জীৱ-জন্তুৰ কিছু বৈজ্ঞানিক তথ্য
ড০ কৃষ্ণ কুমাৰ বনিয়া
১) তেজত লোহিত কণিকা নোহোৱা জীৱ-জন্তু হৈছে-
ক) বেং খ). কেচু গ). সাপ ঙ). ময়ুৰ পক্ষী
চ) কুম্ভীৰ মাছ- বয়স্ক অবস্হাত হিমগ্লোবিনো নাথাকে৷
২) জোকৰ ৩২টা মগজু থাকে৷
৩) অক্টোপাছৰ মুঠ ৭টা হৃৎপিণ্ড আছে৷
৪) কীট-পতঙ্গৰ তেজ নাথাকে৷
৫) কুকুৰা চৰাইৰ মেলেৰীয়া নহয়৷
৬) চৰাইৰ জলাতঙ্ক বেমাৰ নহয় যদিও ১৯৫০ চনত ভাৰতৰ পৰা এটা চৰাইৰ জলাতঙ্ক হোৱা বুলি কৈছিল মোম্বাই স্হিত নিম্ন মান দণ্ডৰ পৰীক্ষাগাৰৰ পৰা৷
৭) কোলোচেল স্কশইড্ হৈছে ৰাজ হাড় নথকা পৃথিৱীৰ ভিতৰত ডাঙৰ সাগৰীয় জলচৰ প্ৰাণী৷ ইয়াৰ দৈৰ্ঘ্য গড়ে ৪৬ ফুট আৰু দেহৰ ওজন প্ৰায় ৫০০ কি: গ্ৰা:৷ ২য় বিশ্ব যুদ্ধ সময়ত মালদ্বীপত ৫৩ মিটাৰ দীঘল এটা ফুটুকী স্কুইড্ পোৱা বুলি খবৰ আছে৷
৮) অষ্ট্ৰিকৰ কণী বা ডিম্ব পৃথিৱীৰ ভিতৰত আতাইতকতকৈ ডাঙৰ৷ ইয়াৰ ওজন ২.৫৮৯ কি: গ্ৰা: আৰু হামিং বাৰ্ড কণী আতাইতকৈ সৰু যাৰ ওজন গড়ে ০.৩৬৫ গ্ৰা:৷ মৌ মাখী হামিংবাৰ্ড কণীৰ ওজন আৰু সৰু প্ৰায় ০.৩৬ গ্ৰা:৷
৯) পৃথিৱীৰ ভিতৰত আতইতকৈ ডাঙৰ ফুলটো হৈছে ৰ'ফ্লেচিয়া এৰ'নলদী(Rofflesia aronoldii)৷
১০) পৃথিৱীৰ আতাইতকৈ সৰু পাতৰ গছডাল হৈছে জলখাদ্য(Watermeal) যাৰ পাতৰ দৈৰ্ঘ্য ১/৪২ ইঞ্চি আৰু বহল ১/৮৫ ইঞ্চি৷
১১) মানুহৰ দেহত ২০৬ ডাল হাড় আছে৷ আতাইতকৈ ডাঙৰ ডাল Femur আতাইতকৈ সৰু হাড় ডাল হৈছে কানৰ ষ্টাপচ্(Stapes)৷
১২) মানুহৰ দেহৰ আতাইতকৈ ডাঙৰ অঙ্গটো হৈছে ছাল যাৰ মুঠ ওজন ৪-৫ কি:গ্ৰা:
১৩) মানুহৰ বা বেলেগ জন্তুৰ দেহৰ আতাইতকৈ সৰু অঙ্গটো হৈছে পিনিয়েল গ্ৰন্ঠী৷ ই চিৰ'টনিন নিঃসৰণ কৰে৷ এই নিঃসৰিত ৰসে টোপনি অহাত সহায় কৰে লগতে প্ৰজননত সহায় কৰে পোহৰ গ্ৰহণৰ সমতা নিয়ন্ত্ৰণ কৰি৷ কুকুৰা চৰাই যথেষ্ট দীঘলীয়া সময়ৰ পোহৰ পায় তেতিয়া তেজত চিৰ'টনিনৰ পৰিমান কমি যায় আৰু কণী পৰা সংখ্যা বাঢ়ি যায়৷ ঠিক ওলোটাকৈ ঠাণ্ডা দিনত বা বৰফ পৰা ঠাইত ভেড়াৰ প্ৰজনন ক্ষমতা কমি যায়৷
১৪) উটাহৰ ৰাষ্ট্ৰীয় উদ্যানৰ( Utah's Fishlske Natinal Park) পন্দো(Pondo) গছবোৰ পৃথিৱীৰ আতাইতকৈ পুৰণি ৮০,০০০ বয়সৰ গছ৷
১৫) পৃথিৱীৰ আতাইকৈ বেছি পৰিধিৰ গছজোপা হৈছে আমেৰিকাত মেক্সিকোত থকা চিকুইয়া টুলি গছ যাৰ গা-গছৰ পৰিধি হৈছে ১১৯-১৬০ ফুট আৰু বহল ৩১-৩৮ ফুট
আৰু ডাল-পাতৰে পৰিধি হৈছে ৯৫,৮০০ বৰ্গ ফুট৷
১৬) বকট্ (Bocote) পৃথিৱীৰ ভিতৰত দামী (২,৮০০.ooটকা প্ৰত্যেক ফুটত)৷ কাঠৰ বৰণ ক'লা৷
১৭. ভাৰতৰ আতাইতকৈ দামী কাঠ চন্দন যাৰ প্ৰতি কি:গ্ৰা: দাম ১০,০০০.০০টকা৷
১৮) ভাৰতৰ আতাইতকৈ দামি আনবিধ কাঠ হৈছ ভাৰতীয় বাদামী টান কাঠ প্ৰতি কি:ফুটত ৪,০০০.০০ টকা৷
১৯. ক্ৰমোজোমত থকা এক বিশেষ কৰ্কট বেমাৰ নিষেধক ‘জিন’ৰ (“Zombie” gene বা LIF6 বা TP53) বাবে হাতীৰ কৰ্কট বেমাৰ নহয়
LIF6 that effect cell growth by inhibiting differentiation (Leukomia inhibitory factor aninterleukin 6 class 6cytokine).
২০.হাতীৰ শুৰত ৪০০০০ দাল মাংস পেশী থাকে আনহাতে মানুহৰ গোটেই শৰীৰত মুঠ ৬০০ দাল মাংস পেশীহে থাকে৷
২১) এচিয়ান হাতীৰ শুৰৰ আগত ওপৰ ফালে ওঠ চুটি আনফালে আফ্ৰিকান হাতীৰ শুৰৰ আগত ওপৰৰ ফালে ওঠ আগফানে দীঘল৷ সেই কাৰণেই এচিয়ান হাতীয়ে শুৰে পোনেই মাটিৰ খোৱা বস্তু উঠাব নোৱাৰে-শুৰৰ আগেৰেৰে সৰু বস্তু মেৰিয়াই উঠায় আৰু খোৱা বস্তু হলে মুখৰ ভিতৰলৈ সুমুৱাই৷ আফ্ৰিকান হাতীৰ ওঠ/আগ দুটাৰে উটৰ নিচিনাকৈ গছৰ পাত আদি চিঙি খাব পাৰে- এটা ধাতুৰ টকা ওঠ/আগ দুটাৰে মাটিৰ পৰা উঠাব পাৰে৷
২২) হাতীয়ে কান দুখন সঘনাই কিয় লৰাই থাকে? হাতীৰ কান দুখল ভাল দৰে ছালে তেজৰ বাহী শিৰা সুন্দৰকৈ কানত বিস্তাৰিত হৈ থকা দেখা যায়৷ কান দুখন লৰাই থাকিলে বতাহত কানলৈ প্ৰবাহীত তেজ ঠাণ্ডা হয় আৰু দেহলৈ এই ঠাণ্ডা তেজ প্ৰভাহিত হৈ দেহ ঠাণ্ডা কৰে৷
২৩) হাতী দেহত মুঠ ১,৫০,০০০ দাল হাড় থাকে৷ মানুহৰ দেহত ২০৬ দাল থাকে৷
২৪) গাখীৰত নানা উপকাৰী উপাদান থকাৰ উপৰিও ট্ৰিপ্তফেন নামে এবিধ এমাইনো এচিদ থাকে যিয়ে টোপনি অহাত সহায় কৰে৷ সেই কাৰণে ৰাতি শোৱাৰ আগতে গাখীৰ খোৱা ভাল৷ কলতো এই ট্ৰিপ্তফেন থাকে৷ সেইকাৰণে শোৱাৰ আগতে একোটাকৈ কল খোৱাতো ভাল৷
২৫) মাখীৰ চকু তিনিটা৷ তাৰে দুটা চকুৰেহে দেখে আৰু তৃতীয় চকুটোৱে বাকী চকু দুটাক ইফালে-সিফালে ঘূৰুৱাত সহায় কৰে৷ মাখিৰ প্ৰধান চকু একোটাত তলৰ ছবিত দেখুৱাৰ দৰে একোটা সৰু অংসতে বহু চকু থাকে৷ মুঠতে ৩০০০ৰ পৰা ৬০০০টা পৰ্যন্ত চকু থাকে৷ মাখিয়ে দেহৰ চাৰিও ফালে মানে ৩৬০ডিগ্ৰীলৈকে দেখে৷
২৬) পৃথিৱীৰ আতাইতকৈ বয়সীয়াল মানুহজন হৈছে জাপানৰ মহিলা কানে টানেকা বয়স ১১৮ বছৰ(ফেব্ৰুৱাৰী, ২০২১ চন)৷ একে সময়তে ভাৰতীয় মহিলা মধ্যপ্ৰদেশৰ ৰিৱা জিলাৰ কামিলা মাল্লাহ ১২০ বছৰ বুলিও কয়৷
২৭) (ক) পৃথিৱীৰ আতাইতকৈ বয়সীয়া মতা মানুহজন হৈছে অষ্ট্ৰেলিয়াৰ কুইনলেণ্ডৰ খেতিয়ক ডেক্সটাৰ ক্ৰগাৰ ১১১ বছৰ ৩০ দিন ( ফেব্ৰুৱাৰী, ২০২১ চন)৷
(খ)২০২২ চনৰ মে মাহৰ ১৭ তাৰিস মতে ভেনেজুৱেলাৰ জুৱান ভিচেটে ম’ৰা নামৰ মানুহজনৰ বয়স ১২২ বছৰ ৩৫৫ দিন৷
(গ) ২০২২ চনত ২৫ এপ্ৰিলৰ মতে জীৱিত মহিলা গৰাকী হ’ল ফ্ৰাঞ্চৰ লুচিলে ৰেনদম যিগৰাকীৰ বয়স ১১৮ বছৰ ৭৩ দিন৷ এখেতক চিচটাৰ এনদ্ৰে বুলিও জনাজাত৷
ড০ কৃষ্ণ কুমাৰ বনিয়া, অৱসৰ প্ৰাপ্ত অধ্যাপক
বাঘৰবৰি, পাঞ্জাবাৰী,
গুৱাহাটি-৭৮১০৩৭(অসম)
No comments:
Post a Comment