ঔ-কুঁৱৰীয়ে কোৱা সাধুটোৰ নিৰ্জনতাত
ৰিপুঞ্জয় বৰুৱা ঋমন
কাহিলীপাৰা, গুৱাহাটী
ঔ-কুঁৱৰীয়ে কোৱা সাধুটোৰ নিৰ্জনতাত
দুখন মুখৰ মুখামুখি
সময় মুখ আন্ধাৰী
নেদেখা উশাহত মৃদু কঁপনি
ভাপ চুটি নিশাহত এহাল ফেঁচাৰ সেন্দূৰীয়া উৰুলি
নিয়ৰৰ ওঁঠত আহিন উজাই খামুচি সুখ সুৰভি
ভিতৰৰ মৰুভূমিত যোৰ পাতি ফুলে
লঠঙা কেকটাছ
উমানত উন্মাদনা
বন্ধ সময় বন্ধ্যা
পাহৰি গৈছোঁ বেলি দুপৰ নে সন্ধ্যা
মৃগ নাভিত অপৰাজিতা
এঠেঙীয়া বাটেৰে চেঁকুৰিছিল লেঙুৰা ঘোঁৰা
কালি ওৰেটো ৰাতি
আন্ধাৰতে' চাই আছিলোঁ তোক
তেতিয়া তই টোপনিত ।
আৰু মই
বন্ধ চকুত প্ৰেমৰ এনিমেছন বিচৰাত মগন ।
আজি ৰাতি
ঘৰ কৰিবলৈ পলাই যাম
ঝাওঁবন ফালি
ভৰ নিজানত খোৰোঙৰ জোনে আঁৰ দিব
জোনাকে চালি
তোৰ কোলাত মূৰ থোৱা সময়কণ মোৰ পৃথিৱী ।


No comments:
Post a Comment