তামোল-পাণ : অসমীয়া জাতিৰ এটা অংগস্বৰূপ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, January 1, 2023

তামোল-পাণ : অসমীয়া জাতিৰ এটা অংগস্বৰূপ



 তামোল-পাণ : অসমীয়া জাতিৰ এটা অংগস্বৰূপ


সুশান্ত দাস

শিৱসাগৰ



    তামোল খোৱাটো অসমীয়া মানুহৰ এটি পুৰণিকলীয়া ৰীতি। অসমীয়া মানুহৰ ঘৰত দৈনন্দিন তামোল-পাণৰ ব্যৱহাৰ হোৱাৰ উপৰিও বিভিন্ন ধৰণৰ সামাজিক আৰু ধর্মীয় কার্যত ই অপৰিহার্য। অসমীয়া মনুহৰ মাজত তামোল খোৱা অভ্যাসটো প্রাক আৰ্য সংস্কৃতিৰ পৰা অহা বুলি পণ্ডিতসকলে অনুমান কৰিছে। তামোল আৰু পাণক একেলগে তামোল-পাণ নাইবা সচৰাচৰ তামোল বুলিয়েই কোৱা হয়। এই শব্দ দুটা অষ্ট্ৰো এচিয়ান ভাষাৰ পৰা সংস্কৃত হৈ অসমীয়ালৈ অহা বুলি অনুমান কৰা হৈছে। তামোলক ‘গুৱা’ বুলিও কোৱা হয়। আমাৰ প্ৰতিবেশী খাচীসকলে তামোলক ‘কোৱাই’ বুলি কয়। দক্ষিণ-পূব এচিয়াৰ বিভিন্ন দেশ আৰু অঞ্চলত তামোলৰ ব্যৱহাৰ আছে আৰু এই অঞ্চলবোৰৰ কেইবাটাও ভাষাৰ তামোল বাচক শব্দৰ ‘গুৱা’ বা ‘কোৱাই’ৰ সৈতে ধ্বনিগত মিল লক্ষ্য কৰা যায়। তামোল -পানৰ অসমত বিশেষ প্ৰচলন, ভোজনবিলাসৰ বস্তু হিচাপে প্ৰয়োজন হোৱাৰ বাহিৰেও বিভিন্ন ধৰ্মানুষ্ঠান আৰু ক্ৰিয়া-কাণ্ডতো তামোলৰ প্ৰয়োজন হয়।হিন্দু-সংস্কৃতিত তামোল-পাণৰ ব্যৱহাৰ আৰ্য্যোতৰসকলৰ প্ৰভাৱত সোমাইছে বুলি পণ্ডিতসকলে অনুমান কৰে। তামোল বুজাবলৈ প্ৰয়োগ হোৱা নাগাবল্লী পুগফলম,গুৱাক আদি শব্দও তাৎপৰ্যপূৰ্ণ।এই শব্দসমূহ সম্ভৱতঃ আৰ্য্যোতৰ ভাষাভাষীসকলৰ পৰা আহিছে। জ্যঁপুছিলুস্কিয়ে মনখেমৰ বুল ধাতুৰ লগত তম উপসৰ্গ সংযোগ হৈ তাম্বুল শব্দ নিস্পন্ন হোৱা বুলি মত প্ৰকাশ কৰিছে।পুছিলুস্কিৰ মতে তামোল -পানৰ লগত জড়িত পোন,গণ্ডা ,কৰি বিড়া আদি শব্দৰো উৎপত্তি অষ্ট্ৰোএছিয়াটিক মনখেমৰ ভাষাৰ পৰা।কোনো কোনোৰ মতে তামোল খোৱা প্ৰথাটো দ্ৰাৱিড়ীয় প্ৰথা ।কাৰণbetel(তামোল)শব্দটোৱেই মালায়ালম ভাষাৰ ৱেটিল্লা শব্দৰ পৰা অহা। পশ্চিম উপকূললৈ অহা পৰ্তুগীজ ব্যৱসায়ীসকলে এই দ্ৰাবিড়ীয় শব্দটো সৰ্বত্ৰ প্ৰচাৰ কৰে।মহামহোপাধ্যায় কানেৰ মতে দহ্মিণ ভাৰতত তামোলৰ প্ৰৱৰ্তন সম্ভৱতঃ খ্ৰীষ্টীয় শতিকা আৰম্ভ হোৱাৰকিছুদিনৰ পূৰ্বে।ইয়াৰ পিছতহে এই প্ৰথা উত্তৰ ভাৰতলৈ বিয়পে।তামোল খোৱা প্ৰথাৰ উল্লেখ সৰ্বপ্ৰথম পালি সাহিত্যতেই পোৱা যায়।ভোজনৰ পিছত তামোল খোৱা প্ৰথাৰ বিধান স্মৃতিশাস্ত্ৰত আছে।বাৎসায়নৰ কামশাস্ত্ৰত দাঁত ঘঁহি মুখ ধোৱাৰ পিছত তামোল খাই মুখৰ নিশ্বাস সুগন্ধি কৰাৰ নিৰ্দেশ আছে।চৰক,সুশ্ৰুত আদি নিদানকাৰসকলে ঔষধত তামোলৰ গুণাগুণ নিৰ্ণয় কৰি লিখিছে। 

       অসমীয়া সমাজত তামোল খোৱা অভ্যাসটো সকলো স্তৰৰ লোকৰে আছে। সাধাৰণতে ল’ৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সকলো সময়তে তামোল খায়। বিশেষকৈ ভাত খোৱাৰ পাছত মুখশুদ্ধি হিচাপে তামোল খোৱাটো অসমীয়া সমাজৰ বৈশিষ্ট্য। কিছুমান লোকৰ অনবৰতে তামোল খোৱা অভ্যাস, আনকি ৰাতি সাৰ পাই উঠি তামোল খোৱাৰ অভ্যাস বহুতো বয়সীয়াল অসমীয়া মানুহৰ আছে। বুঢ়া লোকসকলে খুন্দনা ব্যৱহাৰ কৰি মিহিকৈ খুন্দি লৈ তামোল খায়। কোনো কোনোৱে তামোল খোৱা ৰীতিটো দ্রাবিড় সংস্কৃতিৰ পৰা অহা বুলি দাবী কৰে। মহামহোপাধ্যায় পি. ভি. কানে মন্তব্য কৰে যে তামোল খোৱা অভ্যাসটো খ্রীষ্ট জন্মৰ ঠিক আগে আগে নাইবা খ্রীষ্ট জন্মৰ সময়ৰ পৰা আৰম্ভ হৈছে। সংস্কৃত সাহিত্যত, বিশেষকৈ ঋগবেদৰ পৰা আৰম্ভ কৰি ব্ৰহ্মণ, উপনিষদৰ সময়লৈ আৰু ৰামায়ণ-মহাভাৰত আদি মহাকাব্যৰ যুগলৈকে তামোলৰ ব্যৱহাৰৰ উল্লেখ ক’তো পোৱা নাযায়। সম্ভৱতঃ ভাত খোৱাৰ পাছত তামোল খোৱাৰ প্রথা প্রথমে পালি সাহিত্যতহে পোৱা যায়। স্মৃতিশাস্ত্ৰত ভাত খোৱাৰ পাছত তামোল খোৱা ৰীতিৰ উল্লেখ আছে।  উপচাৰৰ অন্যতম উপকৰণস্বৰূপে দশম শতিকাত ৰচিত কালিকা পুৰাণেই সৰ্বপ্ৰথম তামোলক গণ্য কৰিছে অসমৰ তামোল-পাণৰ বাৰীৰ সুখ্যাতি পুৰণি তাম্ৰ লিপিটো কৰা হৈছে।অসমীয়া পুৰুষ-স্ত্ৰী, ডেকা-বুঢ়া কাৰো কাৰনে তামোল খোৱাত সামাজিক বাধা-নিষেধ নাই।আনকি দাঁত নোহোৱা বুঢ়া-বুঢ়ী সকলেও খুন্দনাত খুন্দি তামোল খায়।আহোম ৰজাৰ দিনত ৰজা আৰু ডা-ডাঙৰীয়া সকলক তামোল-পাণ যতনাবলৈ তামুলী বিষয়া আছিল।সত্ৰসমূহতো গুৱাকটা বাব আছে।মোমাই তামুলীৰ বৰবৰুৱাৰ পদোন্নতিৰ ঘটনাৰপৰা আহোম ৰজা সকলে তামোল-পাণৰ বাৰী পতাত কিমান গুৰুত্ব আৰুউৎসাহ দিছিল বুজিব পাৰি।বাৰীত তামোল-পাণ ৰোৱা অসমীয়া গাৱঁলীয়া মানুহৰ ধৰাবন্ধা ৰীতি।অসমীয়া মানুহৰ প্ৰিয় কথা এফাকি মন কৰিবলগীয়া,"আগফাল শুৱনি কাকিনী তামোল পাছফাল শুৱনি পাণ"তামোল ৰুৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাক পুৰুষৰ অলেখ অমূল্য বচন আছে।আমাৰ ধৰ্ম-অনুষ্ঠান আৰু সামাজিক উৎসৱত তামোল-পাণ বাগুৱা-পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।পূজাৰ নৈবেদ্যত তামোল-পাণ অপৰিহাৰ্য উপচাৰ।গুৰু-গোসাঁইলৈ বা সদৌ-ৰাইজলৈ তামোলৰ শৰাই আগবঢ়োৱা হয়।উৎসৱ অনুষ্ঠানত অথবা অপায় অমঙ্গলৰ সময়ত গুৰুঘৰলৈ,নামঘৰলৈ,দেৱতা বা অপদেৱতালৈ গুৱা পাণ আগবঢ়োৱা হয়।আলহী অতিথিক সৰ্বপ্ৰথম তামোল-পাণ দি অভ্যৰ্থনা কৰা হয়।তামোল খনৰ যোগেদি গুৰুৰ আশীৰ্বাদ লাভ কৰা হয়; তামোলৰ আদান প্ৰদানত বন্ধুত্বৰ স্থাপন হয়। ৰাজহুৱা দায় জগৰত পৰিলেও তামোল-পাণৰ দণ্ড এভাগ দি দোষ খণ্ডন কৰিব পাৰি।বিবাহৰ নিমন্ত্ৰণ কাৰ্য্যতো তামোল-পাণৰ প্ৰয়োজন হয়। তামোল পাণ থুৰিওৱা আদি কাৰ্য্যৰ মাজেদি তিৰোতাৰ কল সুলভ মনৰ পৰিচয় পোৱা যায়।বিয়াৰ ভালেমান ক্ৰিয়া কাৰ্য্যত তামোলৰ ব্যৱহাৰ মন কৰিবলগীয়া।বিয়াৰ কেইদিনা দৰা-কন্যাই এযোৰ পাণ তামোল আৰু এখন কটাৰী লগত ৰাখিব লাগে।বিবাহ অনুষ্ঠান শেষ হলে দৰা-কন্যাই এই তামোল-কটাৰী সলনা-সলনি কৰে।  দৈয়ন দিওতেও পাণৰ প্ৰয়োজন। বিয়াৰ দিনা পুৱা ছোৱালীক শোৱা কোঠাৰ দুৱাৰদলিত পিৰা এখন পাৰি বহুওৱা হয়।কন্যাৰ মাক বা আন কোনো সমন্ধীয় তিৰোতাই দুখন হাতত দুখন পাণ লৈ কন্যাৰ সমুখত আঠু কাঢ়ে;পাণ দুখন দৈ গাখীৰত জুবুৰিয়াই কন্যাৰ গাল,বাহু, ভৰিত সানি দিয়ে।কোনো কোনো অঞ্চলত বিবাহৰ সপ্তপদি গমনত দৰা কন্যাই সাতখিলা পাণ গছকাৰ বিধি আছে।আহোমৰ চকলং বিবাহ পদ্ধতিত তামোল পাণৰ প্ৰয়োজনৰ বিষয়ে বুৰঞ্জীত আছে-সোণৰ বাটি এটা ভৰাই দৈ,এঁৱা গাখীৰ, মৌ,চেনী,ঘিঁউ মিহলোৱা পঞ্চামৃত এবাটি আনি ৰজাৰ ওচৰত দিব।তাৰেপৰা আঙ্গুলি লগাই আনি মুখলৈ টোৱাঁই সুঙী পেলাই খৰিকা লৈ মুখে পানী লৈ তামোল চোবাব।এইদৰে ২১খন থুৰীয়া তামোল চোবাই পলাব পায়। 


অসমীয়া সমাজত তামোলৰ ব্যৱহাৰ:

খ্রীষ্টীয় দ্বাদশ শতিকাত ৰচিত কালিকা পুৰাণত পোন প্রথমবাৰৰ বাবে ধর্মীয় দক্ষিণা হিচাপে তামোল-পাণ দিয়াৰ উল্লেখ আছে। প্ৰাগজ্যোতিষপুৰ নগৰখন ৰজা বলবর্মনে তামোল-পাণৰ গছ ৰুই সজোৱা বুলি বর্ণনা আছে। সপ্তম শতিকাত পোৱা শিলালিপিতো লৌহিত্যৰ পাৰত তামোল-পাণৰ থকাৰ উল্লেখ আছে। জনশ্রুতি মতে, তামোল-পাণেৰে আগুৰি থকা বাবেই প্রাগজ্যোতিষপুৰৰ নাম পাছলৈ গুৱাহাটী (গুৱা= তামোল) হয়।


অসমত তামোল-পাণৰ লগত জড়িত ৰীতি নীতিসমূহ:

অসমত তামোল খোৱা ৰীতি বহুলভাৱে প্ৰচলিত আছিল বুলি যোগিনী তন্ত্রৰ এটি শ্লোকত আছে। আন খাদ্যদ্রব্য একেলগে খোৱাত বাধা-নিষেধ থাকিলেও তামোল খোৱাৰ ক্ষেত্ৰত এনে ধৰণৰ বাধা নাই। পুৰুষ-মহিলা উভয়ে, সকলো বয়সৰ ব্যক্তিয়ে একেলগে তামোল খোৱাত কোনো সামাজিক বাধা নাই। আহোমৰ দিনত ৰজা বা ডা-ডাঙৰীয়াসকলক তামোল যোগান ধৰিবলৈ এজন সুকীয়া বিষয়া ৰখা হৈছিল, যাৰ উপাধি আছিল তামুলী। আনকি সত্ৰসমূহতো ‘গুৱাকটা’ নামৰ এটি বাবা আছিল। আহোম ৰজাসকলে তামোল-পাণৰ খেতিত বিশেষ গুৰুত্ব দিছিল আৰু এই ক্ষেত্ৰত পাৰদৰ্শিতা প্রদর্শন কৰা বিষয়াক তামুলী ফুকনৰ পৰা বৰবৰুৱালৈ পদোন্নতি দিয়াৰ কাহিনী পোৱা যায়।


ধর্মীয় ৰীতি-নীতি আৰু অনুষ্ঠানত তামোল:

ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানসমূহত গুৱা-পাণ বা তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সমাজত অপৰিহার্য। তামোল-পাণ আগবঢ়াইহে যিকোনো ধর্মীয় বা সামাজিক অনুষ্ঠান আৰম্ভ কৰা হয়। আনকি আলহী-অতিথিকো প্রথমে গুৱা-পাণেৰেহে অভ্যর্থনা কৰা হয়। তামোল-পাণৰ শৰাই আগবঢ়োৱাটো অতি সন্মানৰ চিন। গুৰুৱে শিষ্যক অথবা ৰজাই প্রজাক তামোল-পাণ যঁচা মানে বুজিব লাগিব যে তেওঁলোকে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সামাজিক বিচাৰৰ ক্ষেত্ৰতো দুয়োপক্ষই সমাজলৈ তামোল-পাণৰ শৰাই আগবঢ়োৱা মানেই হ’ল দুয়োপক্ষৰ মাজত মিত-মাত হোৱা কার্য।


মাংগলিক অনুষ্ঠানত তামোল-পাণ

প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত:

প্রেম আৰু বিবাহৰ ক্ষেত্ৰত তামোল-পাণে বিশেষ তাৎপর্য বহন কৰি আহিছে। তামোল-পাণে ডেকা গাভৰুৰ হিয়াৰ আদান-প্রদানৰ মাধ্যম হিচাপে কাম কৰে। তামোলে আনকি ডেকাৰ অন্তৰৰ বেদনাও প্রকাশ কৰে।

‘লোকলৈ চুপতি কৰা নাই লাহৰি

মনত কথাষাৰ আহে,

তামোল হোৱা হ’লে ফালি যেন দেখুৱাম

ভিতৰত কি কথা আছে।‘


অসমীয়া সংস্কৃতিৰ অন্যতম লোকগীত-বিহুগীতসমূহত বহুল অংশত তামোলক প্রেম-ভালপোৱাৰ প্রতীক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।


বিবাহ অনুষ্ঠানত সম্পূৰ্ণ তামোলৰ ঠোক

বিয়া-বাৰুৰ ক্ষেত্ৰত:

তামোল-পাণে বিয়াৰ নিমন্ত্ৰণী পত্ৰ হিচাপে কাম কৰে। যদিও নগৰ-চহৰসমূহত এই ৰীতি কমি আহিছে, তথাপি জ্যেষ্ঠজনক বা সন্মানীয়জনক তামোল-পাণ এযোৰ আগবঢ়াইহে নিমন্ত্রণ জনোৱা হয়। বিবাহ কাৰ্যৰ লগত জড়িত আন আন ৰীতি-নীতি, যেনে— জোৰণৰ দিনৰ পৰা বিবাহ কাৰ্য পৰ্যন্ত আৰু তৎপৰৱৰ্তী কাৰ্যসমূহতো তামোল-পাণৰ ব্যৱহাৰ অপৰিহার্য। জোৰণৰ দিনাৰ পৰা বিবাহ কার্য সমাপন নোহোৱালৈকে দৰা-কইনাই তামোল-পাণ এযোৰ লগত ৰখাটো বাধ্যতামূলক। বিয়াৰ লগত জড়িত দৈয়ন দিয়া অনুষ্ঠানতো বিয়াৰ দিনা ঢলপুৱাতে দৰা-কইনাক বিচনাৰ পৰা আনি দুৱাৰডলিত বহুৱাই মাক, বায়েক আৰু অন্যান্য সম্পর্কীয় মহিলাসকলে দুয়োহাতে পাণ দুখিলাৰে দৈ লৈ মুখ, বাহু, ভৰি আদিত লগাই দিয়াৰ প্রথা চলি আহিছে। আনকি বিবাহ কার্যত কইনাক পাণ গছকাই পিতৃৰ গোত্র ত্যাগ কৰি স্বামীৰ গোত্র গ্রহণ কৰোৱা হয়। অসমৰ কিছুমান ঠাইত পাণ ছিঙি দৰা-কইনাৰ বিবাহ বিচ্ছেদ ঘটোৱা প্রথা প্রচলিত।


দৰৱ আৰু মন্ত্র বিচাপে তামোল-পাণৰ ব্যৱহাৰ:

অসমৰ বহুতো বন দৰৱত তামোল-পাণ আৱশ্যকীয় উপাদান। অসমৰ বেজ, কবিৰাজ সকলে পেটৰ বিষ, দাঁতৰ বিষ আদিত তামোল উপকাৰী বুলি গণ্য কৰিছিল। তামোলৰ পিক গৰুৰ ছাল আৰু চকুৰ বেমাৰৰ দৰৱ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তামোল-পাণে হজম শক্তি বঢ়ায় বাবে মুখশুদ্ধি হিচাপে ব্যৱহাৰ কৰা হয়। তামোল-পাণে মুখৰ দুর্গন্ধ আঁতৰোৱাতো সহায় কৰে। তামোল-পাণৰ অলৌকিক গুণ থকা বুলি ধৰা হৈছে। তামোলেৰে মন্ত্ৰ কৰাকে ‘আহুদি’ কৰা বুলি কোৱা হৈছিল। গিৰীয়েকে ঘৈণীয়েকক আৰু ঘৈণীয়েকে গিৰীয়েকক বশ কৰিবলৈ তামোল-পাণত মন্ত্ৰ কৰা হৈছিল। এইটোও বিশ্বাস কৰা হৈছিল যে চূণেৰে সৈতে তামোল-পাণ কোনো জলচৰ প্ৰাণীৰ মুখত লগাই সেই তামোল-পাণ গিৰীয়েকক বা ঘৈণীয়েকক খুৱালে ইজন আনজনৰ বশ হয়। কালিকা মন্ত্র মাতি চোবোৱা তামোলখন যদি কাৰোবাৰ ঘৰৰ চাৰিসীমাৰ ভিতৰত পেলোৱা হয়, তেনেহ’লে গৃহস্থৰ টোপনি নহা বেমাৰ হয়।


অসমত তামোল খোৱা প্রথা:

অসমত সাধাৰণতে কেঁচা তামোল আৰু বুঢ়া তামোল চূণ আৰু পাণেৰে খোৱা হয়। পুৰণি কালত তামোল খাবৰ বাবে বিশেষ এজাতি শামুক পুৰি চূণ তৈয়াৰ কৰা হৈছিল। পুৰণি অসমীয়া সাহিত্যত কৰ্পূৰেৰে তামোল খোৱাৰ উল্লেখ আছে। কোনো কোনো ঠাইত বিশেষ প্রকাৰে ধঁপাত তৈয়াৰ কৰি তামোলৰ লগত খোৱা হয়। বানৰ হর্ষচৰিত আৰু মুছলমান বুৰঞ্জীবিদসকলৰ টোকাতো অসমীয়া মানুহৰ তামোল-পাণৰ ব্যৱহাৰৰ উল্লেখ আছে। অসমীয়া মানুহে বিবাহ আদি শুভ অনুষ্ঠানত বিশেষভাৱে সন্মান প্রদর্শন কৰি থুৰীয়া তামোল আগবঢ়ায়। থুৰীয়া তামোল হ’ল এখিলা পাণৰ আধা ভাগত তামোল এখন ভৰাই কৰা শংকু আকৃতিৰ ৰূপটো। সাধাৰণতে থুৰীয়া তামোল খাবলৈ ব্যৱহাৰ কৰা নহয়। অকল উৎসৱ-পার্বণ আদিতহে ব্যৱহাৰ কৰা হয়। পাণ খাওঁতে পাণখিলাৰ আগ-গুৰি আৰু ওপৰৰ সিৰডাল কাটি পেলাইহে খোৱা হয়।

পাণৰ লগত কিছুমান জনবিশ্বাস জড়িত হৈ আছে। উদাহৰণ স্বৰূপে, পাণৰ সিৰ খালে মানুহ মুৰ্খ হয়। দুজন মানুহে হাতে হাতে পাণ ছিঙিব নেপায়, তেনে কৰিলে মানুহ দুজনৰ মাজত কাজিয়া লাগে। ভাত খাই উঠিয়েই পাণৰ গছৰ পৰা পাণ ছিঙিব নেপায়, তেনে কৰিলে পাণ গছ মৰি যায়। সন্মানীয় বা জ্যেষ্ঠজনক হাতে হাতে তামোল দিয়া নহয়, বটা বা শৰাইতহে তামোল-পাণ খাবলৈ আগবঢ়াই দিয়া হয়।     তামোল পাণ গাৱলীয়া দৰৱ জাতিৰ অন্যতম উপাদান।অসমীয়া নিদানমতে তামোল খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়।গৰু ম'হৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়।তামোল পাণৰ অলৌকিক শক্তিত বিশ্বাস কৰি ইয়াক মন্ত্ৰত ব্যৱহাৰ কৰা হয়।তামোল গাঁততপুতি ভৱিষ্যতলৈ সচা‍ঁৰ নিয়মটোও অসমীয়াৰ নিজা।গুৰু ঘৰলৈ ঠোক তামোল আগবঢ়োৱা প্ৰথা আজিও আমাৰ দেশত প্ৰচলিত।সংস্কৃত সাহিত্যত কপূৰ,কংকাল, লৱঙ্গ জাতিফলৰ লগত মিহলাই তামোল খোৱাৰ নিয়ম বুলি কোৱা হৈছে।এই আটাইকেইটা মিলি হৈছে 'পঞ্চসুগন্ধিকম'।

     সাধাৰণতে পাণত চূণ সানিহে খোৱাৰ নিয়ম। পাণ চূণৰ অভেদ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়াত বহু প্ৰৱাদৰো সৃষ্টি হৈছে।অৱশ্যে, পূজা নৈৱেদ্যত আগবঢ়োৱা তামোল পাণত চূণ সনা নহয়।তামোল ,পাণ ,চূণ,আৰু ধপাত এই চাৰিওবিধ মিলিলেহে তামোল খন সম্পূৰ্ণ হয় ।সাধাৰণতে অসমীয়া মানুহে নুথুৰিওৱা তামোল খায়। থুৰিওৱা তামোল উৎসৱ অনুষ্ঠান আৰু গুৰু গোঁসাইৰ ঘৰতহে খোৱা হয়। তামোল পাণ আগবঢ়োৱা বিশেষ সা সৰঞ্জামৰ প্ৰচলনো মন কৰিবলগীয়া।এইবোৰৰ ভিতৰত পাণ বটা, শৰাই মুখ্য।তামোলৰ সাঁচতি,তামোলৰ জোলোঙা,তামোলৰ কটাৰী, খুন্দনা তামোল খোৱা প্ৰথাৰ লগত সম্বন্ধ থকা অন্যান্য সামগ্ৰী।

     লোক-কথা অনুসৰি তামোল আৰু পাণৰ জন্মকাহিনীও কিছু পৰিমাণে অপৰিষ্কাৰ। ভগ‌ৱান শ্ৰীকৃষ্ণই হেনো এদিন গোপনে বিজেতা নামৰ এক নাৰীৰ ঘৰলৈ গৈ পৰকীয়া প্ৰেমত মচগুল হৈছিল। হেন সময়ত তাত ৰাধা আহি আকস্মাৎ উপস্থিত হো‌ৱা বুলি গম পাই ধৰা পৰাৰ ভয়ত শ্ৰীকৃষ্ণই তামোল গছৰ ৰূপ লৈ নিজকে লুকু‌ৱাই পেলাইছিল। একেটা ভয়তে বিজেতাইও শ্ৰীকৃষ্ণৰ গাত পাণৰ ৰূপ লৈ মেৰিয়াই ধৰিছিল। লোক কথাৰ এই আখ্যানে তামোলৰ উৎপত্তিৰ আঁৰত কৃষ্ণ আৰু বিজেতাৰ এক অপৰিষ্কাৰ সম্পৰ্কৰ কথা মনলৈ আনে। সময়ত তামোলগছ পৰিষ্কাৰ-পৰিচ্ছন্ন বৈকুণ্ঠৰ বাসিন্দা আৰু তামোল গছৰ ফলবিলাক দেৱভোগ্য সম্পদ হৈ পৰিছিল। পিছে, সঘনাই বৈকুণ্ঠ ভ্ৰমণত যোৱা নাৰদ মুণিয়ে এবাৰ বৈকুণ্ঠত এই ফলৰ সোৱাদ পাই বোলে তাৰে এটা নিজৰ গুহ্যপথত লুকুৱাই মনে মনে মৰ্ত্যলৈ লৈ আহিছিল। আজি পৃথিৱীত পোৱা তামোলৰ গছ বা ফলবিলাক নাৰদমুণিৰ অপৰিচ্ছন্ন অংগৰে কঢ়িওৱা অপৰিষ্কাৰ কাৰ্যৰে সুফল আৰু সুবিধা পালে ই এতিয়াও নাৰদ মুণিৰ গুহ‌্যদ্বাৰৰ সদৃষ দুৰ্গন্ধ বিয়পায় বুলি কো‌ৱা হয়।

পৰীক্ষাগাৰত কৰা অধ্যয়নৰ জৰিয়তে পোৱা তথ্য অনুসৰি, তামোলত সাধাৰণতে পোৱা সক্ৰিয় ৰসায়নিক উপাদান সমূহৰ ভিতৰত এৰিকাইডাইন (Arecaidine), এৰিকেইণ (Arecaine), গুভাচাইন (Guvacine) আদি এলকালয়ড আৰু আৰু কেইবিধমান ক্ল’ৰাইড লৱণেই মূল। তেনেদৰে, পাণত ছেভিকল (Chavicol), এলাইল পাইৰ’কেথেকল (Allyl pyrocathechol), ছেভিবিটল (Chavibetol), ইউগেনল (Eugenol) আৰু কেডিনিন (Cadinene) থাকে। আকৌ, চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) আৰু মানুহৰ লালটিৰ সংস্পৰ্শলৈ আহিলে তামোলে এক ৰসায়নিক বিক্ৰিয়াৰ জৰিয়তে এৰিক’লিন (Arecoline) নামৰ উদ্বায়ী পদাৰ্থৰ সৃষ্টি কৰে। এই এৰিক’লিনে মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ (Central Nervous System)ৰ বাবে এক মৃদু উত্তেজক হিচাবে কাম কৰে। এৰিক’লিন আৰু পাণত থকা ইউগেনলৰ মানুহৰ ৰক্তবাহী নলীসমূহক সংকুচিত কৰাৰ ক্ষমতা আছে। সেয়েহে, ইয়াৰ সেৱনে মানুহৰ শ্বাস-প্ৰশ্বাসৰ গতি কিছু পৰিমাণে দ্ৰুততৰ কৰি তোলে আৰু সামান্য পৰিমাণে শৰীৰৰ উষ্ণতাও বৃদ্ধি কৰে। তামোলৰ লগত যোগ কৰা ধপাতত নিক’টিন নামৰ আন এক নিচাযুক্ত দ্ৰব্য থাকে। উল্লেখযোগ্য যে, তামোলৰ পিকৰ বিশিষ্ট ৰঙা ৰঙৰ বাবে ওপৰোক্ত সকলোবিধৰ ৰসায়নিক পদাৰ্থই কম-বেছি পৰিমাণে দায়ী। 

তামোলৰ কঠিন টুকুৰাই বা পাণৰ লগত ব্যৱহাৰ কৰা চূণৰ আধিক্যই মূখৰ ভিতৰত মাজে-সময়ে ঘাঁ লগোৱাটো সাধাৰণ ঘটনা। কিছুমান তামোলে সেৱনকাৰীৰ মূৰঘূৰণি, চৰ্চৰণি, তৃষ্ণাবৰ্ধণ আদি সাময়িক সমস্যাৰ সৃষ্টি কৰে। বিজ্ঞানসন্মত অধ্যয়নৰ মতে তামোল-পাণৰ সেৱন মানুহৰ বাবে কেন্সাৰৰ কাৰক (Carcinogenic) হ’ব পাৰে। দীৰ্ঘদিন ধৰি তামোল সেৱন কৰা লোকৰ মুখগহবৰ, দাঁতৰ আলু, ফেৰিংছ, ইছ’ফেগাছ আৰু পাকস্থলীকে ধৰি খাদ্যনলীৰ বিভিন্ন অংশত কেন্সাৰ ৰোগ হোৱাৰ আশংকা অধিক। বিশুদ্ধ তামোল-পাণতকৈ তাৰ সৈতে ব্যৱহাৰ কৰা অন্যান্য অনুপান সামগ্ৰীবিলাকে (Additives) এনে আশংকা আৰু অধিক কৰি তোলে। ইয়াৰ উপৰিও তামোল-পাণৰ অত্যাধিক সেৱনে উচ্চ-ৰক্তচাপ, মধুমেহ, হাপানী, হাওঁফাওঁ আৰু শ্লেষ্মাজনিত অসুখ, প্ৰষ্টেটৰ সমস্যা আদি বিভিন্ন ধৰণৰ ৰোগৰো সৃষ্টি কৰিব পাৰে। কোনো কোনো ক্ষেত্ৰত তামোল-পাণৰ অত্যাধিক সেৱনে মানসিক ভাৰসাম্য নষ্ট কৰাৰ প্ৰমাণো পোৱা গৈছে। তামোলৰ প্ৰতি অত্যাধিক আসক্তি বা নিচাও তেনেধৰণৰ এক মানসিক বিসংগতি বুলি কোনো কোনোৱে ক’ব খোজে। কিছুমান অধ্যয়নত তামোল-পাণ সেৱনৰ ফলত গৰ্ভৱতী নাৰীৰ গৰ্ভনাশ, গৰ্ভকালৰ হ্ৰস্বতা, গৰ্ভস্থ শিশুৰ ওজন হ্ৰাস আদিৰ দৰে সমস্যাও দেখা পোৱা গৈছে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি তামোলে আসন্ন কৰি তোলা ভাবুকিলৈ লক্ষ্য ৰাখি কোনো কোনো ব্যক্তি বা নিকায়ে তেওঁলোকৰ চৌহদত তামোল-পাণৰ সেৱন নিষিদ্ধ কৰি জাননী জাৰী কৰে। তামোলত পোৱা মূখ্য ৰসায়নিক উপাদান, এৰিক’লিনক অষ্ট্ৰেলিয়াত এবিধ চতুৰ্থ অনুসূচীৰ বিষাক্ত পদাৰ্থ (Schedule 4 Poison) বুলি গণ্য কৰা হয়, যাক ডাক্তৰী পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰাটো আইনগতভাবে নিষিদ্ধ। কিন্তু অতীজৰ পৰা পৃথিৱীৰ বহুতো স্থানত বিভিন্ন সভ্যতা-সংস্কৃতিৰ লগত জড়িত হৈ আজিলৈ তামোলে যি জনপ্ৰিয়তা অৰ্জন কৰিছে, তালৈ চালে জনস্বাস্থ্য বা পৰিচ্ছন্নতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা তামোলক সম্পূৰ্ণকৈ নিষিদ্ধ কৰাটো একপ্ৰকাৰ অসম্ভৱ কথা যেনেই লাগে। তামোলৰ এই জনপ্ৰিয়তাই ইয়াক বহুতো দেশৰ সমাজনীতি আৰু অৰ্থনীতিৰ লগত ওতঃপ্ৰোতভাবে জড়িত কৰি পেলাইছে। তামোলৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতেই এখন শীৰ্ষস্থানীয় দেশ। ভাৰতত প্ৰায় ২.৬৪ লাখ হেক্টৰ ভূমিত তামোলৰ খেতি আছে আৰু দেশখনে প্ৰতিবছৰে গঢ়ে ৩.৩ লাখ টন তামোল উৎপাদন কৰে। ইয়াৰে প্ৰায় ৭২% উৎপাদন কেৱল কেৰালা আৰু কৰ্ণাতকতেই হয়। ভাৰতৰ ৬ নিযুততকৈও অধিক লোক তামোলৰ ব্যৱসায়ৰ লগত জড়িত। কেৱল তামোল বা পাণ হিচাবেই নহয়, বিভিন্ন ব্যৱসায়িক বুদ্ধিৰে তামোলক বিভিন্ন ধৰণেৰে সংসাধন (Processing) কৰি অন্য কিছুমান অপৰম্পৰাগত ৰূপত বজাৰত মুকলি কৰি দিও ব্যৱসায়িকভাবে সফলতা লাভ কৰা হৈছে।তামোল আৰু পাণৰ সংসাধিত (Processed) ৰূপসমূহৰ ভিতৰত চুপাৰী, মিঠা বা জৰ্দ্দা পাণ, মিঠা চুপাৰী, গুটখা আদি ভাৰতত বেছ জনপ্ৰিয়। অবশ্যে গুটখাৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে অতিপাত ক্ষতিকৰ বুলি প্ৰমাণ হোৱাৰ পিছত অসমকে ধৰি ভাৰতৰ প্ৰায় ২৪ খনমান ৰাজ্যত গুটখাৰ সেৱন আৰু বিক্ৰী ইতিমধ্যে নিষিদ্ধ কৰা হৈছে। বেনাৰসী পাণৰ চাহিদা আৰু জনপ্ৰিয়তাৰ বাবে ইয়াক দেশৰ বাহিৰলৈকো ৰপ্তানি কৰা হয়। মেঘালয়ৰ গুৱামুৰি ৰাজ্যখনলৈ অহা পৰ্যটকসকলৰ বাবে অন্য এক আকৰ্ষণৰ বস্তু। মানুহৰ উপৰিও কেৰ্কটুৱা, বান্দৰ, বাদুলি আদিৰ বাবে তামোল বা তামোলৰ মাণিক এক উপাদেয় আৰু মূখ্য খাদ্য। পৰুৱা, টোকোৰা চৰাই আদি বিভিন্ন জীৱ-জন্তুৰ উপৰিও তামোল গছে মানুহৰ বাবে অতি মূল্যবান কপৌফুল, পাণ বা জালুকৰ দৰে প্ৰয়োজনীয় উদ্ভিদকো জীৱনৰ বাবে আশ্ৰয় প্ৰদান কৰে।

      অসমৰ বিভিন্ন জাতি আৰু গোষ্ঠীৰ মাজতো তামোলৰ ব্যৱহাৰ এটি সাধাৰণ ৰীতি। অসমীয়া সমাজ আৰু সংস্কৃতিত তামোলে এটি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। এতিয়াও দূৰ ভ্ৰমণলৈ যাবলৈ ওলোৱাজনে তামোল এটোপোলা লৈ ওলায়। ই ভ্ৰমণৰ ক্লান্তি আঁতৰায়, লগতে সহযাত্রীৰ লগত সম্পর্ক অতি কম সময়ৰ ভিতৰত মধুৰ কৰাটো বিশেষভাৱে সহায় কৰে। বর্তমান সময়তো ৰাস্তাই-ঘাটে হঠাতে পৰিচিত মানুহক লগ পালে ওচৰৰ পাণ দোকানলৈ লৈ গৈ তামোল এখন যঁচাটো অসমীয়া মানুহৰ এক প্ৰকাৰৰ সৌজন্য। সময়ৰ লগে লগে মিঠাপাণ, জৰ্দাপাণৰ প্ৰভাৱত তামোলৰ প্ৰাধান্য কিছু কমিছে যদিও তামোলে অসমীয়া সমাজ আৰু সংস্কৃতিত এক অপৰিহাৰ্য আৰু বিশিষ্ট স্থান গ্রহণ কৰি আছে। তামোল পাণ ৰ ব্যৱহাৰে অসমীয়া সমাজত এটা নিটোল স্থান অধিকাৰ কৰি আহিছে আৰু অসমীয়া সমাজে ইয়াক জীয়াই ৰাখিছে।।



Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages