ব’হাগ বিহু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 3, 2022

ব’হাগ বিহু

 


ব’হাগ বিহু

                                                                                       মিনু হাজৰিকা


সন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ , ব’হাগ বা ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয় ৷ বিহু অসমৰ জাতীয় উৎসৱ ৷ বিহুৰ এক বৈশিষ্ট্য হ’ল ই জাতি , বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ ৷ অসমত পালন কৰা তিনিটা বিহু ব’হাগ বিহু , কাতি বিহু , মাঘ বিহু ৷ এই বিহুৱে অসমীয়া জাতীয় জীৱনত সমন্বয়ৰ বাৰ্তাও বিলাই আহিছে ৷ বৃহত্তৰ অসমীয়া জাতি গঠনত বিহুৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ৷

বিহু শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে ৷ পণ্ডিত সকলৰ মতে সংস্কৃত’ বিসুবত ’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে ৷ আন কিছু লোকৰ মতে , বড়ো সকলৰ বৈচাগু, ডিমাচা সকলৰ বুচু, কুচ সকলৰ বিচুৱা , ত্ৰিপুৰি সকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে ৷ সোণোৱাল সকলৰ বিচু "ত ৷

"বিচু" শব্দৰ অৰ্থ হৈছে আটাইতকৈ পবিত্ৰ দিন ৷ ঠিক একেদৰে যেনেকৈ "চুতীয়া " মানে হৈছে "পবিত্ৰ পানীৰ  কাষত থকা লোক" ৷

বিহু হ’ল অসমীয়া  মানুহৰ  সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ ৷ তাই আহোম শব্দ " পয় বিহু/পিউ/পিহু"ৰ পৰাই "বিহু" শব্দৰ উৎপত্তি বুলি জনা যায় ৷ যিহেতু আহোম সকলেই অসমলৈ বিহু সংস্কৃতি কঢ়িয়াই আনিছিল বুলি বুৰঞ্জীয়ে কয় ৷

অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাতবিহুৰ দিনা সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে ৷ এই শাকসমূহ ঔষধি গুণ সম্পন্ন ৷  এশ এবিধ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে আৰু নিঃসংকোচে প্ৰত্যেকে ইয়াক গ্ৰহণ কৰে ৷ বিহুৰ প্ৰথম দিনা ঔষধি গুৃণসম্পন্ন শাকপাত খাই অসমীয়া মানুহে বছৰটোলৈ বল বান্ধে ৷

বৰপেটা অঞ্চলত ১ আৰু ৬ ব’হাগৰ দিনা মহিলা বোৱাৰী সকলে পুৱাতে দল বান্ধি নৈৰ দাঁতিকাষৰীয়া অঞ্চল চাই সাতবিধ শাক তোলে ৷ তাৰ আগত নদীত স্নান কৰে ৷ নামকীৰ্তন কৰে আৰু আবেলি শাকৰ টোপোলা লৈ গীতপদ গাই ঘৰলৈ আহি সাতখন আঞ্জাৰে ভোজন কৰে ৷ বহু লোকে বিহুৰ ১৪ দিনৰ দিনা ১৪ বিধ শাকেৰে আঞ্জা খায় ৷

চ’তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখনৰ পৰাই সাদিনীয়া ব’হাগ বিহু আৰম্ভ হয় ৷ গৰু বিহুৰ দিনাখন ৰাতিপুৱাই গৰুক মাহ হালধি তেল সানি গা ধুৱাই নতুন পঘা আঁৰি দি দীঘলতিমাখিয়তি পাতেৰে গৰুৰ গাত কোবোৱাৰ অন্তৰালত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে ৷

অঞ্চল বিশেষে গৰু বিহু , মানুহ বিহু , বা সাত বিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে ৷ কিছুমানে ইয়াক সাত-সাকেতী  বা সাথেক তোলা বা সাত শাক তোলা বিহু বোলে ৷ এশ এবিধ শাকৰ যি ব্যঞ্জন তৈয়াৰ কৰা হয় সেয়া ৰোগৰ মহৌষধ ৷ " সাত বিহুৰ শাক শুকতি দেহাত দেই বল " বুলি বিশ্বাস কৰি এশ এবিধ ন’হলেও সাতবিধ বা ন বিধ শাক তোলে ৷ 

অনাগত বছৰটোত যাতে নিৰোগী হৈ থাকিব পাৰে সেই বিশ্বাসতে ৰাশি অনুযায়ী চেনি , নিমখ , মৌ , গাখীৰ আদি খায় ৷ বিহুত বিহো অমৃত হয় বুলি এষাৰ কথা আছে ৷ সেয়ে কোনো অঞ্চলত স্বাস্থ্য ভালে থাকিবৰ বাবে গধূলি শোকোতা তিতা , কল পচলা , টেঙা আদিও খায় ৷ এনে কৰিলে বছৰটোত সাপে খোৱাৰ ভয় নাই বুলি বিশ্বাস কৰে ৷ গধূলি পদূলিৰ পৰা গোহালি লৈকে শুকান ধানখেৰ , তুঁহ , দীঘলতিমাখিয়তি পাত আদি জ্বলাই ধোৱাময় কৰি তোলা হয় ৷ এই ধোৱাই গোহালিৰ মহ-ডাঁহ আঁতৰোৱাৰ উপৰি অপদেৱতাক খেদি পঠাই বুলি চহালোক সকলৰ মাজত বিশ্বাস কৰি আহিছে ৷

ব’হাগ বিহুৰ সময়ত হুঁচৰি গোৱা আশীৰ্বাদ ল’লে স্বৰ্গত স্থান পায় বুলি বিশ্বাস কৰে ৷ সেয়েহে অনাখৰী  কবিয়ে গায় --- “ গৰু বিহুৰ দিনাখন লবা আশীৰ্বাদ , তেহে পাবা বৈকুণ্ঠত থান ৷"



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages