সোৱনশিৰিত সোণ বিচাৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, May 1, 2022

সোৱনশিৰিত সোণ বিচাৰি

 


সোৱনশিৰিত সোণ বিচাৰি

            ৰঞ্জিতা ৰাণী বৰা

                 গুৱাহাটী


সোৱনশিৰি অ সোৱনশিৰি তোৰ বুকুত 

আছিল বোলে সোণৰ জিলিকনি

ককাৰ মুখত শুনিছিলো

তোৰ বালিত বোলে সোণ জিলিকিছিল

আজি বাৰু সেইবোৰ কত হেৰুৱালি৷

বাপতিসাহোন বিহুটি এৰি

তোক চাবলৈ এই বহাগত মেলিছিলো ধাপলি

আজি তই কত হেৰুৱালি প্ৰকৃতি সৃষ্ট

তোৰ সেই ৰুপ লাৱণ্যৰ জিলিকনি৷

যান্ত্ৰিক যুগৰ মানৱ সৃষ্ট বিজুলীৰ উৎস

গেৰুকা মুখৰ বান্ধত তই হেৰুৱালি নেকি

তোৰ প্ৰকৃতিৰ ৰুপ লাৱণ্য?

সোৱনশিৰি অ সোৱনশিৰি তোৰ বুকুত

সোণ বিছাৰি খালো হাবাথূৰি ৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages