মই কবি, কাৰণ শব্দ সব্যসাচী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

মই কবি, কাৰণ শব্দ সব্যসাচী

 


মই কবি, কাৰণ শব্দ সব্যসাচী


                                                             জোনমণি দাস

চানমাৰি, গুৱাহাটী

খবৰকাগজৰ খুচুৰা খবৰে

মোক কলেহি আহি কাঁড়ৰ কোবেৰে

প্ৰেমে-প্ৰতিবাদে প্ৰত্যয়-প্ৰতীতিৰে মই কবি

এইবাবেই নোৱাৰোঁ সহিব

আন্ধাৰৰ আত্মৰতি


দিন-ৰাতি একাকাৰ কৰি

শৃংখল চেতনাৰে সংকটকালতো লিখোঁ

মাটিপ্ৰতিমাৰ কল্যাণী কবিতা।

আঁতৰাই বুৰঞ্জীৰ বিপাক 

শব্দক খুলি দিওঁ পুৰণি পোছাক…


হে মহাকাল, পাৰিছানে চিনিব তুমি

ধোঁৱাখোৱা অতীতৰ স্বপ্নদোষৰ

দুঃস্বপ্নৰ ভেঙুচালি ভাঙি

তেজে-মঙহে মই কথকী কবি

অক্ষত শব্দই মোৰ অক্ষৌহিণী।


কোৱা মহাকাল, মোৰ মুখেদি কোৱা

কালৰ ইতিত  আকৌ কেনেকৈ সূচনা হ’ব নাহৰফুটুকী কাল,

কলিয়ে কেনেকৈ আদৰিব কল্কিক?

বুৰঞ্জীৰ আলিকেঁকুৰিত

কেনেকৈ দৌৰিব লেঙেৰা দশক


মই কবি, কাৰণ পৃথিৱী শস্যৱতী…


ভৱিষ্যৰ ভূতকালে 

কথা নোকোৱা হ’লে

কবিতাই মহুৰা বটি জগতত ঢেৰ কথা ক’ব।

মাটিৰ মৃদং বজায় 

কংসৰ কাৰাগাৰ ভাঙিব

শব্দৰ বজ্ৰ প্ৰহাৰে।

অকালতে আকালৰ চোতালত তাণ্ডৱ নাচি

সত্যই শকুনি বধিব।

আন্ধাৰৰ আত্মৰতি ভাঙি

ভীষ্মৰ ভষ্মৰ পৰাই যুগে যুগে জন্মিব মৃত্যুঞ্জয় কৰ্ণ,

অচেতন মানুহক কৃষ্ণই দিব

অভিনৱ অপ্ৰমাদী অম্লান চেতনা।


কৃষ্ণৰ অংশৰে মই কবি, জোনমণি


কাৰণ শব্দ সব্যসাচী।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages