মই
ধন দাস
১)
একো ক'ব নালাগে
এনেকৈয়ে ভাল লাগিছে !
তুমি তুমি , মই মই
তুমি তোমাৰ, মই মোৰ
অথচ সপোন এটা ধুই আছো একেলগে
সহজ মৌনতাৰে ……
২)
বৰষুণৰ শোকসভাত
এদিন কবিতা পাঠ কৰিম
কান্দোন এসোতা তিতি থাকিব
বোধ হেৰুৱাই সুধিম তোমাক
মৌনতাবোৰ কেনে আছে …
Copyright (c) 2023 Doksiri All Rights Reserved
No comments:
Post a Comment