অসভ্য সভ্যতাৰ কোলাহল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

অসভ্য সভ্যতাৰ কোলাহল

 



অসভ্য সভ্যতাৰ কোলাহল

                                        গৌতম মালাকাৰ


ইতিহাসৰ পৃষ্ঠা কণ্ঠস্থ কৰোঁতে

কেতিয়াও হৃদয়ঙ্গম কৰা নাছিলো

যুদ্ধৰ বিভীষিকাময়ী প্ৰহৰৰ বাস্তৱিকতা...


প্ৰতিটো বাৰুদে বৰষিছে দুঃসময়!

বিস্ফোৰণৰ অট্টহাস্যত

বাংকাৰৰ কঠোৰতাও কঁপি উঠিছে,

ৰৈ ৰৈ উচুপি উঠিছে 

মৃত্যু দূতৰ অহংকাৰী হুংকাৰত!


আজি আকাশৰ আসুৰিক আস্ফালন,

পলে পলে প্ৰোৎসাদন শ্ৰীমন্ত সৃষ্টিৰ...


মুহূৰ্ত্তে মুহূৰ্ত্তে মৃত্যু কাষ চাপি আহে,

কাৰোবাৰ বাবে নিমিষতে ৰাম নাম সত্য হয় আৰু

আন কাৰোবাৰ ডায়েৰীত লিপিবদ্ধ হয়

হিয়া থকাসৰকা কৰা ভয়ংকৰ যন্ত্ৰণাৰ অভিজ্ঞতা!


প্ৰতিটো ক্ষণত মৃত্যু প্ৰত্যক্ষ কৰিব পৰাকৈ

মই মোৰ হৃদয়ক 

কঠিন শিলৰ চোলা পিন্ধাব‌ পৰা নাই,

দুখৰ বোজা কিমান গধূৰ(?)

এতিয়াও সঠিককৈ বুজিব পৰা নাই!


জীয়াই থকাৰ অংক কিমান(!) জটিল

সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ,

জীৱন মূল্যহীন 

নে জীৱনৰ মূল্য অপৰিসীম ?

পৰ্যালোচনা কৰিব বিচাৰিছোঁ পুনঃ পুনঃ ...


মৰিশালিত মাৰিব খোজা বিজয়ৰ হাঁহিৰ 

অৰ্থ বুজিব পৰাকৈ 

মই জ্ঞান আহৰণ কৰিব পৰা নাই।

এই ধ্বংস, এই বিচ্ছেদ, এই যন্ত্ৰণা...

সহিব পৰাকৈ সাহসী হোৱাৰ প্ৰেৰণা

মোৰ বিবেকে কাহানিও বিচৰা নাই।

মোক শান্তি লাগে,

মোক হাঁহি লাগে,

ঠিক নিষ্পাপ-নিৰ্মল শিশুবোৰৰ দৰে...




গৌতম মালাকাৰ

ভাৰতীয় জীৱন বীমা নিগম

কৰিমগঞ্জ শাখা কাৰ্যালয়

কৰিমগঞ্জ - ৭৮৮৭১০

মোবাইল - ৯৪৩৫১৬৮৩৭৮


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages