ৰাজ্যখনৰ নৱপ্ৰজন্মৰ মাজত দেখা দিয়া কৰ্মস্পৃহাহীনতাৰ সমস্যা
সীমাশ্ৰী দত্ত
মানৱ সভ্যতাৰ আৰম্ভণিতে মানুহে কৰ্মমুখী, কৰ্তব্যমুখী,শৃংখলাবদ্ধ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। সেয়েহে সমাজ অবিহনে জীয়াই থকাটো সম্ভৱ নাছিল।মানৱ সভ্যতাৰ মূল উৎস হ'ল সমাজ আৰু সমাজৰ মূল অংগ হ'ল যুৱপ্ৰজন্ম। শিশু এজনে শৈশৱকাল অতিক্ৰম কৰাৰ পাছত কৈশোৰকাল আৰম্ভ হয় আৰু তাৰ পাছত যৌৱনত ভৰি দিয়াৰ লগে লগেই সমাজখনৰ কিছু দায়িত্বভাৰ যুৱক- যুৱতীসকলৰ ওপৰত আহি পৰে।এই শিশুসকল, কিশোৰ কিশোৰীসকল,যুৱক- যুৱতীসকলেই সমাজ এখনৰ নতুন প্ৰজন্ম। এখন সমাজৰ ভৱিষ্যতৰ ভেঁটি নিৰ্ভৰ কৰে নতুন প্ৰজন্মৰ ওপৰতেই।কিন্তু বৰ্তমানৰ নতুন প্ৰজন্মৰ অৱস্থা তেনেই পুতৌলগা।কৰ্মস্পৃহাহীনতাই নতুন প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰত ডুবাই পেলাইছে।এই অন্ধকাৰৰ পৰা নিজকে উদ্ধাৰ কৰি পোহৰৰ বাটদি আগুৱাই যোৱাটো নৱপ্ৰজন্মৰ বাবে এক গভীৰ প্ৰত্যাহ্বান হৈ পৰিছে।
এখন সমাজ নিয়াৰিকৈ চলিবলৈ প্ৰত্যেকজন ব্যক্তিৰ সম্পূৰ্ণ সহযোগিতাৰ প্ৰয়োজন। যেনেকৈ পিতৃমাতৃৰ দায়িত্ব নিজৰ সন্তানক শুদ্ধ পথ দেখুৱাই সন্তানটোক মানুহ কৰা,শিক্ষকসকলৰ দায়িত্ব ছাত্ৰ- ছাত্ৰীসকলক সম্পূৰ্ণ নিষ্ঠাৰে শিক্ষাদান কৰা, নেতাসকলৰ দায়িত্ব সমাজখনৰ উন্নতি সাধন কৰা।ঠিক সেইদৰে নৱপ্ৰজন্মৰো সমাজখনৰ প্ৰতি বহুতো দায়িত্ব আৰু কৰ্তব্য আছে।কিন্তু নিজৰ দায়িত্ব কৰ্তব্য সঠিকভাৱে পালন কৰি নিজক, ঘৰখনক, সমাজখনক আগবঢ়াই নিয়াসকলৰ সংখ্যা তেনেই কম। সমাজখন যিমানেই প্ৰযুক্তিৰ দিশত আগবাঢ়িছে সিমানেই নৱপ্ৰজন্মৰ ভৱিষ্যতবোৰ যেন ধূসৰ হৈ পৰিছে।তেওঁলোক আধুনিকতাৰ চক্ৰবেহুত ইমানেই বেয়াকৈ সোমাই পৰিছে যে তেওঁলোকে নিজৰ জাতি,মাটি,ভেটিকে পাহৰি পেলাইছে।সময়ৰ লগত আগুৱাই যাবলৈ নতুনক আদৰাৰ মানসিকতা সকলোৰে থকা উচিত যদিও আমি নিজৰ কলা- সংস্কৃতি,সৌন্দৰ্য্যক পাহৰি যোৱাটো সমূলি অনুচিত। কৃষিপ্ৰধান অসমত বৰ্তমানৰ সামাজিক ব্যৱস্থাই এক অস্পষ্ট ভৱিষ্যতৰ ছবি তুলি ধৰিছে।