কণ্ডাৰ গুঃমৃনৰ ইতিবৃ্‌ত্ত ( মিচিং প্ৰৱজনৰ চমু ইতিহাস ) - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

কণ্ডাৰ গুঃমৃনৰ ইতিবৃ্‌ত্ত ( মিচিং প্ৰৱজনৰ চমু ইতিহাস )

 


কণ্ডাৰ গুঃমৃনৰ ইতিবৃ্‌ত্ত ( মিচিং প্ৰৱজনৰ চমু ইতিহাস ) 

                                                                                                                          হৰিচৰণ পেগু




যোৱা খণ্ডৰ পৰা.....


(২য় খণ্ড) 



       তিমধ্যে আমি প্ৰথম খণ্ডত মিচিং সকলৰ অপৃন ,গুঃমৃন আদিৰ ওপৰত এটা সৰু ধাৰণা লাভ কৰি আহিছোঁ‌ । মিচিং আবাঙত উল্লেখ পোৱা বুলি ডাঃ নোমল চন্দ্ৰ পেগুৱে পেদং নানেৰ সন্তান দঃচিং , দঃচিঙৰ সন্তান চিঃদং , চিঃদঙৰ সন্তান দংকা আৰু দংকাৰ সন্তান কাৰ্ক বুলি উল্লেখ কৰি গৈছে । পেদং এক অপাৰ্থিৱ ধাৰণা । পেদং মানে বৰষুণ । বৰ্ষাৰ দেৱী , বৰ্ণহিন্দু সকলৰ বৰুণ দেৱতা । মিচিং সকলৰ মাতৃ বৰষুণ । এক অশৰীৰি সত্বা । এইখিনিতে এটা প্ৰাসাংগিক বিষয় উল্লেখ নকৰি নোৱাৰিলো । মিচিং সকলে যদিও নিজকে হিন্দু ধৰ্মাৱলম্বী বুলি পৰিচয় দিয়ে কিন্তু  আদিতে তেওঁলোক কাহানিও হিন্দু ধৰ্মাৱলম্বী লোক নাছিল অথবা এতিয়াও পুংখানুপুংখ আলোচনা কৰিলে সঠিক হিন্দু ধৰ্মী বুলি কব নোৱাৰি । কিয়নো বৰ্ণহিন্দু সকলৰ বহু দেৱ-দেৱতাৰ লিংগ নিৰ্ণয় মিচিং সকলৰ ওলোটা ।  অৰ্থাৎ হিন্দু ধৰ্মৰ পুং বাচক পূজ্য দেৱ সকল মিচিং সকলৰ দৃষ্টিত স্ত্ৰীবাচক দেৱী । সূৰ্যক পুং দেৱতা হিচাপে হিন্দু সকলে গন্য কৰাৰ বিপৰীতে মিচিং সকলে স্ত্ৰী জ্ঞান কৰি মাতৃৰ দৰ্জা দিয়ে । আনহাতে বৰষুণৰ দেৱতা বৰুণক আমাৰ মিচিঙে পেদং নানে হিচাপে গন্য কৰে । কাজেই পুং বাচক দেৱতাৰ স্ত্ৰীবাচক মান্যতাই ধৰ্ম দুটাৰ বৈপৰীত্যকে সূচাই যেন লাগে । অৱশ্যে সেইবিষয়ত ধৰ্মধ্বজাবাসী সকলে বিস্তৃতভাৱে ব্যাখ্যা কৰিব পাৰিব । 

যিকি নহওক পেদং নানে অপাৰ্থিৱ শৰীৰৰ পৰা কাৰ্ক ৰূপী মানৱীয় ৰূপন্তাৰণৰ উত্থান চকু দিব লগা বিষয় । পেদঙৰ সন্তান হিচাপে দঃচিং ,দঃচিঙৰ সন্তান চিঃদং আৰু চিঃদঙৰ সন্তান দংকা আৰু দংকাৰ সন্তান কাৰ্ক । পেদঙৰ পৰা কাৰ্কলৈ হোৱা বিৱৰ্তন হাজাৰ বছৰোধিক । অবায়ৱীয় কাৰক এটাৰ পৰা মানৱীয় ৰূপ লোৱাটো নিশ্চয়কৈ এদিনীয়া পৰ্যায় নহব । 

