পাৰম্পৰিক মিচিং নৃত্যশৈলীত আধুনিক নৃত্যৰ প্ৰভাৱ
জাতিৰাম কমান
তানি গোষ্ঠীৰ পাৰম্পৰিক লোকনৃত্য সমূহৰ লগতে মিচিং লোকনৃত্য যেনে – লেৰেলী, চেল্ল’য়া, মিবু আঃবাং নৃত্যৰ বাদে মিচিং গুমৰাগ চঃমান অথবা অই নিঃতমৰ লগত তাল মিলাই সংগত কৰা নৃত্যশৈলীৰ লগত অসমীয়া বিহু নৃত্যৰ কিছু সাদৃশ্য দেখা যায় যদিও দুই নৃত্যশৈলীৰ মাজত বৈশাদৃশ্য কিছু নথকাও নহয়।
বিহু নৃত্যৰ দৰে গুমৰাগ বা বিহুত ঢোলৰ চেৱে চেৱে নচা নৃত্য আচলতে ডেকা গাভৰুক জোৰাই গোৱা যৌৱনৰ গীতৰ সতে তাল মিলাই নচা নাচ। দুয়োবিধ নৃত্যত ঢোল, পেঁপা, গগনা আৰু বাঁহী আদি বাদ্যযন্ত্ৰ সংগত কৰা হয়। বিহুগীতত ছন্দ মিলাই ডেকা গাভৰুৰ প্ৰেম পিৰিতিক জোৰাই গোৱা হয় আৰু ঢোলৰ চেঁৱে চেঁৱে নাচনীয়ে কঁকাল ভাঙি ভাঙি নাচে।ঠিক তেনেকৈ মিচিং গুমৰাগ নৃত্যতো ঢুলীয়াৰ ঢোলৰ চেঁৱে চেঁৱে অই নিঃতমৰ সুৰে সুৰে তাল মিলাই নাচনীয়ে নাচে।
বিহুনৃত্য আৰু মিচিং নৃত্যৰ মাজত থকা মৌলিক পাৰ্থক্যটো হল বিহুনৃত্যত কঁকাল ভাঙি নচাৰ লগতে গাভৰুৰ দুবাহু আৰু উঠন বুকুজুৰিৰ অংগ চালনাৰ লগতে চকুৰ চাৱনি আৰু মুখৰ হাঁহিত আবেদনৰ ইংগিত ফুটি উঠা পৰিলক্ষিত হয়।বিহুনৃত্য আচলতে আবেদনময়ী যৌৱনৰ নৃত্য।আৰু স্পষ্ট ভাষাত ক’বলৈ গ'লে বিহুনৃত্য একপ্ৰকাৰ যৌৱনোদ্দীপক নৃত্য। আধুনিক যৌনগন্ধী নৃত্যৰ শাৰীত নপৰিলেও যৌৱনৰ আবেদন থকা নৃত্যশৈলী।
বিপৰীতে মিচিং গুমৰাগ নৃত্যত নাচনীয়ে বৰকৈ কঁকাল নাভাঙে আৰু বুকু আৰু দুবাহুৰ অংগ চালনা প্ৰৱল নহয়। কঁকাল, দুবাহু আৰু বুকুৰ জোকাৰণিতকৈ নাচনীয়ে হাত ভৰি আৰু আঙুলিৰ চালনা বেছিকৈ কৰে। হাতৰ আঙুলি ঘূৰাই ঘূৰাই ভৰিৰ লগত তাল মিলাই নৃত্য কৰে। বিহু নৃত্যত ঢুলীয়াৰ সতে একোজনীকৈ নাচনীয়ে ঢোলৰ চেঁৱে চেঁৱে ঘূৰি ঘূৰি নাচে যদিও গুমৰাগ চঃমানত নাচনীয়ে জোম বান্ধিহে নাচে। ঢোলৰ তালে তালে শাৰী পাতি দলবদ্ধ হৈহে নাচে, অকলে অকলে নচা দেখা নাযায়।গুমৰাগ নৃত্যটো আচলতে লোকনৃত্যহে।
দুমজাং দুমজাং ৰৗবৗনাকৃ ৰৗবৗনাক
দুমজাং দুমজাং ৰৗবৗনাকৃ ৰৗবৗনাক
বৗৰ বৗৰ বৗৰনাক তাকবৗৰ বৗৰনাক
দৃলগৃজাং জাং দৃলগৃজাং জাং দৃলগৃজাং জাং বৗৰ বৗৰ বৗনয়াং তাকৗবৗৰ বৗনয়াক বেনকৃবৗয়াক তাক্কৃ বৗনয়াক তাকচৃ বৗৰ বৗৰ বৗৰ॥
গুমৰাগ চঃমানত বজোৱা ঢোলৰ এই মূল চেওতোত নাচনীয়ে হাত ভৰি আচাৰি নচাৰ পাছত ঢোলৰ তালে তালে অইনি:তমৰ সুৰে সুৰে এখন হাত এবাৰ সিখন হাত এবাৰ উঠাই ভৰিৰ লগত সংগতি ৰাখি শাৰী পাতি ছন্দ মিলাই নাচে। ইয়াৰোপৰি কঠিয়া তোলা, ভূঁই ৰুৱা, ধান দোৱা,উৰালত ঢেকী দিয়া, কোলাত ধান ঝৰা আদি হস্ত চালনাৰে আকাৰে ইংগিতে নৃত্য কৰা দেখা যায়। মিচিঙৰ গুমৰাগ নৃত্য আচলতে কৃষিভিত্তিক লোকনৃত্যহে। মিচিং পাৰম্পৰিক নৃত্যত শাৰিৰীক যৌৱনৰ আবেদন নাই যদিও মনৰ আবেগ নাই বুলি ক’ব নোৱাৰি। দেহাৰ আবেদন প্ৰকট নহলেও মনৰ আবেগ নথকা নহয়। কোনো নৃত্যশৈলীয়েই আবেগশূন্য নহয়। মিচিং লোকনৃত্যও তাৰ ব্যতিক্ৰম নহয়।
অৱশ্যে আধুনিকতাৰ পৰশে মিচিং লোকনৃত্যকো চুই গৈছে। সাম্প্ৰতিক কালৰ মিচিং গীতৰ নৃত্যশৈলীত বিহু নৃত্যৰ কিছু কিছু প্ৰভাৱ পৰাৰ উপৰিও হিন্দী বোলছবিৰ পৰা আমদানি হোৱা কমাৰ্চিয়েল নৃত্যৰ লগতে দুই এক পশ্চিমীয়া নৃত্যৰ চিটিকণি নপৰা নহয়। মিচিং বোলছৱিৰ আধুনিক মিচিং গীতৰ নৃত্য সমূহত তেনে দৃশ্য দেখা পোৱা গৈছে।
ধ্ৰুপদী সংগীত নৃত্য কলাৰ বাদে বাকী লঘূ সংগীত আৰু আধুনিক নৃত্য কলাত বিৱৰ্তন নোহোৱা নহয়। কৃষ্টি সংস্কৃতিৰ বিকাশ সাধনত বাহিৰৰ পৰা বাগৰি অহা গীত নৃত্যৰ প্ৰভাৱ এৰাই চলিব নোৱাৰি।দুই এটা প্ৰভাৱ পৰাতো স্বাভাৱিক। তেনেদৰে প্ৰভাৱ পৰিলেও কিন্তু লোক গীত-নৃত্যৰ মূল ধাৰাতো বজাই ৰাখি বাহিৰৰ পৰা অহা গীতেই হওক বা নৃত্যই হওক, ইয়াৰ উৎকৃষ্টখিনি, অৰ্থাৎ লব পৰা খিনি গ্ৰহন কৰি নৃত্যশৈলীক উৎকৰ্ষ সাধন (improvised) কৰাতো দোষণীয় নহয়। ই এক ধৰণৰ সাংস্কৃতিক সংমিশ্ৰণ(cultural assimilation). কিন্তু তাকে নকৰি মূল নৃত্যশৈলীক বিকৃত কৰি বেপেৰুৱা বা বজৰুৱা কৰি পৰিৱেশন কৰিলে অতি দৃষ্টিকটু হয়। এই কাৰ্যক সাংস্কৃতিক সংবৰ্ধন নুবুলি সাংস্কৃতিক বিকৃতকৰণ কৰাহে বুলিব পাৰি। কাজেই, তেনে কাৰ্যৰ পৰা নৃত্যশিল্পী সকল সাৱধানে বিৰত থকাতো উচিত।
আগৰে পৰা চলি অহা একে ঠাঁচত নাচি থকা নৃত্যশৈলীও দৰ্শকৰ বাবে একঘেয়ামিৰ কাৰণ হব পাৰে, আমনিদায়কো হব পাৰে! কাজেই, বাহিৰৰ অন্য সংস্কৃতিৰ পৰা ভালখিনি কিছু ধাৰ কৰি বা নকল কৰি আধুনিক নৃত্যশৈলীত অতি কৌশলেৰে সংযোজন কৰি প্ৰয়োগ কৰিব পাৰিলে ভাল কথা। তাকেই সুন্দৰ ভাৱে পৰিৱেশন কৰিব পৰা গুণটো পৰিৱেশ্য কলাৰ এক সুন্দৰ নিদৰ্শন। নৃত্যশিল্পী সকলে তেনেদৰে নৃত্য কলাক উৎকৰ্ষ সাধন কৰিব পাৰিলে কব লগা একো নাই। তাকে নকৰি মিচিং লোকনৃত্যৰ অৰিজিনেল ফৰ্মক আধুনিকতাৰ নামত বিকৃত কৰিলেই বিপদ! মিচিং পাৰম্পৰিক নৃত্যৰ গতি বা ধাৰাতো যাতে অবাটে গৈ মূল শৈলীটো ক'বাত হেৰাই গৈ ছিন্নমূল হৈ নাযায় তালৈ নৃত্য বিশেষজ্ঞ সকলে শেনচকু ৰখাতো অতি প্ৰয়োজনীয় আৰু সময়ৰ আহ্বান।

No comments:
Post a Comment