এইক্ষেত্ৰত নৱপ্ৰজন্মৰ কৰণীয় অপৰিসীম।কিন্তু বহুত ল'ৰা- ছোৱালীকে নিজৰ পিতৃ-মাতৃৰ বৃত্তিক লৈও লজ্জা অনুভৱ কৰা দেখা যায়।পিতৃ-মাতৃয়ে খেতি,বাঁহ বেতৰ কাম,বজাৰত পাচলি বেচা,কমাৰশালৰ কাম, হাজিৰা কাম বা তেনেকুৱা ধৰণৰ অন্য কাম কৰিলে তেওঁলোকৰ সন্তানে আনৰ আগত ক'বলৈ লাজ পায়।যি বৃত্তিয়ে তেওঁলোকক জীৱন দিলে,দুবেলা দুসাঁজ খাবলৈ দিলে,মূৰৰ ওপৰত এখন চালি দিলে, দুশ্ৰেণী পঢ়িবলৈ সুযোগ দিলে সেই বৃত্তিকে অৱজ্ঞা কৰি মানুহ উন্নতিৰ পথত আগুৱাব পাৰে জানো?পঢ়া শুনাৰ লগতে ঘৰখনৰ আৰ্থিক অৱস্থালৈ লক্ষ্য কৰি যদি ল'ৰাটো বা ছোৱালীজনীয়ে নিজৰ ঘৰৰ খেতিডৰাতে লাগি দিয়ে নিজৰেই উন্নতি নহ'বনে। কিন্তু আজিকালি বহুতে অলপ পঢ়া-শুনা কৰিলেই নিজক বহুত ডাঙৰ মানুহ বুলি ভাবি লয়। ঘৰৰ বাৰীত কোৰ এচাব মাৰিবলৈ,তাঁতশালখনত বহিবলৈ, জেওৰা এখন দিবলৈ লাজ কৰে।এইবোৰ কাম কৰিলে তেওঁলোকৰ সন্মান হানি হ'ব বুলি ভাবে।কিন্তু কয় নহয় হাতৰ বিদ্যাৰ মৰণ নাই,সকলোৱে চৰকাৰী চাকৰি এটা নাপাবও পাৰে ডাঙৰ ব্যৱসায় কৰিব নোৱাৰিবও পাৰে সেইবুলি হাত সাবতি বহি থাকিলেতো নহ'ব।বৰ্তমান তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে হোৱা পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সংখ্যা চৈধ্য লাখ বুলি জানিব পাৰিছোঁ কিন্তু চাকৰিৰ পদৰ সংখ্যা মাত্ৰ চাব্বিশ হাজাৰ তেনেস্থলত চাব্বিশ হাজাৰে চাকৰি পোৱাৰ পিছতো কিমান লাখ লাখ নিবনুৱা থাকিয়ে যাব তাৰোপৰি চাকৰিৰ বাবে আহি থকা নতুন নতুন দুৰ্নীতিৰ খবৰবোৰৰ কথা বাদেই দিছো।এইবোৰৰ পৰাই বুজিব পাৰি যে পৰিস্থিতি কিমান ভয়াৱহ হ'বলৈ গৈ আছে।নিজৰ যিখিনি আছে তাৰপৰাই অলপ অলপকৈ আৰম্ভ কৰিলেহে নিজৰ ভৱিষ্যতবোৰ সুৰক্ষিত কৰিব পাৰিব।কামৰ সৰু বৰ নাই শুদ্ধ পথত থাকি আনক অপকাৰ নকৰাকৈ কাম কৰি যোৱাজনৰ জীৱনৰ প্ৰতি ভয় নাথাকে।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অন্যতম আৱিষ্কাৰ মোবাইল ফোন আৰু কম্পিউটাৰ বৰ্তমান সকলোৰে বাবে আৰ্শীবাদস্বৰূপ হৈ পৰিছে।কিন্তু ইয়াৰ ঋণাত্মক দিশটোলৈ চালে দেখা যায় যে নৱপ্ৰজন্মৰ মাজত দেখা দিয়া কৰ্মস্পৃহাহীনতাৰ মূলতে হ'ল মোবাইলফোন,কম্পিউটাৰ,ইণ্টাৰনেট। অৱশ্যে প্ৰত্যেক বস্তুৰে ভাল বেয়া দুয়োটা দিশ থাকেই তাৰে বেয়াটো আঁতৰাই ভালটো ল'ব জনাসকলৰ বাবে ই কেতিয়াও অপকাৰী হ'ব নোৱাৰে।কিন্তু মোবাইলৰ পৰা ভাল শিক্ষা লোৱাসকলৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা।ভালক এৰি বেয়াটোৰ প্ৰতি আকৰ্ষিত হোৱাটো মানুহৰ স্বভাৱজাত গুণ। কিছুমানে ফেচবুক, টুইটাৰ, ইউটিউব আদি চচিয়েল নেটৱৰ্কসমূহক নিকৃষ্ট মনোবৃত্তিৰে অপপ্ৰয়োগ কৰি অশ্লীল ফটো আদিৰ সংযোজন ঘটাই সমাজত অপৰাধমূলক কাম-কাজৰ পৰিমাণ বৃদ্ধি কৰাত অৰিহণা যোগাইছে।যুৱক- যুৱতীসকল কৈশোৰ অৱস্থাৰ পৰাই এক ভয়ানক পৰিস্থিতিত ভৰি দিবলৈ আৰম্ভ কৰে।ঘৰখনত বা সমাজখনত যদি সুস্থ পৰিৱেশ বিৰাজ কৰে তেনেহ'লে তেওঁলোকে কিছু পৰিমাণে সেই পৰিস্থিতিৰ লগত যুঁজ দি নিজকে বচোৱাৰ বাবে কিছু শক্তি আহৰণ কৰিব পাৰে।কিন্তু বিশৃংখল পৰিৱেশে মানুহক সাধাৰণতে বেয়া দিশৰ প্ৰতিয়ে আকৰ্ষিত কৰে।আজিকালি শিশুৱে মাত নুফুটাৰ আগতেই,খোজ নকঢ়াৰ আগতেই মোবাইল ব্যৱহাৰ কৰিবলৈ শিকে।এই কথাটোৱে শিশুটোৰ মাক দেউতাকক বা পৰিয়ালৰ অন্য লোকক আমোদ দিলেও কিন্তু ই শিশুটোৰ স্বাস্থ্যৰ পক্ষে একেবাৰে হানিকাৰক। ঘৰৰ মানুহে ল'ৰা-ছোৱালীয়ে হুলস্থুল নকৰাকৈ মনে মনে বহি থাকক বুলি মোবাইলটোকে হাতত তুলি দিয়ে যাৰ ফলত সেই শিশুটোৱে বিচৰা সময়ত মোবাইলটো নাপালে আচহুৱা আচৰণ কৰে। ল'ৰা- ছোৱালীক এটা নিৰ্দিষ্ট সময়তহে মোবাইল ব্যৱহাৰ কৰিবলৈ দিয়া উচিত।অৱশ্যে আজিকালি যিহেতু পঢ়াশুনাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতেই মোবাইলৰ ব্যৱহাৰ অপৰিহাৰ্য, সেয়েহে যদি সিহঁতে মোবাইল ব্যৱহাৰ কৰে মাক দেউতাক বা ঘৰৰ আন জ্যেষ্ঠসকলে প্ৰত্যেক সময়তে চকু দিয়া উচিত যে সি বা তাই মোবাইলটোত নিজৰ লাভৰ কিবা কৰিছেনে নাই। প্ৰায়বোৰ ল'ৰা-ছোৱালীয়ে মোবাইলত বিভিন্ন ধৰণৰ গেম খেলি সময়ৰ অপব্যয় কৰা দেখা যায়। তেওঁলোকে অনুভৱেই কৰিব নোৱাৰে জীৱনৰ কিমান মূল্যবান সময় অনাহকত অপব্যয় কৰি