কাৰ্কৰ পাছতে তেওঁৰ সন্তান কণ্ডাৰে এটা বংশবৃক্ষৰ সৃষ্টি কৰিছে যাক আমি কণ্ডাৰ গুঃমৃন বুলি চিহ্নিত কৰিছো আৰু তাৰেই আলোচনা কৰিবলৈ আগবাঢ়িছো । মহান কাৰ্কৰ নামেৰে কিয় গুঃমৃন নহ'ল তাৰ ওপৰত আমাৰ জ্ঞানে ঢুকি নাপায় । কাৰ্ক নামেৰে এখন পৰ্বত তথা এটা বৃহৎ অঞ্চল আজিও সগৌৰৱে স্থিত হৈ আছে । তেনেস্থলত সেই মহান আত্মাটোৰ নামত গুঃমৃন নহৈ তুলনামূলকভাৱে কম ঐশ্বৰ্যশালী কণ্ডাৰৰ নামত গুঃমৃন হোৱা বিষয়ত কিছু প্ৰশ্নৰ উদ্ৰেক ঘটে । প্ৰশ্ন হয় কাৰ্ক তেজ মঙহৰ মানুহেই নাছিল নেকি ? কাৰ্ক আচলতে কি আছিল , তেও এটা অঞ্চল আছিল নে এটা সুবিশাল পাহাৰ নে এক জ্ঞাতি নে এজন তেজ মঙহৰ মানুহ আছিল সেয়া সন্দেহৰ আৱৰ্তত আহি পৰে । 

যিয়েই যি নহওক কাৰ্কৰ সন্তান কণ্ডাৰৰ পৰাই এক নতুন বংশবৃক্ষৰ আৰম্ভণি হৈছে আৰু ইয়েই কণ্ডাৰ গুঃমৃন য'ৰ পৰা কালক্ৰমত বিশাল পেগু অপৃনৰ বিকাশ ঘটিছে । 


পেগু অপৃন , যি কণ্ডাৰ গুঃমৃনৰ বংশধাৰক , তেওঁৰ জন্ম হৈছে কণ্ডাৰৰ পৰা তিনিটা পুৰুষৰ পাছত । কণ্ডাৰৰ সন্তান দাৰকপ , দাৰকপৰ সন্তান কপ্পে আৰু কপ্পেৰ সন্তান পেগু । কপ্পেৰ অৱশ্যে পেগু আৰু মেগু বুলি দুটা সন্তান থকাৰ কথা জনা যায় । মেগু সকল বৰ্তমান আদি জনগোষ্ঠীৰ অন্তৰ্গত অৰুনাচলী জনজতি । পেগুৰ আকৌ দুজনকৈ সন্তান । গুটুং আৰু গুলুং (গুমাং) । অৱশ্যে খেনোৱে আকৌ গুলুং নহৈ গুমাং বুলিহে কোৱা শুনো । মোৰ ককা এজনে প্ৰায়ে এটা কাহিনীত গুটুং আৰু গুলুং নামটো সন্নিৱিষ্ট কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত গুমাঙতকৈ গুলুং নামটোত মই ব্যক্তিগত ভাৱে অধিক আত্মীয়তা অনুভৱ কৰো । গুটুঙৰ পৰা তুঃচিগ-মাতচিগ । তুঃচিগ-মাতচিগক পেগু সকলৰ সৰ্বময় উপৰিপুৰুষ হিচাপে সকলোৱে মান্যতা প্ৰদান কৰে ।

বংশলতাই দাৱী কৰা কণ্ডাৰ গুঃমৃনৰ ক্ৰমটো হ'ব ; পেদং নানে < দঃচিং <চিঃদং < দংকা  < কাৰ্ক < কণ্ডাৰ < দাৰকপ  < কপ্পে  < পেগু  < গুটুং <তুঃচিগ-মাতচিগ ।

তুঃচিগ-মাতচিগৰ পৰাই পেগু সকলৰ অন্যান্য ঠাল ঠেঙুলি সমূহ উদ্ভৱ হোৱা আৰম্ভ হৈছে । 


পোন প্ৰথমে সৃষ্টি হোৱা পেগু উপ ঠালটো অছিল গুপিত । 


গুপিত নামটোৰ উৎপত্তি: 

