লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, November 30, 2022

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী


 লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী

মিনু হাজৰিকা


   পৰাজেয় ব্যক্তিত্ব , সাহস আৰু সংগ্ৰামৰ এক প্ৰতীক তথা সত্বা হ’ল লাচিত বৰফুকন ৷ তেওঁৰ দৃঢ়তা , নিস্বাৰ্থ আৰু দূৰদৰ্শী নেতৃত্বই সোৱৰাই থাকে অসমীয়া জাতিৰ প্ৰবল পৰিক্ৰমৰ কথা ৷ লাচিত বৰফুকনৰ জন্ম হৈছিল ২৪ নবেম্বৰ ১৬২২ চনত গড়গাওঁ নামে ঠাইত ৷ তেওঁৰ পিতৃৰ নাম আছিল শুকুটী ওৰফে মোমাই তামুলী বৰবৰুৱা আৰু মাকৰ নাম আছিল নাগেশ্বৰী আইদেউ ৷ 

   শিশু অৱস্থাৰ পৰাই তেওঁ সততা , কৰ্তব্যনিষ্ঠা, নিয়মানুবৰ্তীতা , স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী আছিল ৷ তেওঁ পোন প্ৰথমে নিজৰ বাসগৃহতেই প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিল ৷ ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰা সূত্ৰে লাচিত বৰফুকনে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিব লগা হৈছিল ৷ 

  পিতৃ মোমাই তামুলী বৰবৰুৱা আহোম ৰাজ্যৰ প্ৰথম জন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক আছিল ৷ তেওঁ লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ ঘৰুৱা শিক্ষক নিয়োগ কৰি , আহোম শাস্ত্ৰ , হিন্দু ধৰ্মনীতি , অৰ্থশাস্ত্ৰ আদি বিষয়ত শিক্ষা প্ৰদান কৰিছিল ৷ ইয়াৰ উপৰিও মোমাই তামুলী আহোম ৰাজ্যৰ বৰবৰুৱা পদত অধিষ্ঠিত থকাৰ বাবে তেওঁ সেই সময়ত আলোচিত হোৱা বিভিন্ন আলোচনা সমূহৰ পৰাও লাচিত বৰফুকনে ৰাজনৈতিক , কূটনৈতিক , অৰ্থনৈতিক , সামাজিক আদি বিষয় সন্দৰ্ভত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ অস্ত্ৰচালনাৰ লগতে অন্যান্য সামৰিক শিক্ষাও গ্ৰহণ কৰিছিল ৷

  ইয়াৰ পৰবৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি পাইছিল ঘোঁৰাবৰুৱাৰ পদত ৷ ঘোঁৰাবৰুৱাৰ পদত কাৰ্যনিৰ্বাহ কৰি থাকোতে লাচিত বৰফুকনে ঘোঁৰাসমূহ সঠিকভাৱে তত্ত্বাৱধান কৰাই নহয় , বহুকেইটা দুৰ্দান্ত ঘোঁৰা বশ কৰি নিজৰ প্ৰতিভা আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল ৷ ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব পালন সম্পন্ন কৰা বাবে পৰবৰ্তী কালত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়াবৰুৱা পদবীত নিযুক্তি দিছিল ৷ ইয়াৰ পৰবৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত ৷ শিমলুগুৰিয়া ফুকন হিচাপে দায়িত্ব সম্পন্ন কৰাৰ পিছত লাচিত বৰফুকনে পৰবৰ্তী সময়ত দোলাকাষৰীয়া বৰুৱা হিচাপে নিযুক্তি লাভ কৰে ৷ দোলাকাষৰীয়া পদত নিযুক্তি লাভ কৰা লাচিত বৰফুকনৰ কাম আছিল ৰজা দোলাত যাওঁতে ৰজাৰ পালি-পহৰীয়া (চাওদাং) সকলক নিয়ন্ত্ৰণ কৰা ৷ লাচিত বৰফুকনে দোলাকাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল ৷ যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা , সাহসীৰতা আৰু আত্মমৰ্যাদাবোধৰ প্ৰমাণ চাই মৰ্যাদা অনুসৰি আনুষ্ঠানিক ভাবে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত নিযুক্তি কৰে ৷ ইয়াৰ পিছতে তেওঁ “হাচতী ধৰা তামুলী “পদত নিযুক্তি হয় আৰু তাৰ পিছত “প্ৰধান সেনাপতি আৰু বৰফুকন“ পদত নিযুক্তি হোৱালৈকে এই দীঘলীয়া সময়ছোৱাত লাচিত বৰফুকনৰ একাগ্ৰতা , কৰ্মস্পৃহা , কৰ্তব্যনিষ্ঠা , সাহসীকতা প্ৰতিফলিত হয় ৷ 

