প্ৰেম
দীপ হেষ্টিংছ বৰি
If you really love me today
I will love you forever..
শিলত কাটে জীৱন সপোন
কাঁচেৰে সাজে কল্পনাৰ কাৰেং
মণিব নোৱাৰা দূৰ দিগন্তলৈ উৰে
আশা ৰঙৰ চিলা
অক্লান্ত মন, বুকুত অজস্ৰ জোৱাৰ
উকা দুবাহুৰে সাৱটিব খোজে
সাগৰ সমান মৰম
অশান্ত ঢল এটা লৈ
হৃদয়ৰ পৰা বৈ আহে এখন নদী
বুকুৰ গভীৰতা জুখি জুখি
যি প্ৰেমত চকুলো আছে
সেই প্ৰেমৰ গভীৰতা আছে
যি প্ৰেমত বিষাদ আছে
সেই প্ৰেমৰ মাদকতা আছে
প্ৰেম বিহীন জীৱন অসাৰ্থক
প্ৰেমেৰে জীৱন নতৰায়
জীৱন আৰু প্ৰেম
সন্ধিয়া আকাশৰ তৰা-জোন ৷৷
No comments:
Post a Comment