অপেক্ষা
দিক্ষীত কুমাৰ দাস
কলবাৰী
তুমি বিহীন যেন মোৰ জীৱন অৰ্থহীন
মোৰ হৃদয়ৰ পথাৰ খনি,
এতিয়া শুকাই ফাট মেলিব ধৰিছে৷
এতিয়া অপেক্ষা মাথোঁ তোমাৰ
যেতিয়াই তুমি বৰষুণ হৈ আহিবা,
তোমাৰ এটোপ এটোপ টোপালে
মোৰ হৃদয় খন সজীৱ কৰিব৷
মোৰ ৰিক্ত বুকুখন পুনৰ
জীয়াই তুলিব৷
আশাৰ কঠীয়া বোৰ পুনৰ
লহপহকৈ বাঢ়িব৷
আৰু এদিন শইচ সোণোৱালীৰ দৰে
হৃদয় খন জিলিকি উঠিব৷
সুখে দলিচা পাৰি দিব বহিবলৈ,
দুটি মন এক হ’ব৷৷
মোবাইল নং:৬০০১১৭৪০৯৭


No comments:
Post a Comment