কোনো কাৰো বাবে নহয় অপৰিচিত
ভাৱানুবাদ: ৰমেন কুমাৰ গগৈ
কোনো মানুহ নহয় অপৰিচিত
মনত ৰাখিবা, কোনো কাৰো বাবে নহয় অপৰিচিত
কোনো দেশ কাৰো বাবে নহয় আজৱ
সকলো এক
সকলো ভাই-ভনী
একেই আকাশ একেই পৃথিৱী
যʼত আমাৰ বসতি।
সকলোৱে প্ৰিয় সূৰ্য বতাহ আৰু পানী
শীতৰ জঠৰতাৰ আগতেই সামৰিব বিচাৰে বছৰৰ ফচল
কৰ্মঠ হাতবোৰো একেই, হাতে হাতে জিলিকে পৰিশ্ৰমৰ
একেই দাগ। সকলো শ্ৰমিক এই জগতৰ।
মনত ৰাখিবা, আনৰো একেই চকু ওঁঠোতে কিম্বা শোঁওতে
সেই একেই শক্তিৰে জিনিব বিচাৰে - অবিনাশী প্ৰেমৰ
এই মাটি, যি সকলোৰে শেষ ঠিকনা। কথাষাৰ মনত
ৰাখিবা, বুজিবা।
মনত পেলোৱা, কোনে কেতিয়া কৈছিলা বৰ্ণবাদৰ সূত্ৰৰে
ঘৃণা কৰিবলৈ আমাৰ ভাই-ভনীক। (যদিও সকলোৰে
তেজৰ ৰঙ ৰঙা) আমিয়েই সেইবোৰ যি পঢ়াইছিলো
চলনা, শঠতা আৰু বিভেদতা। মনত পেলোৱা, কোনে
তুলিছিলা শত্ৰুতাৰ অস্ত্ৰ ইজনে সিজনৰ প্ৰতি
আমি মানৱ, আমিয়ে লেতেৰা কৰোঁ আমাৰ পৃথিৱী
আমাৰ আসুৰিকতাত জ্বলে শত সহস্ৰ আপোনজন
বতাহত তাৰ পোৰা পোৰা গন্ধ
মনত ৰাখিবা কোনো মানুহ নহয় অপৰিচিত
কোনো দেশ নহয় আজৱ।
No comments:
Post a Comment