নিষ্ঠুৰ শৈশৱ
নিজৰা দাস
হৰিশিঙা, ওদালগুৰি
দোক মোকালিতে দহ বছৰীয়া বিপ্লৱে শুই উঠি বাৰীৰ পিছফালে হোৱা পাচলি কেইটা লৈ ওচৰৰ হাটলৈ ওলালl ৰুগীয়া মাক তেতিয়াও বিছনাতেই, দেউতাকক সি পানিকেঁচুৱাতেই হেৰুৱালে। হাটলৈ সি গৈ দেখিলে মানুহৰ ভিৰ লাগিছে । পাচলিৰ চাগে জুই চাই দাম বাঢ়িছে, সৰহকৈ পইচা পোৱাৰ হেপাহঁত তাৰ মনটো আনন্দেৰে উপচি পৰিল। আঠ বজাৰ আগতে সি পাচলিখিনি বেছি ঘৰমুৱা হল। কিয়নো ন বজাৰ আগত সি স্কুল পাবগৈ লাগিব। টকা কেইটা সি মাকৰ হাতত তুলি দিলে। মাকৰ মুখত এটা মিঠা হাঁহি বিৰিঙি উঠিল। মাকৰ এই হাঁহি টোৱেই তাৰ জীয়াই থকাৰ প্ৰেৰণা।


No comments:
Post a Comment