তেওঁলোকে নিজৰ জীৱনটোকে ধ্বংসৰ ফালে ঠেলি দিছে। আজিকালি বহুতকে দেখা যায় ইউটিউবত নিজা চেনেল খুলি অনবৰতে ভিডিঅ' বনাই থকা। অৱশ্যে এই ভিডিঅ'সমূহ যদি বিভিন্ন তথ্যসমৃদ্ধ হয় যি আনকো সহায় কৰে তেন্তে বহুতেই ভাল কথা। কিন্তু কিছুমানে নিজৰ শুই উঠাৰ পৰা আৰম্ভ কৰি ভাত খোৱালৈকে, ওচৰৰ কাৰোবাৰ ঘৰলৈ যোৱা লৈকে ভিডিঅ' বনাই নিজৰ সময় নষ্ট কৰা দেখা যায়।বৰ্তমানৰ প্ৰতিযোগিতাৰ পৃথিৱীখনত মানুহৰ বাবে এটা এটা মিনিট কিমান মূল্যবান সেয়া বুজাসকলৰ বাবেহে জীৱনটো ফলপ্ৰসু হয়।নীলমণি ফুকনদেৱে তেওঁৰ 'সময়' নামৰ গদ্যটিত লিখিছিল----- "সময়ৰ টিকনিডাল হেনো আগফালে", "সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।" গতিকে কাম কৰিলেহে কষ্ট কৰিলেহে সফলতা পোৱা যায়।
আজিৰ নৱপ্ৰজন্মৰ মাজত প্ৰায় সকলোৱেই শিক্ষিত।কিন্তু প্ৰায় বিলাককেই কিতাপৰ প্ৰতি অনিচ্ছুক হোৱা দেখা যায়। আনকি নিজৰ পাঠ্যক্ৰমৰ কিতাপখনো পঢ়িবলৈ নিবিচাৰে বাহিৰা কিতাপ বহুদূৰৰে কথা।পাঠ্যক্ৰমৰ কিতাপ নপঢ়ি ইউটিউব, গুগলৰ সহায় ল'বলৈ যায়।সময়ৰ লগত আমি খোজ মিলাই চলিবই লাগিব যিহেতু মোবাইলটোৱে আমাক ইমানখিনি সুবিধা দিছে গতিকে ইউটিউব গুগলৰ সহায় লৈও নুবুজাখিনি বুজিব লাগিব। কিন্তু তাৰ লগতে কিতাপখন পঢ়ি যাবই লাগিব।কাৰণ কিতাপৰ সমান সুফল আনৰ পৰা পাব নোৱাৰি। অৱশ্যে কিতাপ পঢ়াৰ শিক্ষা বা পৰিৱেশ ঘৰৰ মানুহেও দিব লাগিব।সন্তানটোক সৰুৰেপৰাই কিতাপৰ প্ৰতি আকৰ্ষিত কৰাব লাগিব, কিতাপ পঢ়াৰ অভ্যাস কৰাব লাগিব, কিতাপ উপহাৰ হিচাপে দিব লাগিব বা আনকো দিবলৈ শিকাব লাগিব,গ্ৰন্থমেলালৈ নিব লাগিব। "মোৰো এটা সপোন আছে", "অগ্নিৰ ডেউকা", "উচ্চাকাংক্ষা" আদিৰ দৰে অনুপ্ৰেৰণাদায়ক কিতাপে মানুহৰ জীৱনৰ গতি সলনি কৰিব পাৰে।এই কিতাপবোৰে আমাক জীৱনটোৰ লগত যুঁজিবলৈ সাহস দিয়ে, বহুতো নজনা কথা জনাৰ সুযোগ দিয়ে,পৰিশ্ৰমী হ'বলৈ অনুপ্ৰেৰণা যোগায়। পৃথিৱী বিখ্যাত সাহিত্যক মাৰ্টিন টুপৰে কৈছিল,"কিতাপেই হৈছে মানুহৰ সৰ্বোত্তম বন্ধু।" কিতাপে এজন মানুহৰ মানসিক জগতখন এনেকৈ গঢ় দিয়ে যে যিকোনো এটা পৰিস্থিতিৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া কিতাপ নপঢ়া আন মানুহতকৈ বেলেগ হয়। কিতাপত এক সঞ্জীৱনী শক্তি থাকে যিয়ে মানুহ এজনক নতুনকৈ গঢ় দিব পাৰে।
