ঘোঁৰাৰ শিং গজিছে
যতীন মিলি
কেৰেলাতকৈ গুটি দীঘল হোৱাৰ দৰে
দীঘল হৈ গৈ আছে
কথাবোৰ
সোণালী লাই আৰু ৰূপালী পালেং
এমুঠিৰ বাবে হাহাকাৰ
এজাক অঘৰী চৰাই
যি মূলা বাঢ়িছিল
সমূলি তললৈহে বাঢ়িল
নেগুৰ নথকা বান্দৰৰ কাৰখানাত
শিং গজিছে ঘোঁৰাৰ
পাখি গজিছে পৰুৱাৰ
কণ জলকীয়াৰ ৰঙা ভূতে কাঢ়িছে
নোদোকা শিয়ালৰ নীলা ৰঙে মোহিছে
বৃদ্ধ বিহলঙণিৰ আঙুলিৰ
ফাঁকে-ফাঁকে
আসন্ন মৃত্যুৰ ক্ষণ গণিছে
চোতালৰ পখিলা
জিঁয়াৰ জুনুকা
কাৰণ এটাই
ঘোঁৰাৰ শিং গজিছে
পৰুৱাৰ পাখি গজিছে !
No comments:
Post a Comment