?
এই জীৱন
দুদিনীয়া জীৱন ব্যস্ততাত
এনেদৰেই জীয়াই আছোঁ আৰু থাকিব লাগিব
নিজস্বতাৰ জৰিয়তে ব্যাকুলতাৰ স্পন্দনত
উজাৰি কটাই,
ৰাতিৰ দুভাগ নিশা
পাই নতুনত্বৰ সপোনৰ নান্দনিক দৃশ্যপটৰ আশা।
দূৰভাষ:-৬০০২৬৬৬৫৯৩


No comments:
Post a Comment