চোতাল
বিশ্বজিত শইকীয়া
কাৰ্বি আংলং
আপুনি যি ডোখৰ মজিয়া গচকি
মোৰ ঘৰলৈ সোমাই আহে
সেই মজিয়া ডোখৰ মোৰ জীৱন
সাইলাখ ওখোৰা-মোখোৰা একে।
দিনত বিষাদৰ ৰ'দ ছটিয়াই ৰ'দাও
ৰাতি অৱসাদৰ বৰষুণ সৰে
ৰ'দ লওঁ , তিতো
দুপৰ ৰতিলৈকে নাল ভগা চকীত বহি
ঘণ্টা ঘণ্টা গ্ৰহ নক্ষত্ৰ গণো,
মোৰ চোতাল হয় নীল আৰ্মষ্ট্ৰঙৰ পৰীক্ষাগাৰ।
চোতালত আকাশৰ তৰা সৰে,
বিহুত হুঁচৰি জোৰে,
আৱৰণৰ সাজ পিন্ধাই দুবৰি গজে।
মোৰ চোতালত আপুনি ভাল পোৱা
কামিনী কাঞ্চনৰ সুবাস নুৰে,
আনৰ তেজ চুহি মসৃণ কৰা নাই মজিয়া
আবেলি গৰু বাটৰ ধূলি চোতালতে উৰে,
জেঠত বোকাৰ বীজ গজে
কাহানীবা মোৰ চোতালৰ কাষত
তগৰ ফুলিব নাপাইনে?
এই বেলিকা চোতালত এটা
মাটিৰে তুলসীৰ ভেটি সাজিম
সন্ধিয়া চাকি জ্বলিব
মোৰ উশাহ শলিতা হব।
No comments:
Post a Comment