  ১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰীত অসম আক্ৰমণ কৰিবলৈ ৰাম সিংহৰ নেতৃত্বত মোগল সৈন্য বাহিনী অসমলৈ আগমন ঘটে ৷ গুৰুত্বপূৰ্ণ কথা যে মোগল সকলৰ লগত ৰণত যোগ দিবলৈ আহোম সেনা সম্পূৰ্ণৰূপে প্ৰস্তুত নাছিল যদিও লাচিত বৰফুকনে বুদ্ধিৰে সম্ভাব্য বিপদৰ সন্মুখিন হ’বলৈ প্ৰস্তুত হৈছিল ৷ ১৯৬৯ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল মোগল আৰু আহোমৰ মাজত আলবৈ ৰণ ৷ উল্লেখ্য যে এই ৰণত একেদিনাই আহোমৰ দহহাজাৰ সৈন্যই প্ৰাণ আহুতি দিছিল ৷ এই জটিল সময়ত লাচিত বৰ ফুকনে ক্ষণিকৰ বাবেও বিচলিত হোৱা নাছিল আৰু তেওঁ ভাগৰি পৰাও নাছিল ৷ 

  গুৰুত্ব পূৰ্ণ কথা যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাট 

   ঔৰঙ্গজেৱৰ সেনাবাহিনীয়ে মিৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তৰভূক্ত কৰিছিল ৷ জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘূৰাই আনিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল যদিও সফল নহ’ল ৷ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লৈছিল ৷ আৰু এই বাবে এজন যোগ্য সেনাপতিৰ সন্ধান কৰি লাচিত বৰফুকনক সেনাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল ৷ লাচিত বৰফুকনে সেনাপতিৰ দায়িত্ব লৈয়েই দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল ৷ ইয়াৰ পৰবৰ্তী সময়ত ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলায় মোগল সকলক আক্ৰমণ কৰে ৷ গুৰুত্ব পূৰ্ণ কথা এই যে এই আক্ৰমণ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়ো পাৰে আহোম সৈন্যই বিজয় ধ্বজা উৰুৱাই আৰু আহোম সৈন্যই ইটাখুলি আৰু গুৱাহাটী দুৰ্গ অধিকাৰ কৰে ১৬৬৭ খ্ৰীষ্টাব্দৰ ২ নৱেম্বৰৰ মাজনিশা ৷ গুৰুত্ব পূৰ্ণ কথা যে এই আক্ৰমণত বহু সংখ্যক মোগল সৈন্যই প্ৰাণ আহুতি দিয়ে ৷ অন্যহাতে মিৰজুমলাই ১৬৬২ খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ 

   গুৰুত্ব পূৰ্ণ কথা যে অসম আক্ৰমণ কৰিবলৈ মোগল সম্ৰাট ঔৰংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী , ৩০ ০০০ পদাতিক আৰু ১৫,০০০ কাড়ী সৈন্য প্ৰেৰণ কৰিছিল ৷ অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰাম সিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওফালে কোঠা নিৰ্মাণ কৰিছিল ৷ এটা ৰাতিৰ ভিতৰত গড় সম্পূৰ্ণ কৰাৰ দায়িত্ব মোমায়েকক দিছিল ৷ একাংশ ব্যক্তিৰ কথিত অনুসৰি লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল যাৰ বাবে মাজনিশালৈ গড় নিৰ্মাণৰ 

