অসমৰ কাঁহ শিল্প
মিনু হাজৰিকা
অসমৰ কাঁহ শিল্প বুলিলেই সাধাৰণতেই আমাৰ মনলৈ আহে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কাঁহ শিল্পৰ কথা,এটা প্ৰাচীন শিল্প ৷ এই শিল্পটো কিমান পুৰণা বা সেই অঞ্চলৰ মানুহে কেনেকৈ কাঁহ শিল্পৰ প্ৰতি আগ্ৰহী হ’ল বা কেনেকৈ গুণ আহৰণ কৰিলে এই সকলোবোৰ এটা কৌতূহলৰ বিষয় ৷নামনি অসমৰ সৰ্থেবাৰীৰ উপৰিও চাপতগ্ৰাম আৰু বিলাসীপাৰা আৰু উজনি অসমৰ তিতাবৰত এই শিল্পৰ প্ৰচলন আছে ৷
সৌ তাহানিতে বাণভট্টই ৰচনা কৰা “হৰ্ষচৰিত“ নামৰ গ্ৰন্থখনত লিখি থৈ গৈছে যে সপ্তম শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনে কনৌজধিপতি হৰ্ষ বৰ্ধনলৈ কাঁহেৰে নিৰ্মিত পানী খোৱা লোটা এটা উপহাৰ হিচাপে ৰাষ্ট্ৰদূত “হংসবেগ“ ৰ হাতত পঠিয়াই দিছিল ৷
আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত সৰ্থেবাৰীৰ কঁহাৰ এজনে নাম “জীউধন“,তেখেতে স্বৰ্গদেউলৈ এটা কাঠেৰে নিৰ্মিত বাঘ উপহাৰ দিছিল ৷সেই বাঘটোৰ ভিতৰত কাঁহেৰে নিৰ্মিত এযোৰ ভোৰতাল বিশেষ ধৰণে লগাই দিছিল ,যাতে কোনোবাই বাঘটো চুই দিলে গোঁজৰাৰ দৰে শব্দ হয় ৷“জীউধন“ ৰ এই নিপুনতাত স্বৰ্গদেৱে বাৰুকৈয়ে সন্তুষ্ট হৈ এশ পুৰা মাটিসহ তেওঁক “চৌধুৰী“ উপাধি প্ৰধান কৰিছিল ।আন এগৰাকী কঁহাৰ নাম “পুষ্পৰাম “,তেওঁ ৰাইজৰ মেলৰ নেতৃত্ব লৈছিল ৷এবাৰ কিবা দোষত পৰি ছয় বছৰৰ বাবে জেল খাটিবলগীয়া হৈছিল ৷সেই ছয় বছৰ কালত তেওঁ জেলৰ ভিতৰতেই কাঁহৰ কাঁহী,বাটি, তামোলৰ থোক আদি বিভিন্ন বস্তুু তৈয়াৰ কৰি বৃটিছ বিষয়া সকলক আচৰিত কৰি তুলিছিল ৷পুষ্পৰামে তৈয়াৰ কৰা "জাত কাঁহী“,বৃটিছ সকলৰ হস্তশিল্পৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছিল ৷তাকে দেখি সম্ৰাজ্ঞী ভিক্টোৰিয়াই মুগ্ধ হৈছিল ৷ আন দুগৰাকী কঁহাৰ শিল্পী নাম আছিল হৰেশ্বৰ ডেকা আৰু ভগৱান ডেকা,নিজৰ নিজৰ কৰ্মদক্ষতাৰে ১৯৬৬ আৰু ১৯৮৪ চনত ৰাষ্ট্ৰপতিৰ পদকেৰে সন্মানিত হৈছিল ৷এয়া আছিল আমাৰ কাঁহ শিল্পৰ শিল্পী সকলৰ কাৰ্য্য দক্ষতাৰ সফলতা ৷
সাধাৰণতে কাঁহ এবিধ মিশ্ৰ ধাতু ৷ৰাং আৰু তাম নামৰ দুবিধ মৌলিক ধাতু ২২ঃ৭৮ হিচাপত মিহলাই কাঁহ নামৰ যৌগিক ধাতুবিধ প্ৰস্তুত কৰা হয় ৷ কাঁহৰ পৰা তৈয়াৰ কৰা সামগ্ৰীসমূহ হ’ল---বিভিন্ন প্ৰকাৰৰ কাঁহী,বাটি,লোটা, চৰিয়া,শৰাই,বটা,তাল,খঞ্জুৰী,ভোৰতাল,ভোগজৰা,গছা-চাকি,কলহ,জাপি,ফুলদানি,টেমি,কলচী,দাপনী,জাৰি,
চামুচ ইত্যাদি ইত্যাদি ৷তদুপৰি কাঁহৰ কিছুমান সঁজুলিও তৈয়াৰ কৰা হয় আৰু সেইবোৰ তৈয়াৰ কৰোঁতে ব্যৱহাৰ হোৱা কিছুমান সঁজুলিৰ নাম যেনে- নিয়াৰি,হাতুৰী,সঁৰাহ ঢোকা,চাটল,খন্তা,ৰেতি,আঁক,ছেনা,কুণ্ডা,নোৱাল,মূহী,
আফৰ,ঘৰমাৰা ইত্যাদি ইত্যাদি ৷
কাঁহ শিল্প প্ৰস্তুত কৰাৰ বাবে এডোখৰ নিৰ্দিষ্ট ঠাই থাকে যাক ’গঢ়শাল’ বা ’গঢ়শালি’বোলা হয় ৷কাঁহৰ সামগ্ৰী প্ৰস্তুত কৰোঁতে গঢ়শালত প্ৰথমে ভগা কাঁহখিনি আফৰৰ জুইত মূহীৰ ভিতৰত থৈ গলাই লোৱা হয় ৷তাৰপিছত গলি যোৱা ধাতুখিনিত আঁকৰ ঢালি দিয়া হয় ৷চেঁচা হোৱাৰ পিছত ই টান হৈ পিঠাৰ আকৃতি লয়। ইয়াৰপিছত এইবোৰ জুইত তপতাই লৈ নিয়াৰিত থৈ হাতুৰীৰে প্ৰস্তুত কৰিব লোৱা বাচনৰ গঢ় লোৱাকৈ কোবাই থকা হয় ।তাৰপিছত মূল কঁহাৰজনে সঁৰাহেৰে ইয়াক টানকৈ লৈ ঘূৰাই থাকে আৰু বাকী পালি কঁহাৰসকলে এটা গতিত হাতুৰীৰে কোবাই থাকে ৷ডাঙৰ হাতুৰীৰ চিনবোৰ আকৌ জুইত তাপ দি দি সৰু হাতুৰীৰে কোবাই কোবাই মিহি কৰা হয় ৷পিছত আকৌ কুণ্ডাত দি গুণা টানি টানি প্ৰয়োজন অনুসৰি মিহি কৰা হয় ৷শেষত ছেনাৰ সহায়ত ফুল,গছ-পাত,লতা আদি কটা হয় ৷
আহোমৰ যুগত স্বৰ্গদেউ সকলে মাইহাং কাঁহী আৰু মাইহাং বাটিতহে জা-জলপান খাইছিল ৷বৰ্তমান উদীয়মান কাঁহ শিল্পী সকলে মেচিনেৰে তৈয়াৰ কৰা বিভিন্ন সা- সামগ্ৰীয়েহে সমাজত সমাদৰ লাভ কৰিছে ৷যেতিয়ালৈকে অসমীয়া সংস্কৃতি বৰ্তি থাকিব তেতিয়ালৈকেহে সৰ্থেবাৰীৰ কাঁহশিল্পী সকলৰ নিপুণ হাতৰ পৰশত তৈয়াৰ হোৱা কাঁহৰ সামগ্ৰীয়ে বিবাহ-পাৰ্বণ, ধৰ্মীয় ৰীতি-নীতি,বিহু,নাগাৰা নাম,ঢুলীয়া,সত্ৰীয়া নৃত্য নামঘৰ আদি জিলিকাই ৰাখিব ৷
ভাৰতৰ আন আন ৰাজ্যবোৰৰ দৰে আমাৰ অসম খনো কুটিৰ শিল্পৰ ক্ষেত্ৰত বাৰুকৈয়ে চহকী ৷অসমৰ আন আন উল্লেখযোগ্য কুটিৰ শিল্পসমূহৰ দৰে সৰ্থেবাৰীৰ কাঁহশিল্পইও পৃথিৱীৰ বিভিন্ন কোণত সমাদৰ লাভ কৰিছে
No comments:
Post a Comment