চাকৰিয়ালৰ বিয়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

চাকৰিয়ালৰ বিয়া

 


চাকৰিয়ালৰ বিয়া

হজৰত আলী

ধুবুৰী,অসম


      পঢ়া শুনাত তেখেত মেধাৱী হ’লেও উচ্চ শিক্ষাৰ বাট তেখেতৰ বহুত কণ্টকময় ৷ তেখেতৰ দৰে কংগাল অৰ্থনৈতিক অৱস্থা থকা হাজাৰ পৰিয়ালৰ ফুল-কুমলীয়া ল’ৰা-ছোৱালীয়ে পৰিস্থিতি আৰু ভাগ্যৰ লগত হাৰ মানি সোনকালেই শিক্ষা জীৱন সমাপণ কৰে ৷ উচ্চ শিক্ষাৰ আল ধৰিব নোৱাৰি নিজৰ এখুদমান মাটিডৰাতেই ব্যস্ত হৈ পৰিল আদিত্য। পুৱা-আৱেলি গাঁৱখনৰ কেইজনমান  পঢ়াৰ প্ৰতি অৰুচি আৰু ফ্ৰী ফায়াৰ খেলৰ প্ৰতি আসক্ত ল’ৰা-ছোৱালীক মাহেকত ২০০ টকাৰ বিনিময়ত টিউচন পঢ়ায় ৷  এসময়ত ল’ৰাবোৰে  পঢ়াৰ প্ৰতি আগ্ৰহী হৈ উঠিল  ৷ তেখেত সৰু থাকোতেই তেখেতৰ মৰমিয়াল মাকজনীৰ মৃত্যু হোৱাত ঘৰখনত ভাত ৰন্ধাৰ মানুহ এজনীও নাই ৷ কেতিয়াবা সিহঁতৰ শৰীৰ বেয়া হৈ পৰিলে ভাত ৰন্ধাৰ জুহালখন শূন্য পৰি যায় আৰু তেতিয়া অনাহাৰতেই  ৰাতিটো পাৰ কৰিবলগীয়া হয় ৷ 

        গাঁৱখনৰ বহু জ্ঞানী লোকে আদিত্যক বিয়া পাতিবলৈ কয়। বিয়া পাতিলেই ঠুনুকা সংসাৰখন আকৌ সজীৱ হৈ উঠিব বুলি প্ৰবোধ দিয়ে ৷ 

        “ কষ্ট হ’লেও উপায় নাই, মই এতিয়া বিয়া পাতিব নোৱাৰিম, দেউতা ৷ কোনো এটা চাকৰি বা কোনো এটা কৰ্ম সংস্থান নোপোৱালৈকে মই বিয়া পাতিব নোৱাৰোঁ ৷,” দেউতাকক শান্ত-গম্ভীৰভাৱে ক’লে আদিত্যই ৷ 

        “ দেখ আদিত্য, মই বুঢ়া হৈ গৈছো ৷ কেতিয়া মৰো তাৰ কোনো উৱাদিহ নাই, গতিকে মই বোৱাৰী চাইহে মৰিব বিচাৰো, মানা নকৰিবি আদিত্য ৷,” আদিত্যৰ মৰমীয়াল দেউতা অভিমানীয়ে  জোৰ কৰি ক’লে ৷

          বিপাঙত পৰিল আদিত্য। দুটা কাৰণতহে তেখেতে নিজৰ ইচ্ছা আৰু সিদ্ধান্তক বদলাই পেলালে;  বিয়া পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। ঘৰখনত ৰন্ধা-বঢ়াৰ মানুহ এজনীও নাই আৰু আনটো কাৰণ--- দেউতাকৰ কথা তেখেত কেতিয়াও অমান্য কৰিব নোৱাৰে ৷

         অলিভীয়া দেখাত ধুনীয়া, লগতে শান্ত, শিষ্ট, হৃষ্ট-পুষ্ট, কিন্তু ভিতৰি ভিতৰি মহা দুষ্ট, তথাপিও আদিত্যই তাইক বিয়া পতাৰ বাবে মনস্থ কৰিলে ৷ পাকৈত ঘটকী এজনীক পঠাই দিলে ছোৱালীজনীৰ ঘৰলৈ। এশজন ঘটকেও হাৰ মনা ঘটকীজনী অলিভীয়াৰ ঘৰত উপস্থিত হ’ল নানা মন্ত্ৰ-মুগ্ধকাৰী কথাৰ টোপোলা লৈ ৷ 