"নিচা মানেই সৰ্বনাশা"-----এই কথাষাৰ সৰ্বজনবিদিত। নিচাসক্ত দ্ৰব্যৰ সেৱনো নৱপ্ৰজন্মৰ কৰ্মস্পৃহাহীনতাৰ এক অন্যতম কাৰণ। বৰ্তমান যুৱক- যুৱতীসকল সহজতেই নিচাসক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হোৱা দেখা যায়।যাৰ ফলস্বৰূপে সমাজত অপৰাধমূলক কাম-কাজৰ সংখ্যা বৃদ্ধি পাইছে, নৱপ্ৰজন্ম পথভ্ৰষ্ট হৈছে, নিজৰ ভৱিষ্যত, কাম কৰাৰ উদ্যম সকলো হেৰুৱাই পেলাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনমতে ড্ৰাগছ সেৱন কৰা ব্যক্তিসকলৰ বেছিভাগেই ১৭-১৮ বছৰ বয়সৰ বুলি ধাৰণা কৰা হৈছে।অসমত বৰ্তমান ড্ৰাগছ সেৱনৰ ঘটনা সীমিত যদিও এই মাৰাত্মক ব্যাধিৰ বৰবিহ গছপুলি অৱস্থাতেই ধ্বংস নকৰিলে অসমখনো এদিন আক্ৰান্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
বৰ্তমান সমাজত নৱপ্ৰজন্মৰ বিশৃংখলতাৰ আৱৰ্জনাই সমাজখনক কলুষিত কৰি পেলাইছে বুলি অনুমান কৰিব পাৰি।এই বিশৃংখলতা বা উশৃংখলতাই সমাজ জীৱনত নৈতিকতাৰ অভাৱ সৃষ্টি কৰি আহিছে।যাৰ ফলত মানুহৰ মাজত থকা বিচাৰ-বুদ্ধিৰ মান নিম্নগামী হৈ পৰিছে।নিসংগতা, আত্মকেন্দ্ৰিকতা আৰু হতাশাই নৱপ্ৰজন্মক লক্ষ্যৰ পৰা বিচলিত কৰি ভুল পথত পৰিচালিত কৰাইছে। এই নিসংগতা, হতাশা, আত্মকেন্দ্ৰিকতাই মাতি আনিছে আত্মহত্যাৰ দৰে সমস্যা। বৰ্তমান সমাজত আত্মহত্যাৰ পৰিমাণ ইমানেই বাঢ়িছে যে ই সমাজখনলৈ ঘোৰ অমানিশা মাতি আনিছে।পৰীক্ষাৰ ফলাফল ভবামতে নোহোৱা, চাকৰি এটাৰ যোগাৰ কৰিব নোৱাৰা,প্ৰেমজনিত কাৰণ আদি বিভিন্ন অজুহাততেই শ শ জীৱন কলিতেই মৰহি গৈছে। পূৰ্বপুৰুষে দেখুৱাই থৈ যোৱা কাম কৰাৰ নতুন উদ্যমবোৰ যেন বৰ্তমান প্ৰজন্মৰ মাজত হেৰাই গৈছে। আগতেও মানুহৰ খাবলৈ নাছিল, পিন্ধিবলৈ নাছিল, ৰাস্তা-পদূলিৰ পৰা ধৰি যোগাযোগলৈকে একো ব্যৱস্থাই নাছিল। তথাপিও মানুহবোৰে কষ্ট কৰিছিল।জেঠমহীয়া ৰ'দত পথাৰত কাম কৰি আহিও এতিয়াৰ দৰে ফেনৰ বতাহকণ ল'ব পৰা নাছিল। পুহমহীয়া জাৰত ল'বলৈ কম্বল এখনৰ অভাৱত ককবকাই থাকিছিল কিন্তু তথাপিও মানুহবোৰে হাৰ মনা নাছিল। পিছদিনা পুৱা একে উৎসাহেৰে নিজৰ কামত লাগিছিল। সেই সময়ত মানুহ খাবলৈ নাপাইহে মৰিছিল আত্মহত্যাৰ পৰিমাণ নিচেই কম আছিল। বৰ্তমান নৱপ্ৰজন্মৰ মাজত কষ্ট সহ্য কৰাৰ শক্তি ইমানেই কম যে জীৱনৰ বোজা অলপ বেছি হ'লেই ধৈৰ্য্যচ্যুত হৈ ভুল পথত খোজ দিবলৈ লয়। শৃংখলাহীন পৰিস্থিতিৰ বাবেই সমাজখনত চুৰি- ডকাইতি, হিংসা আদি অপৰাধমূলক কাৰ্যকলাপবোৰ যথেষ্ট বৃদ্ধি হ'বলৈ ধৰিছে। ইয়াৰ উপৰি বিভিন্ন দিশত সংঘটিত হোৱা দুৰ্নীতি আৰু সংঘৰ্ষ-প্ৰতিবাদ আদিও নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰাত বিশেষ অৰিহণা যোগাই আহিছে।অসমৰ ৰাজনীতি আৰু সমাজনীতি এক উৎসৱলৈ পৰিণত হৈছে। এই ৰাজনীতিৰ লেতেৰা বোকা নৱপ্ৰজন্মৰ গাত ভালকৈয়ে লাগিছে। ৰাজনীতি বৰ জটিল আৰু ৰাগিয়াল বস্তুৰ দৰে নিচাকাৰক, এবাৰ ৰাজনীতিৰ নিচা সোমালে তাৰপৰা ওলাই অহা টান হয়।
বৰ্তমান সময়ত দেশত ঘটি থকা অমানৱীয় ঘটনাৰাজীয়ে মানুহৰ মাজত ত্ৰাসৰ সঞ্চাৰ কৰি এক অস্তিত্বহীনতাই দেখা দিছে।শিক্ষা ব্যৱস্থাৰ ভুলনীতি, আত্মনিৰ্ভৰশীল যোগ্য শিক্ষা পদ্ধতি নথকাত উচ্চ শিক্ষা লাভৰ পিছতো সংস্থাপন বিচাৰি হাবাথুৰি খাই হতাশাত ভুগি শেষত মানসিকতাৰ বিকৃত ৰূপ ধাৰণ কৰি বিপথগামী হৈ বিচ্ছিন্নতাবাদী, সন্ত্ৰাসবাদী শক্তিসমূহলৈ মুকলি সমৰ্থন অথবা সক্ৰিয় সদস্যলৈ ৰূপান্তৰিত হৈছে। যদিও নৱপ্ৰজন্মৰ মানসিকতা নিম্নগামী হৈছে তাৰ বাবে নৱপ্ৰজন্মই সম্পূৰ্ণ দায়ী নহয়।সেয়েহে নৱপ্ৰজন্মক উদ্ধাৰ কৰি আমাৰ দেশ আৰু সমাজক উদ্ধাৰ কৰাটো প্ৰতিজন অভিভাৱক, সৎ ব্যক্তি, বুদ্ধিজীৱি আৰু সু নাগৰিকৰ কৰ্তব্য বুলি ক'ব পাৰি। যিহেতু আজিৰ নৱপ্ৰজন্ম কাইলৈৰ দেশৰ আশা-ভৰষাৰ স্থল, সেয়েহে প্ৰতিজন সচেতন নাগৰিকৰ লগতে চৰকাৰৰো এই সমস্যাৰ বিষয়ে চিন্তা কৰাটো প্ৰয়োজন।
সীমাশ্ৰী দত্ত
যোৰহাট আইন মহাবিদ্যালয়
ফোন নম্বৰ: ৯১০১২০১৯৮৩
No comments:
Post a Comment