মই তোৰ প্ৰেমত পৰিছো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

মই তোৰ প্ৰেমত পৰিছো


মই তোৰ প্ৰেমত পৰিছো

দীপিকা ফুকন

গোলাঘাট


মই তোৰ প্ৰেমত পৰিছো

ল'ৰালিৰ সংশয় এৰি

মই তোৰ প্ৰেমত পৰিছো


মই ডাঙৰ হলো

সংগোপনে তোৰ

কাষ চাপিব পৰাকৈ

বুকুত সাহসৰ ঘৰ বান্ধিছো

মই তোৰ প্ৰেমত পৰিছো


জীৱনৰ সংজ্ঞা বিচাৰি

ৰব খোজো তোৰ কাষত

ভৰুন বুকুৱে

দিব খোজে অলেখ মৰম

যি মৰমত উশাহ আছে

ককা-আইতাৰ

যি মৰমত জীৱন আছে

আই-পিতাইৰ

আছে অজশ্ৰ অনুজৰ

শশস্ৰ আশা


নিৰাশাৰ বেলিকা আনি দিবি মোক

ভাৱনাৰ সলীল সাগৰ


আজীৱন তোৰেই প্ৰেমিকা মই!


তই মোৰ হেঁপাহৰ ধনশিৰি

মোৰ আঁচলৰ ধনশিৰি

তই মোৰ নগা পাহাৰৰ আজলী ধনশিৰি!!!


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages