শিল ভঙা ছোৱালী
অনসূয়া বৰঠাকুৰ
জ'ৰথাং, দক্ষিণ ছিকিম
পাহাৰী ছোৱালীৰ
মামৰে ধৰা আঙুলিত
সংগ্ৰামৰ তানপূৰা!
টুক টুক টুক টুক...
ভাঙে পথৰ শিল,
ৰ'দে চেলেকি যায়,
সুমথিৰা ওঁঠৰ তিল।
কিহৰ তাড়নাত?
ভোকৰ
নে শোকৰ
নে জোকৰ ?
ক'বলৈ নিশিকিলে তাই।
'দেৱাচ্চেন'ৰ এহাল দেৱী-দেৱতাই,
উচুপি থাকিলেও শুনোতা নাই!
ঘাট-মাউৰী, অঘৰী ছোৱালীৰ
জিভাৰ গাঁঠি খোলোঁতা নাই!!
শিল ভঙা পাহাৰী ছোৱালীৰ
বুকুৰ শিল ভাঙোতা নাই!!
টোকা: 'দেৱাচ্চেন' ছিকিমিজ (ভুটীয়া) - স্বৰ্গ
ভ্ৰাম্যভাষ: ৯৪৩৫৫০৮৭৬৫
No comments:
Post a Comment