'মই'ৰ পৰা 'আমি'লৈ... - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, April 2, 2022

'মই'ৰ পৰা 'আমি'লৈ...

 



'মই'ৰ পৰা 'আমি'লৈ...

                                       অনুস্মিতা ফুকন

                                        বঙাইগাঁও


কিমান অপেক্ষাত থাকিলে

দূৰত্ববোৰ এটা যুগৰ যেন লাগে

কিমান আশা কৰিলে

সময়বোৰ চুটি হৈ গৈ থাকে


'মই' বোৰ আত্মকেন্দ্ৰিক য'ত

'আমি'ৰ বাবে ঠাইয়ে নাথাকে

'মোৰ' পৰা 'আমি'লৈ যাত্ৰা কৰিবলৈও

মনৰ সাঁকোখন পাৰ কৰিব লাগে


জীৱনৰ প্ৰতিটো পথেই বৰ দীঘলীয়া

সুখ-দুখ,প্ৰাপ্তি-অপ্ৰাপ্তিৰ ৰভাথলীত

অকল নিজক উজ্জ্বলাই ৰাখিবলৈ

দিয়া এক‍ান্ত নিজৰ যুঁজখনৰ দৰেই ।


বিচ্ছেদ,আক্ষেপ কিম্বা হুমুনিয়াহ 

আটাইয়ে পাৰ কৰে গিলিপ তিতাই পেলোৱা বহু উজাগৰি নিশা

তথাপি

বহুজনৰ পৰা আৰম্ভ হৈ এটা নিৰ্দিষ্ট বিন্দুত যাত্ৰা কৰা পথছোৱা সঁচাকৈয়ে

বৰ অকলশৰীয়া ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages