ভাব বিলাস
পিংকুজিৎ
(ভাইটি প্ৰাঞ্জল তালুকদাৰৰ হাতত)
(১)
ভাবি চাই দেখিহে
মন্তব্য মোৰ
এটা আঙুলিৰ মহ মৰণ
(২)
ডেও দি কিতাপ এখন
ওপৰলৈ উঠি
উৰি যোৱাজনক আশ্চৰ্যত গঢ়া
প্ৰতিকূল প্ৰৱাহৰ
বাতানুকূল বাতায়ন
(৩)
ঘড়ীৰ ঘণ্টাৰ কাঁটাৰ
সূক্ষ্ম গতিৰে
ঘণ্টাই ঘণ্টাই ঘণ্টা বজাই
সময় নিৰ্ঘণ্টক
(৪)
আধাইঞ্চি দৃষ্টিৰে
দূৰদৃষ্টি
চশ্মাত দৰক লাগি
কীটৰ কিলবিল
(৫)
এটা আঙুলিতো
মহৰ মৰণ
অলপ ভাবি দিয়া হওক
মন্তব্যত মোৰ
জপাৰ জাপন।
No comments:
Post a Comment