ডিচেম্বৰ
জিতেন পায়েং
সোৱণশিৰি চাপৰিৰ ঘৰমুৱা
ম’হৰ ডিঙিৰ ঘন্টাৰ টিং টিং শব্দত আবেলিটো ওলমি থাকে
পুৱাই উলাই যোৱা ভাগৰুৱা বগলীজাক
উভতি আহে নিজৰ বাহ বিছাৰি
বুকুৰ ভিতৰত গুণগুণাই থকা
অই নিঃতমবোৰ
কাবান হৈ পৰে
বাৰিষাৰ ফেনে ফুটুকাৰে অবাধ্য নৈখন
এতিয়া শুকান, ৰুগ্ন
ধান দোৱাৰ পিছত আলৈ-আথানি হৈ পৰি থাকে
হালধীয়া নৰাৰ পথাৰ
অহংকাৰী গাভৰুৰ নিমজ দেহত
আবেলিৰ আঁচোৰ পৰে
মৰাৰা আগে আগে নৈপাৰৰ বালিৰ গাতবোৰত
উইচিৰিঙাৰ পাখি গজে
ডিচেম্বৰৰ ভায়োলিন বজায়
কাঠৰ এখন পুৰণি ভঙা চকীৰ
গান
পদুলিত সৰা পাতৰ খৰখৰণি
চুঙা বাদুলি উৰিছে
এতিয়া এন্ধাৰ নামিব।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৫


No comments:
Post a Comment