       ১৮ বছৰীয়া অলিভীয়া পৰিয়ালটোৰ একমাত্ৰ কন্যা সন্তান দুই ভাই ককাইৰ সৈতে ৷ নিপুণ ঘটকীজনীয়ে তাইৰ মুখৰ মৌ- সনা কথাৰে আদিত্যৰ বিয়া অলিভীয়াৰ লগত বন্দবস্ত কৰাত ব্যৰ্থ হ’ল। তাইৰ প্ৰথমবাৰ ক্ষমা খুজিবলগীয়া হ’ল  কোনো বিয়া বন্দবস্তৰ কামত। তাইৰ ঘৰখন আগশাৰীৰো নহয়, আনকি তাইৰ পঢ়াশুনাও আন দহজনৰ চকুত লগাকৈ নহয়; তথাপিও আদিত্যৰ লগত বিয়া হোৱাত অগ্ৰাহ্য কৰিলে, অংগুষ্ঠ দেখুৱালে ৷ তেখেতৰ দৰে সহজ, সৰল, পৰিপাটি আৰু জীৱনৰ লগত অভ্যামৰ্দ কৰা ল’ৰা অঞ্চলটোত খুব কমেই ওলাব, তথাপিও কিয় যে তাই তেখেতক অগ্ৰাহ্য কৰিলে তাৰ কাৰণ উল্লেখ নকৰিলে মনটোৰ মন বোমাটো আচম্বিতে ফুটি উঠিব পাৰে ৷ 

       আদিত্যৰ দেউতাক এগৰাকী ভাল খেতিয়ক। তেখেত এজন অশিক্ষিত ব্যক্তি, কিন্তু আদিত্যৰ চকুত তেখেতৰ দেউতাক গাঁৱখনৰ ভিতৰত এগৰাকী জ্ঞানী ব্যক্তি। আদিত্যৰ কোনো চৰকাৰী চাকৰি নাই ---এই দুটা কাৰণত অলিভীয়াই বিয়াৰ প্ৰস্তাৱটো গ্ৰহণ নকৰিলে হ’বলা ! কন্যাৰ দেউতাকে ভাবিলে আদিত্যই অলিভীয়াক বিয়া কৰালে অলিভীয়াক সুখত ৰাখিব নোৱাৰিব, কাৰণ তেওঁৰ চৰকাৰী চাকৰি নাই ৷ 

         যিবোৰ ছোৱালীক আদিত্যই পছন্দ কৰিব ধৰিলে, সেইবোৰ পৰিয়ালৰ লোকে তেওঁৰ লগত জীয়েকক বিয়া দিবলৈ অমান্তি হ’ল; কাৰণ এটা জ্বলজ্বল পট পট হৈ আছে ৷

       তেওঁ বিপাঙত পৰিল ৷ মানুহজন দেখাত ধুনীয়া, সভ্য, নম্ৰ আৰু ভদ্ৰ , তথাপিও লোকৰ জীয়ৰীক তেওঁৰ লগত বিয়া দিবলৈ কিয় অমান্তি , মাথো তেওঁৰ চৰকাৰী চাকৰি এটাহে নাই ৷  

         “দেউতা, মানুহে কিয় চৰকাৰী চাকৰি পোৱা ল’ৰাৰ লগতহে জীয়েকক বিয়া দিব বিচাৰে ? চাকৰি নোপোৱা ল’ৰাই পত্নীক ভালকৈ তিনি সাজ ভাত দিব নোৱাৰে নেকি যে চাকৰি পোৱা ল’ৰাকহে কেৱল বিচাৰে ??,” দেউতাকৰ আগত আৱেগেৰে ব্যক্ত কৰিলে আদিত্যই ৷

       “ চিন্তা নকৰিবা আদিত্য--- তোমাৰ কপালত যি ছোৱালী আছে তাকেই তুমি পাবা, বেটা ৷“

       যিমান বিলাক ছোৱালীক তেওঁ চাইছে তাৰ ভিতৰত অলিভীয়াকহে তেওঁ বেছি পছন্দ কৰিছে, কিন্তু তেওঁৰ যে যোগ্যতা নাই তাইক পাবলৈ ৷ গতিকে তেওঁ পোৱা নোপোৱাৰ চক্ৰবেহুত পৰি হতভাগ হৈ পৰিছে ৷ আশাৰীকান্দি গাঁৱৰ দক্ষিণ পশ্চিম ফালে থকা গাঁৱখনত অলিভীয়া মেহেতাৰ ঘৰ। 

         ভাগ্যৰ সোণালী চক্ৰ কাৰ, কেতিয়া, ক’ত আৰু কেনেকৈ ঘূৰি ঘূৰি উজ্জ্বল দিন আহে সেয়া কোনেও অনুধাৱন কৰিব নোৱাৰে। হয়তো আদিত্যৰ ক্ষেত্ৰতো কোনেও ভবাই নাছিল যে তেখেতৰ জীৱনত এনে এখন দিন আহিব ৷ লাখ টকা উৎকোচ দি এনে সোণালী দিন ক্ৰয় কৰাটো আদিত্যৰ  কেতিয়াও  সম্ভৱ নহ’লহেঁতেন। 

        কষ্ট, ধৈৰ্য আৰু লক্ষ্যৰ প্ৰতি দৃঢ় আত্মবিশ্বাস থাকিলে সময়ত লক্ষ্যত উপনীত হ’ব পৰা যায় সেয়া এশ শতাংশই ধূৰুপ ৷ আদিত্যই টেট চাকৰিটো পাই বহুত আত্ম সন্তুষ্টি লাভ কৰিলে ৷ বিয়াৰ বিষয়টোক দুবছৰৰ  বাবে আঁতৰাই ৰাখিলে ৷ ঘৰখনক সজাই পৰাই তুলিহে বিয়াৰ কথা ভাবিব আদিত্যই ৷ 

          বিয়া পতাটো বহুত কঠিন  পৰীক্ষা যদি তুমি নিবনুৱা ! বনুৱা হ’লে কথা নাই, বিয়া পতাত সহজ হয় ভাই। আদিত্যৰ ক্ষেত্ৰতো তেনেকুৱাই পৰিস্থিতি ৷ বহু  ছোৱালীৰ অভিভাৱকে বিয়াৰ প্ৰস্তাৱলৈ আদিত্যৰ দেউতাকৰ ওচৰত আহা আৰম্ভ কৰিলে ৷ লাহে লাহে অলিভীয়াৰ মায়া লগা আকৰ্ষণীয় চেহেৰাটো আদিত্যৰ চকুত ম্লান পৰিব ধৰিলে; যি অলিভীয়াক পাবলৈ এসময়ত তেওঁ হাজাৰ বাৰ সপোন দেখিছিল, কিন্তু চাকৰি এটাই তেখেতৰ পুৰণি ধ্যান-ধাৰণা আৰু মত-অমতক সলাই পেলালে ৷ সকলো ছোৱালীৰেই প্ৰস্তাৱ তেখেতে পোনচাটেই নাকচ কৰিব ধৰিলে ৷

       “বেটা আদিত্য, তুমি এতিয়া চাকৰিয়াল ব্যক্তি হৈ পৰিছা ৷ এতিয়া তোমাৰ বিয়াৰ কামটো সম্পূৰ্ণ কৰিলে ভাল হ’ব ছাগে ৷ বহু চাকৰিয়ালৰ ছোৱালীক তোমাৰ লগত বিয়া দিব বিচাৰিছে, তুমি কি কোৱা আদিত্য ?,” দেউতাকে আনন্দ মনেৰে  ক’লে ৷ 

        “ দেউতা, মই চাকৰিয়ালৰ জীয়েকক বিয়া পাতিব নোৱাৰিম। বিয়া পাতিব লাগিলে ধনী ব্যৱসায়িকৰ  ছোৱালীক পাতিম নহ’লে দুখীয়া ছোৱালীক বিয়া পাতিম ৷ ”

         “ কি, তুমি চাকৰি কৰি দুখীয়া ছোৱালীক বিয়া পাতিবা--- এইটো বাৰু কেনেকুৱা সিদ্ধান্ত !”

       তেওঁ বহাৰ পৰা উঠি দামোৰাটোক বান্ধি থাকি ক’বলৈ ধৰিলে, “হয় দেউতা ৷ মই যেতিয়া নিবনুৱা আছিলো তেতিয়া চাকৰিয়ালৰ অপেশ্বৰী জীয়েকহঁতে মোৰ লগত বিয়া হ’বলৈ ইংকাৰ কৰিছিল; কাৰণ তেতিয়া মোৰ চাকৰি নাছিল। এতিয়া চাকৰি পাইছোঁ বাবে ছোৱালীবোৰে লাইন পাতিছে, হুম !,” অলপ আৱেগৰ সুৰত ক’লে আদিত্যই ৷ 

        গাঁৱলীয়া পৰিৱেশত গাঁৱবাসীয়ে সন্ধিয়াৰ প্ৰথম প্ৰহৰতেই খোৱা কাম শেষ কৰে ৷ আদিত্যই খোৱা শেষ কৰিছে মাথোঁ তেনেতে চুলি পকা বুঢ়াই তেখেতৰ ঘৰত উপস্থিত হ’ল। আলহীক আপ্যায়ন কৰাৰ দৰে এখন মুঢ়া দিলে বহিবলৈ  ৷ বুঢ়াজনে খুব ভদ্ৰতাৰে মুঢ়াত বহি ললে ৷ 

        “আচ্ছা বেটা, তোমাৰ লগত অলিভীয়াৰ বিয়াৰ প্ৰস্তাৱ লৈ আহিছো, এই বিষয়ে তুমি কি কোৱা ?,” বুঢ়াজনে ধীৰ গম্ভীৰ বাবে ক’লে ৷

         বুঢ়া মানুহগৰাকী অলিভীয়াৰ নানাদেউ( ককা দেউতা )৷ অলিভীয়াৰ কথা শুনি আদিত্যৰ মনত জুই জ্বলিব ধৰিলে। যি অলিভীয়াক বিয়া পাতিবলৈ এবছৰ আগত তেওঁ পাগল হৈ প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু অলিভীয়াৰ দেউতাকে সেয়া নাকচ কৰিছিল; মাত্ৰ তেখেতৰ কোনো চাকৰি বাকৰি নাছিল বুলি, এতিয়া আহিছে আকৌ ভঙা খালৈটোক জোৰা-টাপলি মাৰিবলৈ ! নাই, নহয়, নহ’ব ৷ আদিত্যই এবাৰ মানা কৰিছে যদি সেয়াই হ’ব ৷ আদিত্যই বুঢ়া মানুহজনৰ প্ৰস্তাৱটো নাকচ কৰি বুঢ়া মানুহজনক আঁতৰি যাবলৈ ক’লে। 

       বুঢ়াজন এলা পেচা বিধৰ বুঢ়া নহয়। কূটনৈতিক বুদ্ধিত বহু পাকৈত তেওঁ ৷ তেওঁ নাতিনীয়েকক আদিত্যৰ লগত বিয়া দিবই ৷ বুঢ়াজনে বেজাৰ মনেৰে আদিত্যৰ ঘৰ এৰিলে। তেওঁ খোজকাঢ়ি থাকিল আৰু একক বুদ্ধি পাঙিবলৈ ধৰিলে ৷

        “নানাদেউ (ককাদেউতা ), আদিত্যৰ লগত মোক কেনেকৈ বিয়া পাতি দিবা সেয়া তোমাৰ কথা; এটা কথা মনত ৰাখিবা মই আদিত্যৰ পত্নী হ’ব বিচাৰো, অন্যথা... ৷” অলিভীয়াই ক’লে ৷