°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

আমি ইতিমধ্যে পাই আহিছো যে পেগুৰ দুজন সন্তান আছিল গুটুং আৰু গুলুং । তেনেদৰে পেগুৰ সন্তান গুটুঙৰো দুজন সন্তান আছিল। এজনৰ নাম আছিল তুঃচিগ আৰু আনজনৰ নাম আছিল মাতচিগ । গুটুঙে সেই সময়ত দিয়াং নদীৰ দক্ষিনপাৰে দাম্ৰ আবৰ অঞ্চলত বসবাস কৰি আছিল । আৰু গুলুং মিয়ং বৰ আবৰৰ পেকাৰ পুমি নামে পাহাৰত নতুনকৈ মাটি ভাঙি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল । গুলুং নিসন্তান আছিল বাবে গুটুং পুত্ৰ মাতচিগে গুলুঙৰ লগত পেকাৰ পুমিত মাটি ভাঙি কৃষিভূমি উলিওৱা কামত সহায় কৰি আছিল । সেই সময়বোৰত চিকাৰ কৰাটো আছিল এক সামাজিক গৌৰৱবোধক বিষয় । চিকাৰত যি যিমান পাৰ্গত তেওঁক সিমানেই অধিক সন্মান আৰু মৰম প্ৰদান কৰা হৈছিল । কাজেই কোনো সমস্যা সমাধানৰ বাবে অথবা কোনো বিষয়বাব প্ৰদানৰ বাবে পৰীক্ষা নিৰীক্ষা কৰিব লগা হ'লে চিকাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল । 

তেনে এক শুভ মুহূৰ্ততে গাঁৱৰ সৰ্বাধিনায় গাম পদৰ বাবে পেকাৰ পুমি অঞ্চলত এদিন চিকাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল । সেই চিকাৰ প্ৰতিযোগিতাত মাতচিগে অংশগ্ৰহণ কৰি সৰ্বাধিক চিকাৰ লাভ কৰিবলৈ সক্ষম হয় আৰু গাম ৰূপে নিৰ্বাচিত হয় । বিজয়ী মাতচিগে ৰাইজৰ মান ধৰাৰ বাবে আৰু অধিক চিকাৰ কৰায়ত্ব কৰি ৰাইজক ভোজ খোৱোৱাৰ সিদ্ধান্ত লয় । পেকাৰ পুমিৰ সকলোকে মাংসৰ ভোজ খোৱোৱাৰ পাছতো অৱশিষ্ট মাংসই পাহাৰৰ ৰূপ ললে । মাংসৰ ভাগ এভাগ নিজলৈ ৰাখি বাকীবোৰ ওচৰ-চুবুৰীয়া গঞাৰ মাজত বিতৰণ কৰা হ'ল । আৰু মানুহবোৰে সেই মাংসবোৰক পেৰাপ (জুশাল)ৰ ওপৰতে শাৰী শাৰীকৈ শুকুৱাই থলে । মিচিং সকলে পুৰ্বে জুই সংৰক্ষণৰ বাবে তুঁ‌হ গুৰি জুইত জাপি দি গাপ দি থয় । সেই গাপৰ জুইৰে ফুৱাই ফুৱাই জুই জ্বলোৱা হয় । আজি বিশ পচিশ বছৰ আগলৈ গাঁওবোৰলৈ জুইশলাৰ আগমন নোহোৱালৈকে মিচিং সকলে তেনেকৈয়ে জুই সংৰক্ষণ কৰা আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিছো । 

যিকি নহওক , মাতচিগে জুশালত মাংসবোৰ শুকুৱাই ৰাখি তলত আম্পেৰে জুই গাপত দি পথাৰৰ কৰ্মৰ বাবে বাহিৰলৈ ওলাই গ'ল ।  শুকোৱাই থোৱা মাংসৰ পৰা জোলোকে জোলোকে  তেল তললৈ সৰিবলৈ ধৰিলে আৰু তলৰ তুঁ‌হ খিনিৰ গাপৰ জুইখিনি জ্বলি উঠিল । ধাউ ধাউকৈ জ্বলি উঠা জুয়ে মাংসৰ তেলৰ সংমিশ্ৰণত আৰু অধিক ভয়ানক হৈ উঠিল আৰু নিমিষতে গোটেই ঘৰখনত বিয়পি পৰিল । খন্তেক পাছতে সেই জুয়ে গাঁৱৰ বাকী সকলৰ ঘৰলৈকো বিয়পি পৰিল । নিৰীহ গঞা ৰাইজ পথাৰত ব্যস্ত হৈ থাকোতে গমেই নাপালে কাৰ ঘৰত জুয়ে কি ৰূপ লৈ কি কি ধংস কৰিলে । 

