চিঞৰ
ঋষভ নাথ
শেষত দোষ কি বুলি চিঞৰি নিচিঞৰি
সি নুশুনা হ'ল। স্থিতি এটা তল পৰি গ'ল।
যদি সি শুই উঠে আৰু এবাৰলৈ জীৱিত
নুঠিলে যুঁজাৰ অৱকাশ নাই, সি মৃত।
মৰি সি এচপৰা ডাৱৰৰ দৰে স্মৃতি
এটোপ এটোপকৈ সৰি শেষ হ'ব
অশেষ দৃশ্যৰ ভিতৰত ৰিক্ত
সি লেখকে নিদিয়া উদ্ধৃতি
আৰু যদি টোপনি কাতি কৰি
ঘূৰণীয়া সপোনৰ জখলাৰে সি উঠি আহে
সেইদিনাও বেলি ঢাকি ধৰিব কাউৰীজাকে
অথচ তাৰ হাত-ভৰি থাকিব মৌনতাত
গৰুৰ নেজ ধৰি সি গৈ থাকিব
নোহোৱা হোৱা চৰিত্ৰৰ বৈতৰণীলৈ
দিনেই যদি মঞ্চ ৰাতি তাৰ নাটক কিয়
সংলাপৰ ভয়ত মূক ভাওৰীয়া সিও
মুখৰ পৰা পায়ুলৈ এডাল দীঘল নলীৰে
সি ঠিক এটা বন্দুকৰ দৰে, গুলীহে নুফুটিল
ফুটিলেও লক্ষ্যভ্রষ্ট হৈ ভিতৰতে
শইচ আৰু মাংসক বিষ্ঠা কৰিবলৈ সক্ষম
এশ হাওঁফাওঁৰ বায়ু পুৰি উলিয়াবলৈ
এটা বোমাতকৈ সি কিহত কম
বিস্ফোৰণ যেনিবা নঘটিল
ঘটিলেও নিজতে
দোষ কি বুলি নিচিঞৰি চিঞৰি
অৱশেষত সিও যেতিয়া হ'ব এটা চিঞৰ
এজাক চিঞৰৰ মাজত তাক কোনে শুনিব
শুনিলেও কোনে জানিব সি কিহৰ কি ক'ৰ
No comments:
Post a Comment