বিশ্বাস, আস্থা আদিৰ কথাৰেঃ
মিনাক্ষী শইকীয়া বৰা
মানুহক বিশ্বাস কৰাৰ পৰাই সম্ভাৱনীয়তাৰ জন্ম হয়। অভিজ্ঞতাৰ কষটি শিলত গঢ়ি উঠে সঁচা সম্বন্ধবোৰ, সঁচা বিশ্বাসবোৰ! "বিশ্বাস" জন্মাব পৰাটোহে আচল কথা। আচলতে বিশ্বাস, আস্থা আদি কথাবোৰ এটি এটি শব্দ নহয়। ই হৈছে প্ৰিয়জনক অনন্ত দিনৰ বাবে দিব পৰা একোখনি ভৰসাৰ আকাশ।
ডিজিটেল পৃথিৱীত হাঁহিবোৰ বৈ নাথাকে। নাথাকে দুটোপাল চকুলোৰ মূল্য। নাথাকে অনুভৱৰ তৰংগ, যাৰ বাবে আমি পলকতে ভুগো সম্পৰ্কহীনতাত। বৈষয়িক সুখ, ভোগৰ টনা আঁজোৰাত পাহৰি পেলাও আপোন মানুহৰ অস্তিত্ব। তথাপিও সংকটকালত আমি প্ৰত্যেকেই আঁজলি পাতি লওঁ তেওঁলোকৰ সৰল বিশ্বাসবোৰক।
সেউজীয়া ধাননি কঁপাই যোৱা পুৱাৰ শান্ত সমাহিত মলয়াজাকে, শুধ বগা বগলীৰ জাকে, নিজৰাৰ কুলু, কুলু ধ্বনিয়ে বৰ্ণময় কৰি তোলে আমাৰো জীৱন।
প্ৰত্যুষতে আশাৰ বতৰা কঢ়িয়াই আনে কুহুমবুলীয়া বেলিয়ে। য'ত আমি ঘূৰাই পাওঁ হেৰুৱা বিশ্বাসবোৰ জীৱন জীয়াৰ ন উদ্যমবোৰ। পৃথিৱী সেউজীয়া কৰাৰ মন্ত্ৰেৰে দীক্ষিত হোৱাৰ বাবেই মেঘে গাজনিবোৰক আঁচলেৰে বুকুত সামৰি সৰি পৰে পৃথিৱীলৈ, বহন কৰে পুৰাতন পৃথিৱীৰ চিৰন্তন আকাংক্ষা।এই যে সৰল বিশ্বাসবোৰৰ বাবেই ফুল ফুলে, প্ৰকৃতিত নহয় সেউজীয়াৰ আকাল। বিশ্বাসবোৰে ধুই নিয়ে পলকতে মনৰ বিমৰ্ষ দুখবোৰ।
এই যে বিশ্বাসভৰা শব্দবোৰে কেতিয়াবা ৰং সানে জীৱনত, আৰু কেতিয়াবা ধুমুহাৰ দৰে অবিশ্বাসৰ শব্দ হাতুৰিয়ে থনথনকৈ ভাঙে বুকুৰ ঘৰখন। সঁচা কথা, যেতিয়া আমাৰ স্বাৰ্থ শেষ হয়, তেতিয়াৰ পৰাই আৰম্ভ হয় মানৱীয়তা।
এই খিনিতে এটা কাহিনী মনত পৰিছে। এদিনাখন এগৰাকী যুৱতীয়ে তাইৰ বন্ধুৰ সৈতে ৰাস্তাৰে গৈ থাকোতে পিছফালৰ পৰা কোনোবাই কিবা দলিয়াই দিয়া যেন ভাবি ঘূৰি চাই দেখিলে এজন জোৱানক। অলপ দূৰ আহি যুৱতী গৰাকীয়ে নিজৰ পাৰ্চত থকা টকাখিনি নাপায় জোৱান জনকে সন্দেহ কৰিলে। ইতিমধ্যে জোৱানজনে সেই ঠাই পৰিত্যাগ কৰিছিল। অৱশেষত যুৱতী গৰাকীৰ সন্দেহক নস্যাৎ কৰি জোৱানজনে খেদি, খেদি গৈ এটা চোৰৰ হাতৰ পৰা টকাখিনি উদ্ধাৰ কৰি যুৱতী গৰাকীক সকলো বিবৰি ক'লে আৰু অসৎ কাম কৰা ল'ৰাজনে (চোৰজনৰ) মাকৰ চিকিৎসাৰ বাবে তেনে কাম কৰা বুলি জানি জোৱানজনে নিজৰ পকেটৰ টকা অলপমান সহায়ৰ চিন হিচাপে তাৰ হাতত গুজি আহিল।
উক্ত কাহিনীটোৱে নিশ্চয় প্ৰমাণ কৰে যে চকুৰে দেখাবোৰো কেতিয়াবা সত্য হৈ নুঠিব পাৰে। জ্ঞানীলোকে সেয়ে কয়, দেখা শুনা কথাৰো ল'বা তিনিটা প্ৰমাণ "! বন্ধুত্ব গঢ়াৰো আদি পাঠ আমি ইজনে সিজনৰ দুচকুত থাপিব পৰা এই সৰল বিশ্বাসবোৰ। আনহাতে আত্ম বিশ্বাস হ'ল জীৱনৰ উন্নতিৰ মূল চালিকাশক্তি। বহুজনে যাতনাত জুৰুলি জুপুৰি হৈও মনত, প্ৰাণত থকা আত্ম বিশ্বাসৰ বাবেই সফল হয় জীৱন যুঁজত, হাৰি, হাৰি জিকি যায় জীৱন বাটত।
উপসংহাৰঃ আজিৰ তথাকথিত কংক্ৰিটৰ পৃথিৱীত অপমৃত্যু হ'ব পাৰে সৰল বিশ্বাসবোৰৰ। আত্ম কেন্দ্ৰীক বা মাৰলীয়ে চানি ধৰিব পাৰে মন মগজুক। তথাপিও আমি আশাবাদী। এই যে মানুহে, মানুহৰ ওপৰত থাপিব পৰা যি সৰল বিশ্বাস, আস্থা, শুভবোধ, তাতেই লুকাই আছে প্ৰকৃত মানুহ হোৱাৰো গৌৰৱ!
সেয়ে, আহক আমি সময় থাকোতেই অলপ সততাৰে, অলপ সহৃদয়তাৰে বুটলি লওঁ আপোন মানুহৰ মাজৰ পৰা হেৰাই যাব খোজা সৰল বিশ্বাস আৰু আস্থাবোৰ! প্ৰাৰ্থনা কৰো প্ৰতিটো বিশ্বাস আৰু আস্থাৰে গঢ়া পোহৰময় দিনৰ বাবে। নিশ্চয় এদিন অবিশ্বাসৰ তমসা আতৰিব আমাৰ মনৰ পৰা। প্ৰতিটো সূৰ্যাস্তৰ পাছতে সূৰ্যোদয়ৰ প্ৰতিশ্ৰুতি লুকাই থকাৰ দৰেই!
ফোনঃ ৭০০২২৩৭৪৫৫
No comments:
Post a Comment