সুধাকণ্ঠ: তুমি ভূপেন মামা
চিন্ময় ডেকা
জলাহ টংলা, ওদালগুৰি
প্ৰতিটো শব্দ হৃদয় বাজি উঠে
গীতৰ জৰিয়তে মানৱ জাতিৰ
যৌৱনে প্ৰাণ পাই,
সু-উজ্জীৱিত
একোটি ভাৱ সুৰৰ ঝংকাৰত বিমূৰ্ত প্ৰকাশ।
চিন্তাৰ উন্মুক্ত,
নৈতিক স্খলনেৰে পৰিপূৰ্ণ জীৱনৰ এটি পল
সুৰৰ বন্যা কঢ়িয়াই আনে,
মায়া-ভৰা গীতৰ শৈলীৰে
জিলিকি উঠে, মোৰ প্ৰাণৰ শৈশৱ।
সুৰৰ আধাৰ
"সুধাকণ্ঠ: তুমি ভূপেন মামা"
মোৰ যৌৱন, শৈশৱ, বৰ্তমানৰ চিৰ নমস্য ব্যক্তি
প্ৰাণৰো প্ৰাণৰ হিয়াৰ স্পন্দন।
প্ৰতিধ্বনি হৈ বাজি উঠে,
অলেখ গীতৰ;
মায়াসদৃশ্য সংসাৰত ব্যস্তনি পাৰ ভাঙি জীৱন হয় সঞ্জীৱনী।
দূৰভাষ:-৬০০২৬৬৬৫৯৩
No comments:
Post a Comment