নজনাটো একো ডাঙৰ কথা নহয়...
নন্দেশ্বৰ মিলি
আমি সকলোৱে সকলো দিশতে সমানে বিজ্ঞ বা দক্ষ নহয়।কিছু কিছু দিশত সকলোৰে সীমাৱদ্ধতা থাকে।সেয়ে কোনোবাই যদি নিজকে সকলো বিষয়তে পাৰ্গত বুলি ভাবি লয় তেন্তে কথাটো বাতুলামি কৰাৰ বাদে আন একো নহয়।
আমি সকলো বিষয়তে পাৰদৰ্শী নোহোৱা বা নজনাটো কোনো ডাঙৰ কথা বা অপৰাধ হ'ব নোৱাৰে।যিবোৰ বিষয়ে আমি নাজানো তাক নাজানো বুলি স্বীকাৰ কৰিব পৰাটো এক মহৎ গুণ।কিন্ত্ত কিছুমানে তাকে কৰিলে আনৰ আগতে নিজে সৰু হৈ যাব লাগিব বুলি ভয় কৰি স্বীকাৰ কৰিব নোখোজে। নিজে নাজানো বুলি জানি তাক জানিবলৈ চেষ্টা নকৰাটোহে আচলতে দোষনীয় কথা।
শিকাৰ বহুটো উপায় বা উৎস আছে।আমি তাক বিচাৰিব জানিলেই হ'ল।কিছুৱে আকৌ নিজতকৈ সৰুজনৰপৰা শিকাৰ আগ্ৰহ নকৰে।তেওঁ বয়স বা অভিজ্ঞতাৰপৰা জ্যেষ্ঠ হ'লেও কনিষ্ঠজনেও কিছু কিছু দিশত দক্ষ হ'ব পাৰে।গতিকে তেনে বিষয় এটিক কনিষ্ঠৰপৰা কিয় প্ৰয়োজন হ'লে জীৱ-জন্তুৰ পৰাও শিকিবলৈ সাজু থাকিব লাগিব।গতিকে নজনা বিষয় এটি কনিষ্ঠ জনৰপৰা শিকিবলৈ গ'লেও তেওঁ সৰু হৈ নাযায়।অথচ শিকাজনৰ সন্মান আৰু মৰ্য্যাদাহে বাঢ়িব।
শিকাৰ কোনো বয়স ,স্থান-কাল-পাত্র তথা সময় নাথাকে।প্ৰতি মূহুৰ্তে শিকি থাকিব পাৰি।শিকিবৰ বাবে আমি সদায় সুযোগ পাওঁ।আমি শিকাৰ আগ্ৰহখিনি থাকিলেই হ'ল।আমি আগতে নজনা,নুশুনা বিষয়বোৰ শিকিবলৈ আগ্ৰহ কৰি আমি আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰোঁ।যিসকলে নিজকে শিকাৰু হিচাপে গণ্য কৰি শিকিবলৈ সুবিধা বিচাৰি থাকে তেওঁলোকে সেই দিশত আগৱাঢ়ি যাবলৈ সাহস কৰিব পাৰে।আনহাতে যিসকলে নিজকে সৰ্বদিশত জ্ঞানী বুলি ভাবি অহংকাৰ কৰি থাকে তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম নহয়।
এজন বিজ্ঞ বা পণ্ডিত বুলি যাক আমি স্বীকৃতি দিওঁ ,তেওঁ কোনোপধ্যেই সকলো বিষয়তে দক্ষ নহয়।নিশ্চয়কৈ কোনোবা এটা বিষয় বা কৌশলতেহে তেওঁৰ পাৰদৰ্শীতা থাকিব পাৰে।সেয়ে সকলোৱে জীৱনত শিকি থাকিবলগীয়া হয়।শিকাটো এক অবিৰত আৰু নিৰৱিচ্ছিন্ন প্ৰক্ৰিয়া।সেই কথাটো জ্ঞানী লোকে জানি সদাই শিকাৰ বাবে প্ৰচেষ্টা চলাই থাকে।আনহাতে মূৰ্খ লোক এজনে নিজকে সৰ্বজান্তা বুলি ভাবি লম্ফ-জম্ফ কৰি ফিতাহি মাৰি ফুৰে।
গতিকে কোনোবাই কোনো এটা বিষয়ত অজ্ঞ হ'লেই তাক একো নাজানে বুলি তিৰস্কাৰ বা ইতিকিং কৰাটো কোনো জ্ঞানী বা সভ্য লোকৰ লক্ষণ হ'ব নোৱাৰে। ব্যক্তিজনে এই দিশত দক্ষ নহ'লেও কোনোবা বেলেগ বিষয় এটিত নিশ্চয়কৈ দক্ষ হ'ব।সেইবোৰ মানুহে জানি-শুনিও কিছুৱে উপলুঙা আৰু ভেঙুচালি মন্তৱ্য প্ৰকাশ কৰে।এনেবোৰ মন্তব্যই ব্যক্তিজনক মনোকষ্ট প্ৰদান কৰিব পাৰে অথবা তেওঁৰ জীৱন-যাত্রাত ব্যাঘাত জন্মাব পাৰে।
গতিকে নজনাটো কোনো ডাঙৰ কথা নহয়। একো জানিবলৈ আগ্ৰহ নকৰাটোহে আচলতে দোষণীয় কথা।আহক সকলোৱে নজনাটো জানিবলৈ প্ৰচেষ্টা কৰোঁ আৰু কাৰোবাৰপৰা কিবা এটা শিকিবলৈ যত্নবান হওঁ।তেনে মহান পদক্ষেপে আমাক বৰ্তমান জ্ঞান বিস্ফোৰণ যুগৰ একো একোজন মহান সেনানী কৰি তুলি আগৱাঢ়ি যোৱাত সহায় কৰিব।
ফোনঃ ৮৬৩৮৮৮১৯৫৩
No comments:
Post a Comment