হাতী নহয় ৰাতিটো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

হাতী নহয় ৰাতিটো

 


হাতী নহয় ৰাতিটো

স্বপ্নালী কলিতা


তাৰপাছত...

ৰাতিটো এখন উপন্যাস হয় ।

শ শ পৃষ্ঠা ভাৰ বোৱা

কাহিনী এটাৰ বাবে ৰাতিটো হয়

ভূৰুকা।

ৰাতিটো মানে হাতীটো  নহয় 

ৰাতিটো মানে ভূৰুকা 

উপন্যাসে বনোৱা

ভূৰুকা

আৰু

ভূৰুকাত হাতীটো  ভৰোৱাৰ সময়ত

মই হৈ পৰোঁ 

দীনহীন

মুৰুখমতি


তাৰপাছত...


ৰাতিয়ে চোচোঁৰাই থাকে

হাৱাই চেন্দেল ।

হাতী হ'ব

নোৱৰাৰ দুখত ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages