জীৱন্ত প্ৰভু
টম মেদক
কলমে গপগপকৈ জ্বলা চুৰট হুঁপে
আৰু মই ধোঁৱাৰ মাজত ককবকাই থাকোঁ।
ঠগ, প্ৰতাৰক অন্ধ বেলি
এতিয়াই মোৰ সাৰুৱা কলিজাত
অবৈধ কবিতাৰ বীজ সিঁচি দিব
আনে চোবোৱা, ডাষ্টবিনত
কুকুৰ, কাউৰীয়ে চেলেকা, ভেঁকুৰ লগা
সপোনবোৰ আইনা স্বচ্ছ দুচকুত বাকি দিব
কুঁহিপাত কুমলীয়া কুলি চৰাইৰ
চুবুৰিৰ পৰা চোঁচৰাই টানি নি
ফাগুনে গৰকা এখন পাহাৰৰ
শিখৰত ঠেলি দিব
সোণোৱালী সোৱণশিৰিৰ পৰা
উটুৱাই নি
বালিয়ে পুতি পেলোৱা নৈখনত
জোৰ কৰি বহুৱাই দিব
আৰু মোক নপুংস পৃথিৱীৰ
সৈন্য দলৰ সেনাপতি কৰিব দিব
কলম মোৰ জীৱন্ত প্ৰভু
তোমাৰ ধৰ্মৰ মই সঁচাই
মানসিক ৰোগী।
No comments:
Post a Comment