ধাউ ধাউকৈ জ্বলি উঠা জুয়ে আকাশ ছানি ধৰাতহে হুচ আহিল গঞাহতৰ । বহু চেষ্টাৰ মুৰকত জুইখিনি নোমাবলৈ সক্ষম হ'ল যদিও জুয়ে গাঁৱখনৰ অৰ্ধাংশ জ্বলাই পেলালে । 

গাঁওসভাত বিচাৰ হ'ল । মাতচিগক এই জ্বলন কাৰ্যৰ বাবে দোষাৰোপ কৰা হৈছিল যদিও গাঁৱৰ সৰ্বাধিনায়ক ৰূপে স্বীকৃতিপ্ৰাপ্ত মাতচিগৰ ওপৰত কোনোধৰণৰ নৃশংস শাস্তি ঘোষণা নকৰিলে । তাৰ বিপৰীতে মাতচিগক নিজৰ পিতৃগৃহ দাম্ৰলৈ উভোতাই পঠিওৱা হ'ল । 

   উল্লেখযোগ্য যে সেই সময়ত মিয়ংবৰ আবৰ আৰু দাম্ৰ আবৰৰ মাজতো যুযুধান পৰিস্থিতি চলি আছিল । দাম্ৰ আবৰত গুটুং সহ মিচিং মানুহখিনি বসবাস কৰিছিল ।


 " সেই সময়ত দাম্ৰ আবৰৰ দলপতি আছিল মাতবাং বাপে নামৰ এজন ধনী গাম । ঐশ্বৰ্যশালী মাতবাং বাপে সামান্য পৰিমানে মতগৰ্বীও আছিল । সেই সময়তে দিয়াং পাহাৰৰ উত্তৰৰ মিঞংবৰ অঞ্চলত পাঃচি-পাদাম সকলৰ আন এজন দলপতি আছিল কেপচি চিমাদ । কেপচি চিমাদৰ এজাক অচ' অৰ্থাৎ মেথুন আছিল আৰু তেওঁ সেইবিলাকক বৰ মৰম কৰিছিল । এদিন ঘটনাক্ৰমে কেপচি চিমাদৰ মৰমৰ মেথুন এটা হেৰাই থাকিল । কেপচি চিমাদে মেথুন বিচাৰি বিচাৰি দিয়াং নদীৰ দক্ষিনৰ দাম্ৰ আবৰ অঞ্চলত প্ৰৱেশ কৰে । তাতেই ঘটনাক্ৰমে মাতবাং বাপেৰ সৈতে চা-চিনাকী হৈ নিজৰ হেৰুৱা মেথুনৰ কথা ক'লে । কেপচি চিমাদৰ মেথুন এটা বিচাৰি ইমান দূৰলৈ বাটকুৰি বোৱা কামটোত মাতবাং বাপেৱে বৰ ৰস পালে আৰু অট্টহাস্য কৰি উঠিল । "এটা হেৰুৱা মেথুন বিচাৰি দিয়াং পাৰ হৈ আহিলি ?" সম্পূৰ্ণ ইতিকিং মিশ্ৰিত সুৰত মাতবাং বাপেৱে কলে । "এটা মেথুনৰ বাবে ইমান কষ্ট কৰা মানুহটোনো কিহৰ গাম ? মোৰ ধেৰ মেথুন আছে । লাগে যদি মোৰ পৰাই এশটা মেথুন লৈ যোৱা । ধেইট , এটা মেথুন বিচাৰি ফুৰ ! লাজ নালাগে নেকি তোৰ ? " 

