ছটা কবিতা
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ, শোণিতপুৰ
গ্ৰীষ্ম
তোমাৰ কপালৰ ঘামে
দহিছে মোৰ বুকু
বৰ্ষা
বৰষুণত নানাচিবা ময়ূৰী
তোমাক বৰ ধুনীয়া দেখি
শৰত
কিয় জানো মাজে- মাজে
তোমাক শেৱালিৰ দৰে লাগে
হেমন্ত
পকা পাণৰ দৰে মোৰ পৃথিৱী
বতাহে পঢ়িব নোৱাৰে শুকান শিলৰ কাহিনী
শীত
জানোঁ কি কথা পাতে
লঠঙা গছে সৰাপাতৰ সতে
বসন্ত
তোমাৰ পৰশত সেউজীয়া হয়
মোৰ বুকুৰ সুকোমল কবিতা
ফোন: 8822943064


No comments:
Post a Comment