   আধা কামো শেষ হোৱা নাছিল ৷ দেশৰ সংকতৰ সময়ত কামত অৱহেলা কৰা দেখি “ দেশতকৈ মোমাই ডাঙৰ নহয়“ বুলি শিৰচ্ছেদ কৰাৰ কথা উল্লেখ আছে ৷ অন্যহাতে আন একাংশ ব্যক্তিৰ মতে লাচিত বৰফুকনে কামত

 অৱহেলা কৰা অভিযন্তা

 মৌমাইক হত্যা কৰিছিল বুলি অভিহিত আছে ৷ 

    গুৰুত্ব পূৰ্ণ কথা যে আলাবৈ ৰণত মোগল সেনা জয় লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চূড়ান্ত আক্ৰমণ কৰিবলৈ ঔৰংগজেৱৰ নিৰ্দেশত ৰামসিংহ সাজু হৈছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ লাচিত বৰফুকনৰ সেই সময়ত শৰীৰৰ অৱস্থা সিমান ভাল নাছিল ৷ ৰোগাক্ৰান্ত আছিল তেওঁ ৷ তথাপিও নৰীয়া গাৰেই তেওঁ মোগলৰ লগত যুজিবলৈ সাজু হৈছিল ৷ ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটত মোগল আৰু আহোম সেনাৰ মাজত যুদ্ধ সমৰত লিপ্ত হৈছিল ৷ গুৰুত্ব পূৰ্ণ কথা যে এই ইতিহাস সমৃদ্ধ “ শৰাইঘাটৰ যুদ্ধত“ আক্ৰমণ কাৰী মোগল সেনা সম্পূৰ্ণ ভাৱে পৰাজিত হয় ৷ লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা এই শৰাইঘাট যুদ্ধ হ’ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা ৷ মহা পৰাক্ৰমী মোগল শক্তিক পৰাভূত কৰা লাচিত বৰফুকনৰ নেতৃত্বই অসম বাসীৰ শৌৰ্য্য বীৰ্য্য তথা সন্মান বিশেষভাৱে বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে ৷ নৰীয়া শৰীৰে লাচিত বৰফুকনে যিদৰে মোগলৰ সৈতে সন্মুখ সমৰত লিপ্ত হৈ বুদ্ধিমত্তাৰ উদাহৰণ দাঙি ধৰিলে সেইয়া অতি প্ৰশংসনীয় ৷ গুৰুত্ব পূৰ্ণ কথা যে ৰণনীতিগত ক্ষেত্ৰত ব্যাপক ইন্ধন যোগাই লাচিত বৰফুকনে প্ৰথম বাৰৰ বাবে গেৰিলা যুদ্ধ পদ্ধতিৰ প্ৰবৰ্তন কৰিছিল ৷ একেটা ৰাতিতে গড় বান্ধি হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সমৰ্থ হোৱা লাচিত বৰফুকন সত্বাটোৱে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে ৷ গুৰুত্বপূৰ্ণ কথা যে সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলি থকা সময়তে লাচিত বৰফুকনৰ সবল নেতৃত্বই বিশাল আৰু শক্তিশালী মোগল সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল ৷ 

   লাচিত বৰফুকনৰ মৃত্যু হয় শৰাইঘাট যুদ্ধৰ কিছুদিন পিছতেই ৷ ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা বীৰজনক যোৰহাটৰ হোলোঙা পাৰৰত মৈদাম দিয়া হয় ৷ 

   গুৰুত্বপূৰ্ণ কথা যে বুদ্ধিমত্তা , সাহস , পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্মদিনটো প্ৰতিবছৰে “লাচিত দিৱস“ হিচাপে উদযাপন কৰা হয় ৷ লাচিত বৰফুকন হ’ল অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্বা ৷ অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ , দেশপ্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ’ব ৷ অসমীয়া উত্তৰ প্ৰজন্মৰ বাবে লাচিত বৰফুকন হৈ ৰ’ব সদায় অপৰাজেয় , ব্যক্তিত্ব , সাহস আৰু সংগ্ৰামৰ প্ৰতীক ৷৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages