তাই সাইলাখ নদী আছিল
চন্দ্ৰপ্ৰভা বৰ্মন
গুৱাহাটী
মিচিকিয়া হাঁহি ওঠ ৰঙিয়াল
বোকাৰ পদুম পাহী যেন ছোৱালীজনী
পথাৰত ৰং মনে দৌৰি ফুৰিছিল
উজানৰ সেন্দুৰীয়া পুঠি মাছৰ দৰে
জাঁকি মাৰি উঠিছিল যৌৱনৰ আৱেগ
তাই সাইলাখ এখন নদী আছিল
হিয়াজুৰি বাজিছিল তানপুৰা
জোনাক ভৰা আকাশৰ পৰা নমায়
আনিব খুজিছিল গ্ৰহ নক্ষত্ৰ তৰা
কৰ্দৈ চকলা খাইছিল বাৰীৰ ঢাপত দুপৰীয়া
দাপোনত মুখ চাই তেজে ফুটো ফুটো গালত
লমালমে ফুলিছিল ফুল মৰুৱা কদম তৰুৱা
বুকুত ফুলিছিল তাইৰ ৰক্তজৱা
ৰ'দে বৰষুণে নিজৰাৰ পাৰে পাৰে
জপিয়াই ফুৰা নিষ্কলুষ পখিলা
মনত দোদুল্যমান অযুত ভাৱনা
কুমাৰৰ চাকত দূৰন্ত সময়
কালৰ মামৰ আতৰাই সোন
জ্বলাব খুজিছিল বুকুৰ জুইত
অনুৰাগে ৰঞ্জিত মন্দাকিনী মমতাৰ
মোহিনী মৰ্মত উৰ্ব্বশীৰ উত্তাপৰ
জীৱন্ত উত্তাল উদ্দাম গতি
মিনা কৰা কুমাৰীৰ মনোৰমা দেহটোৰ
গাভৰু গোন্ধ থকা কুন্দ-কান্তি দেহ-দম্ভ
ধৱলৰ ঘৃণিত শ্ৰোতত চাৰুদীপ্ত উল্লাসৰ
অসীম অৱজ্ঞা অনাদৰ অৱহেলা
যৱনিকা নামি আহিল
যতি পৰিল জীৱনৰ
তগবগ শৰীৰ মৌসনা ওঠ আৰু গোলাপী
গালত তেজৰ মৰা দাগ বহুৱাই
বন্ধ কৰিলে কলিজাৰ স্পন্দন
সৰু হৃদয়খনৰ আৰ্তচিৎকাৰ
ককাল উপচি পৰা চুলিৰে
বাগৰি আছে বৰষুণ !
তোমাৰ মেঠনিত লিপিত খাই আছিল
বোকাৰ মতলীয়া গোন্ধ এটি
বুকুৰ মেঠনিত বৰষুণে চুমা যাচিছিল
এতিয়া এজাক ৰোৱনীহঁতে ভূঁই ৰোৱে
ধান দাই তোমাৰ এডিঙি তেজত
গৰুৰ খোজত বেলিটি তিৰবিৰাই
থকাৰ দৰে দুগাল সেন্দুৰীয়া
তোমাৰ মুখ খন জিলিকি থাকিব
মেটেকাৰ ফুলবোৰত !
বুকুৰ চৰাই হালে কুৰুলীয়াই
গাই থাকিব নিজানৰ গান !
No comments:
Post a Comment