'আই'
এচ শোভানা ৰহমান
(কভিডত সন্তান হেৰুৱা 'আই'মাতৃৰ নামত)
আই মোৰ মাত
আহো বুলি মাতষাৰ নলগা কৈয়ে
গুচি আহিলো তাৰ বাবে ক্ষমা মাগিছো।পিছদিনা সিহঁতৰ উক্ মুকনিত মই সকলো পাহৰি গ'লো,
বৈতৰণীৰ কোবাল সোঁতত অদৃশ্য নাৱৰ টিঙত বহি আই আই বুলি আস্ফালন কৰিছিলোঁ
মোৰ সেই হিয়া ভৰা আৰ্তনাদ তুমি নশুনিলা
মই ভাগৰি পৰিছিলো
সেইদিনা যে মোৰ অহা কথা নাছিল
কাৰণ শৰীৰীপোছাকৰ ৰং মোৰো বৰ প্ৰিয় আছিল
সিহতে মোক প্ৰকৃত ঠিকনা দেখুৱালে
শেষত মৰণৰ পাটীত শান্ত হৈ পৰা উপায়হীন কাৱৈ মাছটোৰ দৰে ম ই শান্ত হলো।
এই মৰণৰ আঁচুকাঠত সকলো বন্দী আমি
আই , তুমি বাৰু ইমান কান্দি আছা কিয়
তোমাৰ চকুপানীৰ ভৰ সহিব নোৱাৰি মোৰ বুকুখনে বাৰে বাৰে তোমাৰ স্নেহ উপকূলত গৈ খুন্দা মাৰে
তেতিয়া মোৰ বৰ কষ্ট হ'য় অ'ভাৰৰ আই
দুখৰীয়া ছবিবোৰ মচি পেলোৱা
মোলৈ সাঁচি ৰখা সপোনবোৰ
বসতি সাৰা প্ৰাণাতুৰ শিশু বোৰৰ দেহত সানি সজীৱ কৰি তোলা সিহঁতৰ জীৱন বাট
তেতিয়া তুমি বুকুত হাত থৈ অনুভৱ কৰিবা
তোমাৰ প্ৰতি উশাহতে ম ই আছো
আই, তুমি ধীৰতাৰ প্ৰতীক তুমি সৃষ্টিৰ বাহক
তোমাৰ অভিধা দিয়াটো বৰ কঠিন অ' আই
পৃথিৱীয়ে তোমাক বিচাৰিছে
মই কুশলে আছো
তুমি য'ত আছা সেয়াই পত্ৰ
আৰু ম ই য'ত আছো সেয়া চিৰসত্য
আহিম বুলি মাতষাৰ নলগা কৈয়ে গুচি আহিলো
ইতিত্ তোমাৰ হিয়া
No comments:
Post a Comment