মোৰ মৃত্যু কেতিয়ালৈ…
ইলামণি শইকীয়া
হঠাত জীৱনলৈ মায়া উপজিছে
জানিবৰ মন গৈছে
মোৰ মৃত্যুৰ পৰোৱানা কেতিয়ালৈ
কিমান বছৰ বয়সলৈকে লিখা হৈছে মোৰ আয়ুস
মৃত্যুৰ বিষয়ে আগতীয়াকৈ জনাটো অসম্ভৱ যদিও
জনাটো খুবেই প্ৰয়োজন হৈ
পৰিছে মোৰ আয়ুসকাল কিমান!
ঘপহ্কৈ কিবা এটা হলে বৰ আফচোচ থাকি যাব
অন্ততঃ শেষৰটো কবিতা পঢ়ুৱৈৰ কাষলৈ নিনিয়াকৈ
শেষৰটো সপোন আৰম্ভ নকৰাকৈ
শেষবাৰলৈ মোৰ চৌপাশলৈ এবাৰ চকু নিদিয়াকৈ
মৰাটো বিত্তীয় নহ’লেও
এক সাংঘাতিক চিন্তন-মননৰ লোকচান হ’ব মোৰ ৷
অৱশ্যে হয় আপোনাৰ ভাতসাজ খোৱালৈ ৰৈ নাথাকে মৃত্যু
আপোনাৰ ল’ৰা-ছোৱালী হাল খুটি খাব পৰা হোৱালৈকে ৰৈ নাথাকে মৃত্যু
মৃত্যু নিজৰ মৰ্জিৰ মালিক
নিজৰ ইচাৰাৰ অধীন
মৰ্জি কি মৃত্যুৰহে থাকে!
সৰ্বত্ৰে এতিয়া সম অধিকাৰৰ প্ৰসংগ
দিন- ৰাতি একাকাৰ
পুৰুষ- নাৰী একাকাৰ
প্ৰেম- যৌনতা একাকাৰ
আভূষণ আৰু নগ্নতা একাকাৰ
সম অধিকাৰৰ অচিলাতে৷
মৃত্যুৰ সৈতে জীৱনৰ মৰ্জিও একাকাৰ হোৱা উচিত
কেৱল মৃত্যুৱেই নিৰ্ণয় কৰিব
আমাৰ জীৱনৰ শেষ সীমা!
কেৱল মৃত্যুৰ মন-মৰ্জিত
জীৱন,প্ৰেম,শব্দ-সপোন সকলো এৰি দৌৰি গুছি যাম
উশাহৰ সিপাৰলৈ!
জীৱনৰ পোৱা- নোপোৱাৰ হিচাপ কৰালৈ নহয়
জীৱন পুৰ্ণ হোৱালৈ নহয়
নদীৰ ঢৌবোৰ,সাগৰৰ গৰ্জনবোৰ মাৰ যোৱালৈ নহয়
অন্তত কিছু আত্মসন্মানবোধৰ স্বাৰ্থত, আঁঠুকাঢ়ি জীৱন নিজিওৱাৰ স্বাৰ্থত
সম অধিকাৰ বাতুলামি নোহোৱাৰ স্বাৰ্থত
আমি আগতীয়াকৈ মৃত্যুৰ চমন পোৱাটো আমাৰ অধিকাৰ
No comments:
Post a Comment