      “চিন্তা নকৰিবি নাতিনী , তোক আদিত্যৰ লগত বিয়া পাতি দিমেই ৷ আদিত্যৰ লগত তোক বিয়া দিব নোৱাৰিলে মোৰ নাম কানু বুঢ়াক সলাই থ’বি, বুজিছা ?,” বুঢ়াজনে তাইক প্ৰবোধ দিলে ৷

         তাই আনন্দিত হ’ল ৷

        “ তই এটা কাম কৰাগৈ--- আদিত্যৰ অন্তৰঙ্গ বন্ধু ৰাকেশ, আৰু ৰাকেশৰ ভনী তৰা ৰবিৰ প্ৰেমিকা। এতিয়া কথা হ’ল, তই তৰাক হতুৱাই তাইৰ প্ৰেমিক ৰবি আৰু ৰবিৰ বন্ধু আদিত্যক স্নান ঘাট বাগিছাত আবেলি সন্ধিয়াৰ আগে আগে আহিবলৈ ক’বি, বাকী কি কি কৰিব লাগে মই কৰিম দে ৷,” অলিভীয়াৰ ককায়েকে নাটকীয় ভঙ্গিমাৰে ক’লে ৷

        অলিভীয়াই ককাদেউতাৰ কথাটো বুজি নাপালে বা বুজিবলৈ চেষ্টাও নকৰিলে ৷ যি কৰিব লগা আছে সকলোবোৰ ককাদেউতাই কৰিব, গতিকে তাই নাকত তেলদি বহি থাকিল ৷ ইফালে ককায়ে বিশালাকাৰ বৰালী মাছটো ধৰিবলৈ নতুন সূত্ৰ আবিষ্কাৰ কৰিব ধৰিলে ৷ এইবোৰ গম নোপোৱা আদিত্যই মুক্ত মনেৰে মুক্ত পৰিৱেশত ছোৱালী চোৱা আৰম্ভ কৰিলে ৷ 

         যদিও আকাশখন ফৰকাল তথাপিও বৰষুণ নাহে বুলি বতৰ বিজ্ঞানীয়েও এশ শতাংশ সঠিককৈ ক’ব নোৱাৰিব ৷ অন্তৰংগ বন্ধু ৰবিৰ কথা আদিত্যই নাকচ কৰিব নোৱাৰি আবেলিটোত স্নান ঘাট বাগিছাত উপস্থিত হ’ল। বাগিছাখনত ফুলবোৰে প্ৰেমৰ মহা মিলনৰ গীত গাই আছে ৷ ৰবি আৰু তৰাই ভদ্ৰতাৰে আদিত্যৰ ওচৰলৈ গ’ল আৰু বহুদিনৰ সাঁচতীয়া কথাবোৰ পাতিব ধৰিলে ৷ অলিভীয়াই চুলি উৰুৱাই উৰুৱাই আদিত্যৰ বিপৰীত ফালৰ পৰা বিদ্যুত বেগে আহি সিহঁত তিনিজনৰ কাষত থিয় হ’ল ৷ 

         “ আদিত্য, আই লাভ ইউ ৷”, অলিভীয়াই মিচিকিয়া হাঁহি মাৰি মৃদু কোমলভাবে ক’লে আৰু আদিত্যৰ চাকৰিয়াল হাতখন ধৰিলে ৷

        আদিত্য হতচকিত হ’ল। ক’ৰপৰা আকৌ আপদ আহি তেখেতৰ ওচৰত উপস্থিত হ’ল ৷ তেওঁ হাতখন জোকাৰি অলিভীয়াৰ হাতৰ পৰা মুক্ত হ’ল আৰু অলপ দূৰলৈ আতঁৰিল ৷

       “ প্লিজ আদিত্য, মোক অৱহেলা নকৰিবা ৷,”  

        তাই আকৌ আদিত্যৰ ওচৰলৈ গ’ল আৰু এইবাৰ তাই আদিত্যক চিনেমা ষ্টাইলত সাৱটি ধৰিলে ৷ এই দৃশ্যটো দেখা পাই ৰবি আৰু তৰাই অলপ আঁতৰিল আৰু দূৰৈৰ পৰা সিহঁতৰ কাৰুকাৰ্য চাই থাকিল ৷ 

       আদিত্যই অলিভীয়াৰ হাতৰ পৰা এৰা খাবলৈ পাৰ্য্যমানে কচৰৎ কৰিব ধৰিলে ৷ আচম্বিতে ক’ৰবাৰ পৰা অলিভীয়াৰ নানাদেউ আৰু কেইজনমান লোক আহি উপস্থিত হ’ল ৷ 

        “ নানাদেউ( ককাদেউতা), চোৱা আদিত্যই মোক বলপূৰ্বকভাবে সাৱটি ধৰিব বিচাৰিছে--- মই এৰিবলৈ চেষ্টা কৰিও তত পোৱা নাই ৷ চোৱা, খামোচা-খামুচি কৰি মোৰ এই কাপোৰখন ছিঙি দিছে, নানাদেউ(ককাদেউতা) ৷,” অলিভীয়াই নাটকীয় ভঙ্গিমাৰে ক’লে ৷ 

       তেওঁ আচৰিত হ’ল ৷ কিহেৰে কি হ’ল, বিনা মেঘে বজ্ৰ পৰিল; সন্মান বিনষ্ট হ’ল।  অলিভীয়াৰ ককাদেউতাক দেখা পাই তেওঁৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এয়া এক পৰিকল্পিত নাটক। 

      “ ধৰ এওঁক নহ’লে পলাই পত্ৰং দিব এওঁ ৷ পাৰ্কত আহি ছোৱালী মানুহৰ দেহৰ ওপৰত উবুৰি পৰা শিক্ষা এওঁক দিবই লাগিব ৷,” বুঢ়াজনে কঠোৰভাবে আদেশ দিলে ৷

        ল’ৰাজনক কৰায়ত্ত কৰি তেখেতৰ দেউতাকক মাতিলে ৷ ওচৰত অলিভীয়াই মিচিকিয়াই হাঁহি থাকিল আৰু মনে মনে ভাবিলে--- আদিত্য, দেখ মোৰ ফৰ্মূলাটো, তই মোক বিয়া নাপাতিবি, হুম ; দেখ এতিয়া কেনে লাগে !

       “ কি হ’ল, মোৰ ল’ৰাক আপোনালোকে কৰায়ত্ত কৰি ৰাখিছে যে ?”--- আদিত্যৰ দেউতাকে আচৰিত হৈ ক’লে আৰু পুতেকৰ সেমেকা মুখখনলৈ চাই শুকান মুখেৰে সেপ গিলিলে। লাজ আৰু অপমানত তেওঁ দেউতাকৰ মুখখনলৈ চোৱাৰ সাহস একত্ৰিত কৰিব নোৱাৰিলে। 

        “তোমাৰ ল’ৰাই অলিভীয়া ছোৱালীজনীৰ লগত জোৰ কৰি বেয়া কাম কৰিছে--- আমি সেয়া দেখা পাই নিজ হাতেৰে কৰায়ত্ত কৰিছোঁ৷ এতিয়া আপুনিয়েই কওক আপোনাৰ ল’ৰাক  কি ধৰণৰ শাস্তি দিয়া যায় ?,” গাঁৱখনৰ এজন দেওয়ানীয়ে ক’লে ৷

       ৰাতি দহ বাজিছে। গাঁৱৰ বহু চেলু, খুহুটীয়া আৰু টেঙা ল’ৰাই বিচাৰটো শুনিবলৈ মহৰ কামোৰ খাই থাকিও বৈঠকখনৰ ওচৰত থিয় দি আছে ৷ 

        “ আপোনালোকে যি কৰে সেইটো মানিবলৈ মই বাধ্য ৷”--- আদিত্যৰ দেউতাকে শুকাই যোৱা মুখখনেৰে ক’লে ৷ 

      এজনে কৈ উঠিল--- এই দুজনক বিয়া পাতি দিয়ক; বিয়া পাতি দিলেই সকলো সমস্যা সমাধান হৈ যাব ৷,” কথাটো শুনি আদিত্যৰ দেহৰ আত্মাটো অচিন ঠাইলৈ উৰি যোৱাৰ উপক্ৰম হ’ল ৷  ৷ দেউতাকে ওঁঠ কামুৰিবলৈ ধৰিলে ৷ চকুৰ প্ৰভা ক্ৰমান্বয়ে কমিব ধৰিলে, শক্তি হ্ৰাস পাব ধৰিলে ৷

        “ আপোনালোকৰ ভৰিত পৰিছো মোক অলিভীয়াৰ লগত বিয়া পাতি নিদিব, তাইৰ লগত মই সংসাৰ কৰিব নোৱাৰিম, খুৰাসকল ৷ ভবিষ্যতত অলিভীয়ায়ো শান্তি নাপাব, ময়ো শান্তি নাপাম, খুৰাসকল ৷,” কাকূতি-মিনতি কৰিলে আদিত্য মাষ্টৰে ৷ ওচৰত দেউতাকে কাঠৰ পুতলা হৈ বহি আছে  এটা কথা ক’বলৈও যেন মুখত বিন্দু মাত্ৰ শক্তিও নাই ৷ 

       “ তই তোৰ চাকৰিটো বচাব বিচৰা নে চাকৰিটো এৰিব বিচৰা, হুম ? যদি চাকৰিটো বচাব বিচৰা তেন্তে তই অলিভীয়াক  বিয়া কৰাবই লাগিব ৷,” বুঢ়া এজনে ধমক দি সুধিলে ৷ আদিত্যই বিবুদ্ধিত পৰিল। কিংকৰ্তব্যবিমূঢ়ত পৰি আদিত্যৰ হাত ভৰি কঁপিবলৈ ধৰিলে ৷ দেউতাকে পুতেকক চাকৰিটো বচাব ক’লে ৷ 

       “ মোৰ চাকৰিটো যায় যাওক  তথাপিও মই এই লোভাতুৰ ছোৱালীক বিয়া পাতিব নোৱাৰিম ৷,” তেখেতে থোকাথুকি মাতেৰে ক’লে ৷ ঘটনাটো জটিল হৈ গৈ থাকিল ৷ সিঁহতে  থানাত কেচ দিয়াৰ বাবে সংকল্পবন্ধ হ’ল আৰু ভয় দেখুৱালে ৷ এবাৰ কেচ পৰিলেই আদিত্যৰ চাকৰিটোক বচোৱাটো টান হৈ পৰিব ৷

       “ বেটা আদিত্য, মই তোৰ দেউতা হৈ তোৰ ভৰিত পৰিছো তই তোৰ চাকৰিটো বচোৱাৰ বাবে অলিভীয়াক বিয়া কৰগৈ---যি হ’ল হ’লেই তাক ভাবি ভবিষ্যত অন্ধকাৰ নকৰিবি ৷”--- দেউতাকে অভিমানী সুৰত ক’লে ৷

        পৰম চেনেহৰ পিতাদেৱৰ কথা হৃদয়গ্ৰাহ্য কৰি আদিত্যই তাৰ ঠুনুকা মনটোক বুজাই পৰাই অলিভীয়াক বিয়া পাতিব বুলি বৈঠকখনত ঘোষণা কৰিলে ৷ তেওঁ হৃদয়টোক অলিভীয়াক দিব নিবিচাৰিলে, কিন্তু  ইয়াত যে  আৰু কোনো উপায় নাই ৷ তাই হাঁহি হাঁহি আদিত্যক স্বামী বুলি স্বীকাৰ কৰি গিৰিয়েকৰ ঘৰলৈ খোজ দিলে। চাকৰিটো বচাবলৈ আৰু মৃত্যুৰ ক্ষণ গণি থকা দেউতাকৰ কথা ভাবিৱেই তেওঁ সিদ্ধান্তটোক কোনোমতে মানি ল’লে। 

         এক দুই তিনি কৰি দিনবোৰ পাৰ হৈ গৈ থাকিল, কিন্তু অলিভীয়াই স্বামী আদিত্যৰ হৃদয়ত বিলীন হ’ব নোৱাৰিলে, আদিত্যৰ মন জয় কৰিব নোৱাৰিলে ৷



হজৰত আলী

ধুবুৰী,অসম

৮৬৩৮৬২৩১২০

        


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages