গোলকীয় উষ্ণতা বৃদ্ধি,
পৃথিৱীৰ সংকট আৰু আমাৰ কৰণীয়
জ্যোতিমণি শইকীয়া
মানুহৰ ক্ৰমবৰ্ধমান বৃদ্ধিৰ লগতে নানা অৰ্থনৈতিক প্ৰগতিৰ কামৰ কাৰণে আজি প্ৰকৃতি বিপদাপন্ন। মানৱ জগতে আজি পাহৰিছে প্ৰকৃতিৰ লগত থকা চিৰপ্ৰবাহমান পৰস্পৰৰ নিৰ্ভৰশীলতাৰ কথা। জীৱ শ্ৰেষ্ঠ মানৱে নিজকে বিশ্ব নিয়ন্তা বুলি ভাৱি যি ইচ্ছা তাকে কৰি গৈ আছে। মানুহৰ এই কাৰ্যই আজি 'গোলকীয় উষ্ণতা বৃদ্ধি'ৰ কাৰক এঙাৰ গেছ,গ্ৰীণ হাউচ আদি উদ্বিগ্ন হাৰত বৃদ্ধি কৰিছে। ফলত পৃথিৱীৰ জলবায়ুৰ ওপৰত যি পৰিৱৰ্তন হৈ আছে সি আমাৰ ভৱিষ্যতৰ বাবে অশনি সংকেত হৈ পৰিছে।
যোৱা পঞ্চাশ বছৰত পৃথিৱীৰ উত্তাপ বাঢ়িছে। যোৱা কেইবা শতিকা ধৰি প্ৰাকৃতিক ভাৱে আৰু মানুহৰ বিভিন্ন উন্নয়ন মূলক কাম-কাজৰ ফলত এঙাৰ গেছ তথা উষ্ণতা বৃদ্ধি কৰিব পৰা গেছ (যেনে :- গ্ৰীণহাউছ গেছ) নিৰন্তৰ বাঢ়ি আছে। এঙাৰ গেছ,মিথেন,নাইট্ৰেছ অক্সাইড,জলীয় বাষ্প আদি প্ৰাকৃতিক ভাৱে উৎপন্ন হৈয়ে থাকে,আৰু সিবিলাকৰ পুনঃ ব্যৱহাৰো নিয়ন্ত্ৰণ হৈ থাকে। সেয়ে যুগ যুগ ধৰি ভাৰসাম্য বৰ্তি থাকে। কিন্তু মানুহৰ প্ৰগতিশীল কৰ্মই এই ভাৰসাম্য ধ্বংস কৰি আহিছে। সেইবোৰ হ'ল বিভিন্ন কল-কাৰখানা,যান-বাহন,ইন্ধন প্ৰজ্জ্বলন,শীতলীকৰণ যন্ত্ৰ আদি। ইয়াৰ ব্যৱহাৰৰ ফলত হিমবাহ,সাগৰৰ তলিৰ বৰফ গলি সমূদ্ৰপৃষ্ঠ ওফন্দি উঠা,বনজুই,বানপানী,চুনামি আদি বতৰৰ তাণ্ডৱ লীলাবোৰ সাধাৰণ হৈ পৰিছে। বছৰি এককোটি ছাব্বিশ লাখ মানুহৰ মৃত্যু হৈছে।
গাড়ী-মটৰ তথা বিজুলী উৎপাদনৰ কাৰণে অধিক পৰিমাণে খনিজ তেল ব্যৱহাৰে বায়ুমণ্ডলত এঙাৰ গেছ অধিক উৎপন্ন কৰিছে। ঊনৈশ শতিকাত লাখত ২৮ অংশৰ বিপৰীতে ১৯৭০ চনত ৩২,২০০৫ ত ৪১ লৈ আৰু এতিয়ালৈকে নিশ্চয় ৫০ শতাংশ এঙাৰ গেছ বায়ুমণ্ডলত বৃদ্ধি হ'ল। কেৱল যোৱা দহ বছৰতে খনিজাত ইন্ধন আৰু তেলৰ ব্যৱহাৰ আৰু বিলাতী মাটিৰ কাৰখানাৰ পৰা ১০%ৰ অধিক এঙাৰ গেছ উৎপন্ন হৈছে। একেদৰে সীহযুক্ত পেট্ৰল ব্যৱহাৰৰ বাবে নাইট্ৰেছ-ডাই-অক্সাইড,ছালফাৰ-ডাই-অক্সাইড আৰু সীহ বায়ুমণ্ডলত এৰি দিছিল। মিথেন অন্য এক গেছ। এঙাৰ গেছকে ধৰি অন্যান্য তাপ বিকিৰিত হৈ ওলাই যাবলৈ নিদিয়াৰ বাবে পৃথিৱীখনৰ গোলকীয় উষ্ণতা ১.১° চেলচিয়াছ বৃদ্ধি হৈছে।
২০১৫ চনৰ ২২ ডিচেম্বৰত জলবায়ু সম্পৰ্কীয় পেৰিছ চুক্তিত ২১০০চনলৈ দুই ডিগ্ৰী চেলচিয়াছ উষ্ণতা বৃদ্ধি প্ৰকৃতি তথা মানুহৰ বাবে সহনশীল হ'ব বুলি ভৱাৰ তিনিবছৰৰ পিছতে ডেৰ ডিগ্ৰীত সীমাবদ্ধ কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। কাৰণ সেই অতিৰিক্ত আধা ডিগ্ৰী চেলচিয়াছ উষ্ণতা বৃদ্ধিয়ে মেৰু অঞ্চলৰ বৰফ গলাৰ মাত্ৰা অধিক হৈ পৰিব। ইতিমধ্যেই উষ্ণতা বৃদ্ধিৰ ফলত মেৰু অঞ্চলৰ স্থায়ী বৰফ গলিয়েই আছে।অতিৰিক্ত উষ্ণতাই কমেও ১৫ --- ২৫ লাখ বৰ্গ কিলোমিটাৰ মেৰুৰ বৰফ গলাব। মেৰু অঞ্চলত বৰ্তমান এসপ্তাহৰ বৰফবিহীন গ্ৰীষ্ম দিনৰ পৰিবৰ্তে আঢ়ৈমহীয়া বৰফবিহীন গ্ৰীষ্ম হয়। সমুদ্ৰ গৰ্ভত থকা স্থায়ী তুষাৰ গলি সমুদ্ৰৰ জলপৃষ্ঠ চাৰি চেণ্টিমিটাৰ ওপৰলৈ উঠিছে। উপকূলৱৰ্তী মানুহ আৰু অন্য জীৱকুল,চহৰ-কল-কাৰখানা সকলো প্লাৱিত হোৱাৰ সংশয় বাঢ়িছে। অতিপাত গৰমত বৰ্তমানৰ ৮% ৰাইজৰ ঠাইত ডেৰ ডিগ্ৰী উষ্ণতা বৃদ্ধিয়ে ৫০% আৰু দুই ডিগ্ৰীয়ে ৭০% মানুহ চুব।
পৰিৱেশ ইতিমধ্যেই গৰমত,সমুদ্ৰৰ পানী এচিডযুক্ত হোৱাৰ বাবে নানা ৰঙী প্ৰবাল কীট সমূহ বৰ্ণহীন হ'বলৈ ধৰিছে। ডেৰ ডিগ্ৰী উষ্ণতা বৃদ্ধিয়ে প্ৰায় ৭০-৯০ শতাংশ প্ৰবাল ধ্বংস কৰিব,কিন্তু অতিৰিক্ত আধাডিগ্ৰী উষ্ণতা বৃদ্ধি অৰ্থাৎ দুই ডিগ্ৰী উষ্ণ হ'লে ৯০-১০০% নিশ্চিহ্ন কৰি পেলাব। একেদৰে অন্য জীৱকুলৰো থকা ঠাই হেৰাব। ১৮% কীট- পতঙ্গ বাসোপযোগী স্থানৰ আধাখিনি হেৰুৱাব।
যিহেতু গোলকীয় উষ্ণতা বৃদ্ধিয়ে আমাৰ ভৱিষ্যত ধ্বংসৰ দিশে গতি কৰাইছে, সেয়ে আমি গোলকীয় উত্তাপ ৰোধ কৰিবলৈ বৃক্ষৰোপন বৃদ্ধি কৰিব লাগিব। কল-কাৰখানাত ইন্ধন ব্যৱহাৰৰ ঠাইত সৌৰ শক্তি ব্যৱহাৰৰ উপায় উলিয়াব লাগিব। জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰিবলৈ চৰকাৰে আৰু অধিক উন্নত পৰিকল্পনা গ্রহণ কৰিব লাগিব। আটাইতকৈ ডাঙৰ কথা গোলকীয় উত্তাপ বৃদ্ধিৰ ভয়াবহতা সকলোৱে উপলব্ধি কৰিব লাগিব। ইয়াৰ বাবে লাগিব এক সঠিক জনজাগৰণৰ।
চৰকাৰৰ উদ্যোগ, আনুষ্ঠানিক-অনানুষ্ঠানিক ভাৱে সুস্থ জাগৰণ আৰু জনসাধাৰণৰ সচেতনতাই হ'ব গোলকীয় উষ্ণতা হ্রাসৰ বাটকটীয়া।
(স: শিক্ষয়িত্ৰী)
পশ্চিম মহব্বৰালী প্ৰা: বি:,লাওখোৱা, নগাঁও।
No comments:
Post a Comment