যোদ্ধা সমীপেষু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

যোদ্ধা সমীপেষু



 

যোদ্ধা সমীপেষু

                       ইলামণি শইকীয়া


         

যোদ্ধা--পকা বেলিটো মূৰত লৈ

তোমালোক মাজ পথত ঠিয় হৈ থাকা

তোমালোকৰ হাতত বহুতৰ

জীৱন আৰু হাঁহিৰ ফল্গুধাৰা৷


বহুজন উভতি আহে  যোৱাৰ বাটেৰে

উভতি নহাৰ প্ৰতিশ্ৰুতিৰে বহুজন গুছি যায়

তোমালোক ৰৈ থাকা উজাগৰী বাটত-

ৰাতিৰ সময় সাক্ষী৷


যোদ্ধা-তোমালোকৰ বাবে 

মাজৰাতি সিহঁত গুছি যায়-নদীৰ পাৰলৈ, অৰণ্যৰ মাজলৈ

প্ৰাপ্তিত উজ্জ্বলে সিহঁতৰ মুখ

তোমালোক অতন্দ্ৰ প্ৰহৰী-শ্ৰান্ত-ক্লান্ত

বতাহে বুজে-এজোলোকা আশীৰ্বাদ গালে-মুখে পৰে৷


মোৰ দেশৰ মানুহে বাট বুলি অবাটত খোজ দিলে

তুমি সঁকিয়াই দিয়া-বাটে বাট পোৱালি দিয়ে

সত্য বাটৰ খোজ সত্য৷

মোৰ দেশৰ মানুহে অমৃত বুলি গৰলত মুখ দিলে

জীৱনক বাজী লগাই মৃত্যুৰ হাতত হাত মিলালে

ছয় ফুট মাটিত সোমাবলৈ ছয় যুগৰ বস্তু গোটালে

তুমি শাসক হৈ উঠা,তুমি নায়ক হৈ উঠা

মাটিৰ মানুহে তোমালৈ মূৰ তুলি চায়,চালাম ঠুকে৷


তোমালোক এই পৃথিৱী, এই আকাশ,জীৱন

এই পোহৰ, এন্ধাৰ আৰু সপোনৰ ৰক্ষক৷

তোমালোক উচুপি উঠিলে

জানিবা সময়--ঈশ্বৰ গৃহত বন্দী অসত্য ক্ষণ৷


মাজ পথত তোমালোকৰ চল্‌চলীয়া চকু

মাজৰাতি চুৰিত ওলমা শেষ ক্ষণ

কাৰোবাৰ তৈলমৰ্দনত বিলম্ব হেতু গুৰু দণ্ড

তোমালোক যোদ্ধা --হাড়ক পানী কৰা

খোৱা পাতত শিল-হালধীয়া পানীৰ মিশ্ৰণ৷


যোদ্ধা--তোমালোকৰ চাবুকৰ কোব পিঠিৰ সলনি বুকুত পৰিলে

স্তব্ধ হৈ যায় সত্য, বিশ্বাস

পোহৰবোৰে বাট বিচাৰি হুমুনিয়াহ  

কাঢ়ে

তোমালোকৰ দুচকুত জুই ফুল ফুলিলে

মাটি ফুটি লুকাই বেইমান শোষক

ভ্ৰষ্টাচাৰৰ পোষক৷


যোদ্ধা- সাধাৰণ জনতাৰ তুমি

হাড়ে-হিমজুৱে সোমাই থকা

শেষ হৈয়ো শেষ নোহোৱা

বিশ্বাসৰ আস্থা৷


(উচৰ্গা -যিসকল আৰক্ষী বিষয়াই এতিয়াও বন্ধকত থোৱা নাই বিবেক-তেওঁলোকৰ হাতত অপৰিসীম কৃতজ্ঞতাৰে মোৰ অনুভৱখিনি অৰ্পণ কৰিলোঁ--কবি)



                                         ফোন- ৯১০১৯৩৪০৪৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages