ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ (Rehabilitation Council of India) ৰ অনুমোদিত পাঠ্যক্ৰম
ড° বুলজিৎ বুঢ়াগোহাঁই
১৯৮৬ চনত ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ(আৰচিআই) পঞ্জীয়নভুক্ত সমিতি হিচাপে গঠন কৰা হয়। ১৯৯২ চনৰ ছেপ্টেম্বৰ মাহত সংসদে আৰ চি আই আইন প্ৰণয়ন কৰে আৰু ১৯৯৩ চনৰ ২২ জুনত বিধিগত সংস্থালৈ পৰিণত হয় । ২০০০ চনত সংসদে এই আইনখন সংশোধন কৰি আৰচিআইক দিয়া আদেশ হৈছে - বিশেষ ভাৱে সক্ষম ব্যক্তিসকলক দিয়া সেৱাসমূহ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কৰা, পাঠ্যক্ৰমসমূহ প্ৰামাণিককৰণ কৰা আৰু পুনৰ্সংস্থাপন আৰু বিশেষ শিক্ষাৰ ক্ষেত্ৰত কাম কৰা সকলো যোগ্য পেছাদাৰী আৰু কৰ্মীৰ কেন্দ্ৰীয় পুনৰ্সংস্থাপন পঞ্জী বজাই ৰখা বিশেষ ভাৱে সক্ষম ব্যক্তিক সেৱা আগবঢ়োৱা অযোগ্য ব্যক্তিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নিৰ্ধাৰণ কৰে।
ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ (http://www.rehabcouncil.nic.in) ৰ উদ্দেশ্যসমূহ হ’ল -
১। বিশেষ ভাৱে সক্ষম ব্যক্তিৰ পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত প্ৰশিক্ষণ নীতি আৰু কাৰ্যসূচী নিয়ন্ত্ৰণ কৰা,
২ । বিশেষ ভাৱে সক্ষম ব্যক্তিৰ সৈতে মোকাবিলা কৰা পেছাদাৰীসকলৰ বাবে প্ৰশিক্ষণ পাঠ্যক্ৰমৰ প্ৰামাণিককৰণ আনিব পৰা,
৩। বিশেষ ভাৱে সক্ষম লোকৰ সৈতে মোকাবিলা কৰা বিভিন্ন শ্ৰেণীৰ পেছাদাৰী/ কৰ্মীৰ শিক্ষা আৰু প্ৰশিক্ষণৰ নূন্যতম মানদণ্ড নিৰ্ধাৰণ কৰা,
৪। গোটেই দেশৰ সকলো প্ৰশিক্ষণ প্ৰতিষ্ঠানতে এই মানদণ্ডসমূহ একেদৰে নিয়ন্ত্ৰণ কৰা,
৫। বিশেষ ভাৱে সক্ষম ব্যক্তিৰ পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী/ স্নাতক ডিগ্ৰী/ পি.জি.ডিপ্লমা/ ডিপ্লমা/ চাৰ্টিফিকেট পাঠ্যক্ৰম চলোৱা প্ৰতিষ্ঠান/ সংস্থা/ বিশ্ববিদ্যালয়ক স্বীকৃতি দিয়া,
৬। বিদেশী বিশ্ববিদ্যালয়/ প্ৰতিষ্ঠানে পাৰস্পৰিক ভিত্তিত প্ৰদান কৰা ডিগ্ৰী/ডিপ্লমা/প্ৰমাণপত্ৰক স্বীকৃতি দিয়া,
৭। পুনৰ্সংস্থাপন আৰু বিশেষ শিক্ষাৰ গৱেষণাক প্ৰসাৰিত কৰা,
৮। পেছাদাৰী/ কৰ্মীৰ পঞ্জীয়নৰ বাবে কেন্দ্ৰীয় পুনৰ্সংস্থাপন পঞ্জী ৰক্ষা কৰা,
৯। ভাৰত আৰু বিদেশৰ প্ৰতিষ্ঠানৰ পৰা বিশেষভাৱে সক্ষম লোকৰ পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত শিক্ষা আৰু প্ৰশিক্ষণৰ বিষয়ে নিয়মীয়াকৈ তথ্য সংগ্ৰহ কৰা,
১০। বিশেষভাৱে সক্ষমৰ ক্ষেত্ৰত কাম কৰা সংস্থাসমূহৰ সৈতে সহযোগিতা কৰি পুনৰ্সংস্থাপন আৰু বিশেষ শিক্ষাৰ ক্ষেত্ৰত ধাৰাবাহিক শিক্ষাক উৎসাহিত কৰা।
১১। বৃত্তিমূলক পুনৰ্সংস্থাপন কেন্দ্ৰসমূহক জনশক্তি উন্নয়ন কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া,
১২। বৃত্তিমূলক পুনৰ্সংস্থাপন কেন্দ্ৰত কাম কৰা বৃত্তিমূলক প্ৰশিক্ষক আৰু অন্যান্য কৰ্মীসকলক পঞ্জীয়ন কৰা,
১৩। বিশেষভাৱে সক্ষমৰ ওপৰত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু শীৰ্ষ প্ৰতিষ্ঠানসমূহক জনশক্তি উন্নয়ন কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া,
১৪। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বিশেষভাৱে সক্ষমৰ ওপৰত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু শীৰ্ষ প্ৰতিষ্ঠানত কাম কৰা কৰ্মীসকলক পঞ্জীয়ন কৰা ।
ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ (http://www.rehabcouncil.nic.in) ৰ অনুমোদিত পাঠ্যক্ৰমসমূহ হ’ল-
১। দৃষ্টিশক্তিহীনতাৰ ক্ষেত্ৰত (In the field of Visual Impairment) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল-M.Ed. Special Education (Visual Impairment), B.Ed. Special Education (Visual Impairment) , D.Ed. in Special Education (Visual Impairment), D.Ed. Special Education (Deafblind), B.Ed. Special Education (Deafblind) (on pilot basis) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Diploma in Computer Education (Visual Impairment) ।
২। শ্ৰৱণ ক্ষমতাহীনতাৰ ক্ষেত্ৰত (In the field of Hearing Impairment) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল-M.Ed. Special Education (Hearing Impairment),B.Ed. Special Education (Hearing Impairment),D.Ed. in Special Education (Hearing Impairment), Diploma in Indian Sign Language Interpretation, Diploma in Teaching Indian Sign Language আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Diploma in Early Childhood Special Education (Hearing Impairment)।
৩। বৌদ্ধিক অক্ষমতাৰ ক্ষেত্ৰত (In the field of Intellectual Disability) তিনিবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- B.Sc. (Special Education and Rehabilitation), Integrated Bachelor of Education-Master of Education-Special Education (Intellectual Disability); দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- M.Ed. Special Education (Intellectual Disability), B.Ed. Special Education (Intellectual Disability), D.Ed. in Special Education (Intellectual and Developmental Disabilities) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- P.G. Diploma in Early Intervention, Diploma in Vocational Rehabilitation (Intellectual Disability), Diploma in Early Childhood Special Education (Intellectual Disability)।
৪। শিক্ষণ অক্ষমতাৰ ক্ষেত্ৰত (In the field of Learning Disability) তিনিবছৰীয়া পাঠ্যক্রম হ’ল- Integrated Bachelor of Education-Master of Education Special Education (Specific Learning Disability ) আৰু দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- M.Ed. Special Education (Learning Disability), B.Ed. Special Education (Learning Disability) ।
৫। পুনৰ্সংস্থাপন অভিযান্ত্ৰিক/প্ৰযুক্তিৰ ক্ষেত্ৰত (In the field of Rehabilitation Engineering/Technology) চাৰে চাৰিবছৰীয়া পাঠ্যক্রম হ’ল- Bachelor in Prosthetics and Orthotics; দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Master in Prosthetics & Orthotics , Diploma in Prosthetics and Orthotics আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Certificate Course in Prosthetics & Orthotic ।
৬। সম্প্ৰদায়ভিত্তিক পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত (In the field of Community Based Rehabilitation) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Diploma in Community Based Rehabilitation, Post Graduate Diploma in Community Based Rehabilitation ।
৭। পুনৰ্সংস্থাপন মনোবিজ্ঞানৰ ক্ষেত্ৰত (In the field of Rehabilitation Psychology) দুবছৰীয়া পাঠ্যক্রম হ’ল- M.Phil (Rehabilitation Psychology) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- P.G. Diploma in Rehabilitation Psychology ।
৮। ক্লিনিকেল চাইক’লজিৰ ক্ষেত্ৰত (In the field of Clinical Psychology) চাৰিবছৰীয়া পাঠ্যক্রম হ’ল- Psy.D in Clinical Psychology ; দুবছৰীয়া পাঠ্যক্রম হ’ল- M.Phil (Clinical Psychology) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Professional Diploma in Clinical Psychology ।
৯। বাক আৰু শ্ৰৱণৰ ক্ষেত্ৰত (In the field of Speech & Hearing) চাৰিবছৰীয়া পাঠ্যক্রম হ’ল- Bachelor in Audiology and Speech-Language Pathology– Semester System ; দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- M.Sc. in Audiology, M.Sc. in Speech Language Pathology; আৰু এবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Diploma in Hearing Language and Speech, Diploma in Hearing Aid Repair and Ear Mould Technology, Post Graduate Diploma Course in Auditory Verbal Therapy আৰু Post Graduate Diploma in Alternative and Augmentative Communication।
১০। ল’ক’ম’টৰ আৰু চেৰিব্ৰেল পালচিৰ ক্ষেত্ৰত (In the field of Locomotor and Cerebral Palsy) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- D.Ed. Special Education (Multiple Disabilities), B.Ed. Special Education (Multiple Disabilities), M.Ed. Special Education (Multiple Disabilities) , D.Ed. Special Education (Cerebral Palsy) আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- P.G. Dipl. in Developmental Therapy (Mult. Dis.:Physical and Neuro.) ।
১১। অটিজিম স্পেকট্ৰম আৰু ডিছঅৰ্ডাৰৰ ক্ষেত্ৰত (In the field of Autism Spectrum and Disorder) দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- D.Ed. Special Education (Autism Spectrum Disorders), B.Ed. Special Education (Autism Spectrum Disorder) আৰু M.Ed. Special Education (Autism Spectrum Disorder) (on pilot basis)।
১২। পুনৰ্সংস্থাপন চিকিৎসাৰ ক্ষেত্ৰত (In the field of Rehabilitation Therapy) চাৰে দুবছৰীয়া পাঠ্যক্রম হ’ল- Diploma in Rehabilitation Therapy আৰু এবছৰীয়া পাঠ্যক্রম হ’ল- Certificate Course in Rehabilitation Therapy ।
১৩। বৃত্তি পৰামৰ্শ আৰু পুনৰ্সংস্থাপন সামাজিক কাম/প্ৰশাসনৰ ক্ষেত্ৰত(In the field of Vocation Counselling and Rehabilitation Social Work/Administration) তিনিবছৰীয়া পাঠ্যক্রম হ’ল- Bachelor in Rehabilitation Science; দুবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Master in Rehabilitation Science, M.Sc. (Psycho-Social Rehabilitation ), Master in Disability Rehabilitation Administration, M.A. Social Work in Disability Studies and Action আৰু এবছৰীয়া পাঠ্যক্রমবোৰ হ’ল- Post-Graduate Diploma in Disability Rehabilitation and Management, Advance Diploma in Child Guidance and Counselling।
১৪। কেয়াৰ গিভাৰ্চ (Care Givers) দহমীয়া পাঠ্যক্রম হ’ল- Certificate Course in Care Giving।
১৫। অন্তৰ্ভুক্ত শিক্ষাৰ ক্ষেত্ৰত (In the field of Inclusive Education) চাৰিবছৰীয়া পাঠ্যক্রম হ’ল- Bachelor of Art/Bachelor of Commerce/Bachelor of Science Bachelor of Education Special Education।
১৭-১১-২০২২ তাৰিখলৈকে ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ (http://www.rehabcouncil.nic.in) অনুমোদিত অসমৰ প্ৰতিষ্ঠানসমূহ হ’ল-
শিশু সাৰথি (https://shishusarothi.org) ত D.Ed.Spl.Ed.(CP) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩০খন আৰু D.Ed.Spl.Ed.(MD) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩৫খন।
Composite Regional Centre, Guwahati ত D.H.L.S.(Diploma in Hearing Language and Speech) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩০খন, B.Ed.Spl.Ed.(HI) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩০খন আৰু B.A.S.L.P. পাঠ্যক্রমত আসনৰ সংখ্যা - ২৫খন।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান, তেজপুৰ (https://www.lgbrimh.gov.in) ত M.Phil.(Cli.Psy.) পাঠ্যক্রমত আসনৰ সংখ্যা - ৮খন।
Institute of Yoga and Nutrition Sciences (YNS) ত D.H.L.S. (Diploma in Hearing Language and Speech) পাঠ্যক্রমত আসনৰ সংখ্যা - ৩০খন।
ইয়াৰ উপৰিও আন ৰাজ্যৰ প্ৰতিষ্ঠানসমূহৰ নাম জানিবৰ বাবে শিক্ষাৰ্থীসকলে ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদৰ ৱেবছাইট(http://www.rehabcouncil.nic.in) ত চাব পাৰে আৰু এই প্ৰতিষ্ঠানসমূহত বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে প্ৰতিষ্ঠানসমূহৰ ৱেবছাইটত চাব পাৰে । লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয় ।
ভাৰতীয় পুনৰ্সংস্থাপন পৰিষদ(Rehabilitation Council of India)ৰ অনুমোদিত পাঠ্যক্রমবোৰ সমাপ্ত কৰাৰ পিছত শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি চৰকাৰী বিভাগ/সংগঠন/প্ৰতিষ্ঠান/বিশ্ববিদ্যালয়, বেচৰকাৰী সংস্থা, স্থানীয় আত্ম-সংস্থা, চিকিৎসা আৰু পেৰামেডিকেল সেৱা, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সাধাৰণ আৰু বিশেষ বিদ্যালয়ত চাকৰিৰ সুযোগ পাব পাৰে। নীতি পৰিকল্পনাকাৰী, গৱেষক, পৰামৰ্শদাতা হিচাপেও কাম কৰিব পাৰে । Bachelor in Audiology and Speech – Language Pathology (B. ASLP), M.Sc. in Speech Language Pathology আদি পাঠ্যক্ৰমবোৰে স্বনিয়োজনৰ সুযোগ প্ৰদান কৰে।
নিযুক্তি লাভ কৰিব পৰা বিভিন্ন পদবোৰ হ’ল –অডিঅ’লজিষ্ট আৰু স্পিচ থেৰাপিষ্ট (Audiologists and Speech Therapists),ক্লিনিকেল চাইক’লজিষ্ট (Clinical Psychologists),পুনৰ্সংস্থাপন অভিযন্তা আৰু কাৰিকৰী (Rehabilitation Engineers and Technicians), পুনৰ্সংস্থাপন মনোবিজ্ঞানী (Rehabilitation Psychologists), পুনৰ্সংস্থাপন সমাজকৰ্মী (Rehabilitation Social Workers),বহুমুখী পুনৰ্সংস্থাপন থেৰাপিষ্ট আৰু কাৰিকৰী (Multi-purpose Rehabilitation Therapists & Technicians),বিশেষভাৱে সক্ষম ব্যক্তিৰ সৈতে মোকাবিলা কৰা বৃত্তিমূলক পৰামৰ্শদাতা, নিয়োগ বিষয়া আৰু প্লেচমেণ্ট বিষয়া (Vocational Counsellors, Employment Officers and Placement Officers dealing with persons with disabilities),বিশেষভাৱে সক্ষম ব্যক্তিসকলক শিক্ষা আৰু প্ৰশিক্ষণ দিয়াৰ বাবে বিশেষ শিক্ষক(Special Teachers for Educating and Training the persons with disabilities),শ্ৰৱণ শক্তি আৰু কাণৰ মোল্ড টেকনিচিয়ান (Hearing and Ear Mould Technicians),স্পিচ পেথ’লজিষ্ট (Speech Pathologists) আদি।
সংযোজন :
গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in) ত ছয়মহীয়া Post Graduate Certificate Course in Disabilities Studies (PGCCDS) পাঠ্যক্রমত আসনৰ সংখ্যা - ২৫খন আৰু Post Graduate Diploma in Disabilities Studies (PGDDS) পাঠ্যক্রমত আসনৰ সংখ্যা - ২৫খন । লগতে Foundation Course in Science Teaching for Visually Impaired (FCSTVI) আৰু Certificate Course in Computer Literacy for differently able (CCCL) পাঠ্যক্রম আছে।
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে , তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে ।
No comments:
Post a Comment