গণেশগুৰি
স্বপ্নালী কলিতা
তিতিবৰ বাবে নমাটো জৰুৰী।
আৰু জৰুৰী পানী।
নামিলেই তিতিব বুলি
কথা নাই আচলতে!
পানীক গৌণ কৰি
নমাৰ কথাটো প্ৰহসন মাত্ৰ।
গণেশ মন্দিৰৰ সিটো পাৰে
পেঁপা এটা বাজি আছিল।
(অজস্ৰ কোলাহলৰ ভিৰত সেই মাতটো থেহেৰকৈ বাজিছিল।)
এখন অট'ৰিক্সাই কঢ়িয়াইছিল
দুপাহ গোন্ধহীন ফুল।
আগতীয়া বসন্তৰ এখিলা ন-পাত
উৰি আছিল নগৰখনৰ চুকত
সপোন এটা ভূমিস্থ হোৱাৰ বাবদ
এবটল পানী কোট্কোটকৈ পিছিল।
এটা জাপানী কবিতাই ৰাতি সলাইছিল
কাপোৰ।
পুৱালৈ হেৰাইছিল ।
যদিও;
এখন নদীৰ মানচিত্ৰ আঁকি দিছিল
কপালত...
কোনে কয়!
নামিলেই তিতাৰ কথা!
কিছু বিশেষ কথাৰো কথা,
আনক উজাৰি ভাল পোৱা,
আৰু পানীত ভিজাৰ সোৱাদো
সুকীয়া।


No comments:
Post a Comment