বিমূৰ্ত শৈল ভাস্কৰ্য
গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ
বাৰবাৰা হেপৱৰ্থ
মোৰ শুকান চহৰত
এজাক বিমূৰ্ত শৈলজৰ ফুচফুচনি
সেউজীয়া প্ৰশস্তি পত্ৰৰ আৱেদনৰ ভৰত
নিজকে উদ্ধাৰ কৰিছোঁ
অস্বীকৃতিপ্ৰাপ্ত চক্ৰব্যুহৰ
সমদলৰ
এচুকুত
হাউলি পৰিছে
নীলাচলৰ স্তনদানৰতা মাতৃ
পিকাচো
হেনৰি মূৰৰ পৰিচয়পত্ৰও
এৱষ্টেক্ট আৰ্ট নেকি বাৰু
হ'বও পাৰে
আজিকালি
নৱ্য-আধুনিক
পৰিভাষাৰ সমাহাৰ সকলোতেই
শুনাচোন
সুগন্ধি পখিলাবোৰ বৰকৈ উৰিছে
দূৰুহ জীৱনৰ ভাস্কৰ সিহঁত
অমজুৰিপ্ৰাপ্ত শ্ৰমিক
জীৱনৰেই
কঠিন শিলত
অক্ষত ভাস্কৰ্যৰ বিৰাম
সিহঁতে চপাইছে
সাঁচতীয়া শইচৰ শইচ
শইচৰ পথাৰত ওলমিছে
আৱতৰীয়া শুঁৰপোক এপাল
হেপৱৰ্থ
তোমাৰ মোৰ লগতে সকলোৰে
নাৰীৰ নাড়ীৰে আছে
এক শাশ্বত সম্পৰ্ক
আইৰ পিয়াহৰ
চোতালৰ যি পৰিভাষা
সেয়াও হেনো
আধুনিক স্থাপত্য কুৰি শতিকাৰ
কি আচৰিত
নদীবোৰ ঘোষণা কৰা নাছিল -জেহাদৰ
শুকাই যোৱা নাছিল প্ৰত্যয় চকুবোৰো
বাৰবাৰা
তোমাৰ শিল্পকৰ্মই
টেট গেলাৰীৰ পৰা প্ৰসাৰিত হৈ ফুলিছে ৰাজপথতো
কি য়ে এক অবুজ অথচ শৃঙ্খল আকুলতাই
বগুৱা বাই আগুৱাইছে
ক্ৰমান্বয়ে ঢাকি ধৰিছে
মোক
মোৰ পৰ্ণপাতী কুটীৰৰ আকাশ
অনুৰ্বৰা নদীবোৰলৈও নামিছে
পিয়াহৰ কামধেনু
জৰায়ুৰ আচ্ছাদনত পৰিছে
কেইবা তৰপীয়া উৰ্বৰতাৰ প্ৰলেপ
এই সৰো - এই সৰো পোহৰৰ এটি আসন্ন হালধীয়া বাট
দোপালপিটা সম্ভাৱনাত মচগুল হৈ
সুখমুদ্ৰাত মগ্ন হৈছে
বৰষুণ বগা এখন চহৰ
বাৰবাৰ হেপৱৰ্থ পিছে
শুনিছো
প্ৰত্যক্ষ খোদনত হেনো
সাধুকথাৰ সদাগৰৰ এলাগী ঘৈণীজনী
আৰু আৰ্হিৰ মাজত
একো পাৰ্থক্যই নাথাকে
মূৰ্ত ভাস্কৰ্যৰ উশাহো
এলাইবাদু হৈ পৰে
আচৰিত, নহয়নে?!
(কবিতাটিৰ উৎস ভাস্কৰ্য শিল্পী বাৰবাৰা হেপৱৰ্থৰ শিল্প কৰ্ম ' মাতৃ আৰু শিশু')
No comments:
Post a Comment