সেই কথাত বৰ অপমানিত বোধ কৰিলে কেপচি চিমাদে । তেওঁ সেই কথাৰ প্ৰতিশোধ লবৰ বাবে দৃঢ় প্ৰতিজ্ঞাৱদ্ধ হৈ সুযোগৰ অলেক্ষাত থাকিল । অন্তৰত জুইৰ জ্বলন লৈ মুখত হাঁহি ৰাখি মিত্ৰতাভাৱ দেখুৱাই কেপচি চিমাদে মাতবাং বাপেৰ ঘৰতে অতিথি ৰূপে মেথুন , গাহৰি ,কুকুৰা , লাওপানী আদি খাই ৬-৭ দিনমান থাকিল । তাৰ পাছত যাবৰ পৰত বাপেক ক'লে," মিতুৰ , আজি ৬-৭ দিন তোৰ ঘৰত মহাসুখেৰে ৰাজভোগ কৰিলোঁ । গতিকে মোৰ ঘৰতো এদিন আলহী হবলৈ আহিব লাগিব । " অন্তৰখোলা মাতবাঙে সেই নিমন্ত্ৰণ ৰক্ষা কৰি মিয়ংবৰ আবৰ অঞ্চলত পদাৰ্পণ কৰোতেই কেপচি চিমাদে নিজৰ চিপাহী-চন্তৰীৰে মাতবাঙক আক্ৰমণ কৰি হত্যা কৰি পেলালে । তেওঁলোকৰ মাজৰে এজনে কোনোমতে প্ৰাণ লৈ পলাই আহি দাম্ৰ আবৰত সেইটো খবৰ দিলেগৈ । 

কেপচি চিমাদৰ সেই কাপুৰুষালি কাৰ্যৰ প্ৰতিশোধ লবৰ বাবে দাম্ৰ আবৰ বাসী বদ্ধ পৰিকৰ হ'ল । 

দাম্ৰ আবৰৰ নতুন দলপতিয়ে সেই অঞ্চলৰ বাসিন্দা মিচিং সকলৰ সহায় বিচাৰিলে । মিচিং সকলে গুটুঙৰ নেতৃত্বত সেই অভিযানত অংশ লবলৈ আগবাঢ়ে । অধ্যাপক সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন দেৱে এদিন কৈছিল সেই যুদ্ধত গুটুং সহ আন আন মিচিং সকলে যুঁজ দিয়া নাছিল কিন্তু দাম্ৰ আবৰৰ সেনা সকলক দিয়াং নৈ পাৰ কৰাই দিয়াৰ দায়িত্বহে গ্ৰহণ কৰিছিল । প্ৰথম মিচিং ইতিহাস প্ৰণয়নকাৰী হিচাপে খ্যাত সোনাৰাম পাংঞাং কটকীদেৱৰ মতে গুটুং আছিল দাম্ৰ আবৰৰ সেনাপতি আৰু সেই যুদ্ধত জয়ী হৈ উভতাৰ পথত চিয়াং নদীত গুটুঙৰ মৃত্যু হৈছিল । কিন্তু এই যুদ্ধজয়ৰ পাছত উভতোতে গুটুং নহয় গুটুঙৰ পুত্ৰ তুঃচিগৰহে সলিল সমাধি ঘটিছিল । জনপ্ৰিয় জনশ্ৰুতিৰ আধাৰত গুটুং নহয় তেওঁৰ পুত্ৰ তুঃচিগৰ মৃত্যু হোৱাটোকেই আমি গ্ৰহণ কৰিছো । লগতে দলে বংশৰ কঃবাং দলে নামৰ এজনো তুঃচিগৰ সৈতে সলিল সমাধি ঘটিছিল বুলি জনা যায় । " 

সেই বিষয়ে পৰৱৰ্তী সময়ত বিস্তৃতভাৱে আলোচনা কৰা হ'ব । 


যিকি নহওক , দাম্ৰ আবৰ আৰু মিয়ংবৰ আবৰৰ মাজত হৈ থকা শীতল যুদ্ধৰ গুমগুমনিৰ মাজতে মাতচিগ আহি দাম্ৰ আবৰ অঞ্চললৈ উভতি আহে । অহাৰ লগে দাম্ৰ অঞ্চলৰ বহু মিচিং লোক আহি "গুপিত-ক' জেগাতক " জ্বলি চাৰখাৰ হোৱা গাঁওখনৰ খবৰ লবলৈ মানুহবোৰ মাতচিগৰ ওচৰ হেতা-ওপৰা লগালে । 

মাতচিগক লগ ধৰি প্ৰত্যেকেই "গুপিতকতক দয়িং" শুনাবলৈ জোৰ কৰিলে । আৰু সকলোৱে মাতচিগক "গুপিতকতক তানি"য়ে বুলি কবলৈ ধৰিলে । তেনেকৈয়ে লাহে লাহে মাতচিগ গুপিত হিচাপে জনাজাত হৈ পৰিল । 

কালক্ৰমত মাতচিগৰ বংশধৰ সকল গুপিত হিচাপে জনাজাত হ'ল ।


ক্ৰমশ .......




No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages