নৈপৰীয়া সপোন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

নৈপৰীয়া সপোন

 


নৈপৰীয়া সপোন

মিনা ৰাম মিলি

পহুমৰা, উত্তৰ লখিমপুৰ


   গেনে কান্ধত গামোচাখনলৈ ভাৱত বিভোৰ হৈ একেথৰে বহু দূৰলৈ উদাস মনে চাই আছে৷পথাৰখনৰ সিটো মূৰত থকা ঔটৈঙা জোপা সৰুকৈহে দেখা পাইছে ৷ভদীয়া বানে শেষ কৰি থৈ যোৱা নদন-বদন পথাৰখনত ধান এজোপা বুলিবলৈ চিনচাব নোহোৱা হ'ল৷কি দিন আছিল কি হৈ গ'ল!মাছ পুঠিৰে ভৰপূৰ পথাৰখন বালিচৰ হ'ল৷নিজে কৰা বেলেগ বেলেগ ধানেৰে ভঁড়ালটো ভর্তি হৈয়ো বাৰান্দাত থব লগীয়া হৈছিল৷লৰা ছোৱালী দুটাৰ কলেজত পঢ়াৰ খৰচ এইবোৰৰ পৰাই ওলাইছিল৷মাকে পোহা হাঁহ কুকুৰা ছাগলীও  বজাৰত বিকি খৰচৰ সকাহ দিছিল৷নদী ফালৰ মাথাউৰিটো চিঙি ৰাতিয়ে অহা পানীয়ে গোটেই হাঁহৰ জাকটোকে লৈ গ'ল৷ন-পানী পাই সিহঁতে আমাৰ কথা পাহৰি পেলালে৷কোনেবাই ধৰি খালে হবলা!গৰুকেইটা খুলি সিঁহতে যেনেতেনে প্রাণবোৰ লৈ মাথাউৰি পালেগৈ৷বাকীবোৰ দুই এটা ৰ'ল৷হায়!বিধিৰ কি বিধান!পানীয়ে মুধচ চুইছিল৷এসপ্তাহ পানীত ককবকাই থকাৰ পিছত লাহে লাহে পানী শুকাল৷পানীত বুৰি থকা ঘৰৰ বেৰবোৰৰ পৰা ভেকেটা ভেকেট গোন্ধ আহিল৷লগতে ঘৰবোৰ সোলোক ঢোলোক হ'ল৷সকলো ঠিকঠাক কৰোতে এসপ্তাহ মানেই লাগিল৷তিতা ধানবোৰ ভঁড়ালৰ পৰা উলিয়াই ৰ'দত দিলে৷গাপ উঠি গলগৈ৷গজালিও মেলিল৷চৰকাৰ আৰু দুই এক সংগঠনে সাহার্য দিলে ৷সেয়ানো কিমান দিনলৈ!লৰা ছোৱালী দুটাও হোষ্টেলৰ পৰা আহিল৷ এটাৰ পৰীক্ষা হৈ আছিল ৷হ'লেওনো ওপজা ঘৰখন,গাওঁখনৰ দুর্দিনত কেনেকে নহাকৈ থাকিব৷ছোৱালীজনীয়ে আহিয়েই কান্দিলে৷চাৰিওটাৰে মুখত মাত নাই৷পিছত মাকে সিঁহতক বুজাই বঢ়াই পুনৰ পঠিয়াই দিলে৷সিহঁতে আগৰ নিচিনাকৈ পইচা বিচাৰি মাকলৈ ফোন নকৰা হ'ল৷ঘৰত মাক বাপেক দুটাৰো আগৰ দৰে ৰং ৰইচ,হাঁহি তামাচাবোৰ আপোনা আপোনি কমি আহিল৷নগেনৰ এটাই চিন্তা নিজে নাখায় হলেও ইহঁত দুটাক মানুহ কৰিবই লাগিব৷কিন্তু কেনেকৈ?বালিয়ে ঢকা পথাৰখনত কিবা হব জানো!এনেদৰে আবোল তাবোল চিন্তা কৰি পাৰ নোপোৱা হৈছে৷

     এবাৰ ভাৱে দা খনলৈ টাউনলৈকে গৈ দিন হাজিৰা কাম কৰিবগৈ৷নহয় নহয়!সিহঁত দুটাই লাজ পাব৷নহলে ব্রইলাৰ বেপাৰকে কৰো৷ধাৰ বাকী কৰি হাঁহ কুকুৰা এগালকে পোহোনেকি?নহয় নহয় আজি কালি বোলে বতাহ চৰাই আৰু কিবাকিবি নতুন নতুন জাতৰ কুকুৰা,পাৰ আদি ওলাইছে৷এইবোৰৰ চাহিদাও বেছি বুলি শুনিছো৷তাৰে খবৰ এটা লৈ ক'ত কেনেকৈ পায়,কি কৰিব লাগিব, গম গতি লব লাগিব৷এতিয়াই কিবা এটা নকৰিলে নহব৷ভঁড়ালত থকা ধান কেইডাল আৰু হাতত থকা পইছা কেইটা শেষ হোৱাৰ আগতে কিবা এটা কবিবই লাগিব৷এইবুলি চিন্তা কৰি নগেনে ঠিয় হওঁতে কান্ধৰ গামোচাখন পৰি যায়৷গামোচাখন পদুমীয়ে থাপমাৰি ধৰিলে৷ওচৰতে লৰাহঁতৰ মাক পদুমী কেতিয়া আহি বহিলহি নগেনে গমেই নাপালে৷একেই চিন্তাক্লিষ্ট মুখ৷নগেনে শুধিলে—তুমিচোন গা বেয়া বুলি শুই আছিলা,কেলেই উঠি আহিলা?

পদুমীয়ে হুমুনিয়াহ কাঢ়ি কলে

—মোতকৈ আপোনাৰে গাটো বেছি বেয়া দেখিছো৷

—ক'তা মইটো ঠিকেই আছো!

—আপোনাৰ মনৰ ভিতৰৰ যুঁজখন আৰু সপোনবোৰ মোক দেখা নাই বুলি ভাৱিছে নেকি?

নগেনে তাইৰ চকুলৈ চাব নোৱাৰিলে৷দুটোপাল তপত চকুপানীয়ে বুকুৰপৰা আহি চকুত খুন্দা মাৰিলে৷মনে মনে দুয়ো ভিতৰলৈ খোজ ল'লে৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages